গুৱাহাটী:অসমীয়া লোকসংস্কৃতিৰ এক অনবদ্য অংগ হৈছে জেংবিহু । অসমীয়াৰ বাপতিসাহোন বিহুৰ কেইবাটাও ভাগ আছে, তাৰে এটা অন্যতম হৈছে জেংবিহু । আঁহতৰ তলৰ পথাৰৰ বিহু আহি এটা সময়ত মঞ্চ পাইছিলহি । ১৯৫২ চনত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ৰাধা গোবিন্দ বৰুৱাৰ প্ৰচেষ্টাত লতাশিলত মঞ্চবিহুৰ আৰম্ভণি ঘটিছিল । ঠিক তেনেদৰে ১৯৭৮ চনত জেংবিহুক শান্তিছায়া ৰয়ৰ প্ৰচেষ্টাত মঞ্চলৈ অনা হৈছিল ।
লগতে তেওঁৰ প্ৰচেষ্টাতে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল সদৌ অসম ভিত্তিক জেংবিহু প্ৰতিযোগিতা । ১৯৯০ চনত প্ৰথমবাৰৰ বাবে তেওঁৰ নেতৃত্বত দূৰদৰ্শনত জেংবিহু প্ৰদৰ্শন কৰা হৈছিল । ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শান্তিছায়া ৰয়ে জনালে জেংবিহু গছৰ তলৰ পৰা মঞ্চলৈ অহা এই দীঘলীয়া যাত্ৰা প্ৰসংগত আনে নজনা বহু কথা ।
শৈশৱৰ পৰা গীত, নৃত্যৰ প্ৰতি ধাউতি থকা শান্তিছায়া ৰয় যে কেৱল বিহুৰ লগতে জড়িত তেনে নহয়, তেওঁ মঞ্চ অভিনয়, সাহিত্য আদিৰ লগতো জড়িত । অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিক, নাটক সকলোতে অভিনয় কৰাৰ লগতে তেওঁ এগৰাকী অনাতাঁৰ শিল্পী হিচাপেও পৰিচিত । অসমৰ বিশিষ্ট নাট্যকাৰ, নাট আৰু চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা দুলাল ৰয়ৰ পত্নী শান্তিছায়া ৰয় । শিৱসাগৰৰ এক সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা শান্তিছায়া ৰয়ে সৰুৰে পৰাই বিহু নাচিছিল ৷ পিছলৈ তেওঁ জেংবিহুৰ প্ৰতি আকৃষ্ট হৈ বিবাহৰ পাছত জেংবিহুৰ দল আৰম্ভ কৰে ।
কেনেদৰে গঠন হৈছিল জেংবিহুৰ দলটো ?
এই সন্দৰ্ভত তেওঁ কয়, "বিয়াৰ পাছত মৰসাহ কৰিয়ে এটা জেংবিহুৰ দল গঠন কৰিছিলো । কাৰণ মোৰ বিয়া হৈছিল নামনিলৈ । উজনিৰ তুলনাত নামনিৰ বিহু অকণমান বেলগ ধৰণৰ । তাতে জেংবিহু । কিন্তু মোৰ পৰিয়াল তথা মোৰ স্বামীৰ পৰা পোৱা সঁহাৰিত মই আগবাঢ়ি ওলাই আহিলো । মোৰ পেহী শাহু, জা, ননদৰ লগতে আৰু ওচৰৰ কেইগৰাকীমান মহিলাক একলগ কৰি এই দলটো গঠন কৰিলো ৷
১৯৭৮ চনত আমি প্ৰথমবাৰৰ বাবে পশ্চিম গুৱাহাটীৰ বিহু মঞ্চত জেংবিহু নাচিছিলো । তাৰ পাছত আমাক লতাশিল বিহুতলীলৈ নিমন্ত্ৰণ জনালে, তেনেদৰে আমি সেই বর্ষত কেইবাখনো মঞ্চত জেংবিহু প্ৰদৰ্শন কৰিলো আৰু তেতিয়াৰ পৰা এনেদৰেই ক্ৰমান্বয়ে চলি আহিছে ।"