হায়দৰাবাদ :অভিনেতাৰ পৰা চলচ্চিত্ৰ নিৰ্মাতা হোৱা ৰাকেশ ৰোশনৰ পুত্ৰ হৃত্বিক ৰোশনে তেওঁৰ নামত এটা অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । হৃত্বিক ৰোশন বৰ্তমান ভাৰতৰ আটাইতকৈ ধনী ‘তাৰকা সন্তান’ । তেওঁ চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰষ্টাৰ ছলমান খান, আমিৰ খানক এই তালিকাত পিছ পেলাইছে ।
এক প্ৰতিবেদন অনুসৰি হৃত্বিক ৰোশনৰ সম্পত্তিৰ পৰিমাণ ৩১০০ কোটি টকা (৩৭ কোটি ডলাৰৰ অধিক), যাৰ ফলত তেওঁ ৰাম চৰণ (১৩৪০ কোটি), ছৈফ আলী খান (১২০০ কোটি), আলিয়া ভাট (৫৫০ কোটি), জুনিয়ৰ এন টি আৰ (৫০০ কোটি), অভিষেক বচ্চন, ৰণবীৰ কাপুৰ (৪০০ কোটি), আনকি প্ৰভাসৰ (৩০০ কোটি) দৰে বিখ্যাত তাৰকাতকৈয়ো আগবাঢ়ি আছে ।
দৰাচলতে হৃত্বিকৰ এই স্তম্ভিত নেট ৱৰ্থে আনকি দেশৰ একাংশ শীৰ্ষ তাৰকাৰ নেট ৱৰ্থকো অতিক্ৰম কৰিছে । ইয়াৰ ভিতৰত আমিৰ খান (১৮০০ কোটি), ৰজনীকান্ত (৪০০ কোটি) আৰু ছলমান খান (২৯০০ কোটি)ৰ নামো আছে ।
ভাৰতৰ জনপ্ৰিয় ষ্টাৰ কিডছৰ নেট ৱৰ্থ
- হৃত্বিক ৰোশন (৩১০০ কোটি টকা)
- ছলমান খান (২৯০০ কোটি)
- আমিৰ খান (১৮০০ কোটি)
- ছৈফ আলী খান (১২০০ কোটি)
- আলিয়া ভাট (৫৫০ কোটি)
- ৰণবীৰ কাপুৰ (৪০০ কোটি)
- অভিষেক বচ্চন (৪০০ কোটি)
হৃত্বিক ৰোশনৰ নেট ৱৰ্থ