ETV Bharat / entertainment

অৱশেষত মানুহৰ জীৱন যাত্ৰাৰ অন্ত ক’ত পৰে সেই কাহিনী লৈ দৰ্শকৰ মাজলৈ ‘গমন দ্য লাষ্ট জাৰ্ণি’ - DIRECTOR CHANDRA MUDOI NEW FILM

আগন্তুক মাহত ছবিগৃহলৈ আহি আছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈৰ পৰিচালনাৰে এখন অসমীয়া ছবি ’গমন দ্য লাষ্ট জাৰ্ণি’ ৷

National Award winning director Chandra Mudoi new film GOMON THE LAST JOURNEY
এখন অসমীয়া ছবি ’গমন দ্য লাষ্ট জাৰ্ণি’ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Feb 26, 2025, 11:14 AM IST

গুৱাহাটী : মুক্তিৰ বাবে সাজু আন এখন অসমীয়া ছবি ৷ কেইবাখনো জনপ্ৰিয় ছবি অসমবাসীক উপহাৰ হিচাপে দিয়া এগৰাকী জনপ্ৰিয় তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈৰ পৰিচালনাৰে আহি আছে আন এখন অসমীয়া ছবি, নাম ‘গমন-দ্য লাষ্ট জাৰ্ণি’ । অহা ১৪ মাৰ্চত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে ৷

এখন শ্মশানে কিদৰে আমাৰ জীৱনৰ অতীত, বৰ্তমান আৰু কাৰিকৰী আগ্ৰাসনে ক্ৰমান্বয়ে গ্ৰাস কৰি অহা ভৱিষ্যতক প্ৰতিনিধিত্ব কৰে, তাকেই উপস্থাপন কৰা হৈছে ছবিখনত । মূলত ছবিখন শ্মশানত খৰি বিক্ৰীৰ ব্যৱসায় কৰি যৌথ পৰিয়াল চলোৱা এগৰাকী সৎ তথা মানৱতাবাদী ব্যক্তিৰ ঘাট-প্ৰতিঘাটেৰে ভৰা জীৱন সংগ্ৰামৰ আধাৰত নিৰ্মাণ কৰা হৈছে ৷ বি কে ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ প্ৰযোজনা বিপুল কলিতাৰ ৷

National Award winning director Chandra Mudoi new film GOMON THE LAST JOURNEY to hit theatre on 14th march
এখন অসমীয়া ছবি ’গমন দ্য লাষ্ট জাৰ্ণি’ (Photo : ETV Bharat Assam)

আনহাতে ছবিখনৰ পৰিচালনাৰ লগতে চিত্রনাট্য আৰু সংলাপ চন্দ্ৰ মুদৈৰ ৷ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে মনীষ দাস আৰু সহকাৰী পৰিচালিকা অনুশীলা সাউদ হাজৰিকা । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা যতীন্দ্র নাথ খনিকৰে । লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে দিব্যজ্যোতি দাস, অমৃতা গগৈ, আৰতি কলিতা, চাজু আহমেদ আৰু শিশু শিল্পী শাক্ষিত ওম শর্মা আদিকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

আনহাতে ছবিখনৰ চিনেমাট'গ্রাফী নৱ কুমাৰ দাসৰ আৰু সম্পাদনাত আছে শ্যামল দাস । আবহ সংগীত চন্দ্ৰ মুদৈৰ । এখন শ্মশান, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ চিনেমেটিক কথন এই নতুন ছবিখন ইতিমধ্যে লছ এঞ্জেলছৰ ‘ছেভেন কণ্টিনেন্টেল এৱাৰ্ড ইণ্টাৰনেশ্যনেল’ চলচ্চিত্র মহোৎসৱলৈ শ্রেষ্ঠ চিনেমা শিতানত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে । চন্দ্ৰ মুদৈ পৰিচালিত ‘উজনিৰ দুজনী গাভৰু’, ‘জোন দা ইমান গুণ্ডা’, ‘বাঁকৰ পুতেক’, ’চুৰেণ চোৰৰ পুতেক’, ‘অহেতুক’ আদি দৰে এই ছবিখনকো দৰ্শকে আদৰি ল’ব বুলি এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক : জীৱনটো কিমান ক্ষন্তেকীয়া তাৰেই বাৰ্তা লৈ আহি আছে ছবি ‘গমন দ্য লাষ্ট জাৰ্ণি’ - Director Chandra Mudoi new Film

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.