গুৱাহাটী, 17 ছেপ্টেম্বৰ :কামৰূপলৈ আকৌ আহি আছে ‘পৃথু’ । 1200 খ্ৰীষ্টাব্দৰ পৰা 1230 খ্ৰীষ্টাব্দলৈকে তিনিবাৰকৈ কামৰূপৰ মাটিত খিলিজী সেনাক প্ৰত্যাহ্বান জনাই পৰাভূত কৰি কামৰূপক বচোৱা বীৰ ‘পৃথু’ৰ কাহিনী সকলোৰে অৱগত নহয় ৷ কিয়নো কামৰূপৰ বুৰঞ্জী বেছিকৈ উপলব্ধ নহয় ৷ পিছে ভাল কথাটো এয়া যে মানুহে এই বীৰজনাৰ বিষয়ে বহুত জানিব পাৰিব কিয়নো নাট ‘পৃথু’ মঞ্চস্থ হ’বলৈ গৈ আছে চলিত মাহতে ।
পোন প্ৰথমবাৰৰ বাবে বুৰঞ্জীৰ বুকুৰ এই কাহিনীৰে গ্ৰীণহাউচ প্ৰডাকশ্যনৰ বেনাৰত চলিত মাহৰ 22 ছেপ্টেম্বৰত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ হ’ব নাটখন । 22 ছেপ্টেম্বৰৰ দিনা সন্ধিয়া 6 বজাত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নাটখন মঞ্চস্থ কৰা হ’ব ।
নাটখনৰ ৰচনা হিল্লোল কুমাৰ পাঠকৰ, আনহাতে পৰিকল্পনা কুমাৰেশ দত্তৰ আৰু পৰিচালনা কুলেন্দ্ৰ ৰায়চৌধুৰীৰ । নাটখনৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালক কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে জনাই, ‘অসমীয়া জাতি আৰু জাতি সত্তাৰ চিৰ প্ৰৱাহমান সন্ত্ৰাস আৰু পৰিত্ৰাণৰ নায়ক আছিল মহাৰাজ পৃথু । ইতিহাসৰ অটল গহ্ববৰত লুকাই থকা এই বীৰ জনাৰ ত্যাগ আৰু বুদ্ধিমত্তাৰ জয় গানেৰে আমাৰ নাট্য নিবেদন "পৃথু" মঞ্চস্থ কৰাৰ বাবে প্ৰয়াস কৰা হৈছে । নাটখনৰ যোগেৰে ইতিহাসত হেৰাই যোৱা এক অধ্যায় মহাবীৰ ‘পৃথু’ৰ সন্দৰ্ভত আমি ৰাইজক বাৰ্তা প্ৰদান কৰা এক ক্ষুদ্ৰ প্ৰয়াস কৰিছো । 22 তাৰিখে সকলো নাট্যপ্ৰেমী ৰাইজ কলাক্ষেত্রলৈ আহি আমাক উৎসাহিত কৰে যেন ।’