গুৱাহাটী :সমাগত ৰাস মহোৎসৱ । উজনিৰ পৰা নামনিলৈ চলিছে এতিয়া ৰাসৰ প্ৰস্তুতি । নামনিত যদি মূৰ্তি ৰাস, উজনিত আকৌ চলিছে জীৱন্ত ৰাসৰ প্ৰস্তুতি । ৰাস সমিতিসমূহৰ লগতে সাজু হৈছে অভিনেতা-অভিনেত্ৰীসকলো ।
কণ্ঠশিল্পী দীপলিনা ডেকা, অভিনেত্ৰী ভ্ৰান্তি মেধি, সীমা বৰুৱা, গায়ত্ৰী বৰা, মেঘৰঞ্জনী আদিকে ধৰি কেইবাগৰাকী অভিনেত্ৰী এতিয়া সাজু হৈছে আগন্তুক ৰাস মহোৎসৱৰ বাবে । ৰাসৰ প্ৰস্তুতি সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বার্তালাপত অভিনেত্ৰীসকলে জনালে তেওঁলোকৰ প্ৰস্তুতিৰ কথা -
ৰাসৰ বাবে কেনেদৰে সাজু হৈছে অভিনেত্ৰী ভ্ৰান্তি মেধি
অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে কয়, “ৰাসৰ আৰম্ভণি মোৰ ১৫ তাৰিখৰ পৰা হ’ব । প্ৰথম ৰাস লখিমপুৰত আছে । লগতে আন কেইবাখনো সমিতিৰ লগত কথা-বতৰা চলি আছে ৷ তাৰ ভিতৰত ৬ খনৰ লগত ফাইনেল হৈছে । যিহেতু তাৰিখবোৰ একেলগে হয়, সেইবাবে কিছুমান বাতিল কৰিবলগীয়া হৈছে । লখিমপুৰৰ নাওবৈছাৰ পৰা আৰম্ভণি হ’ব তাৰ পাছত বিহপুৰীয়া, গোলাঘাটৰ লগতে এইবাৰ গুৱাহাটীৰ মালিগাঁৱত আছে । মালিগাঁৱত মই প্ৰথমবৰাৰ বাবে কৃষ্ণৰ ভাও ল’ম, আনহাতে বাকীবোৰত দৈৱকী, ৰাধাৰ ভাও ল’ম ।”
গুৱাহাটীৰ ৰাসখনত অসমীয়া চলচ্চিত্ৰ জগতৰ বহুখিনি অভিনেতা-অভিনেত্ৰী থাকিব । লগতে বাকী ঠাইত স্থানীয় শিল্পীসকলৰ লগতে ভাওনা বা ৰাসৰ লগত জড়িত আমন্ত্ৰিত শিল্পী থাকিব ।
লগতে পঢ়ক :ৰাসৰ আখৰাত ব্যস্ত মাজুলীয়াল |
ভ্ৰান্তিয়ে লগতে কয়, “২০০৬ চনত মই অভিনয় জগতত খোজ পেলাইছিলো আৰু ২০০৭ চনত বিহুৰ কৰ্মশালাৰ বাবে মই উজনি অসমৰ ফালে গৈছিলো । তেতিয়া মোক ঘিলামৰাত প্ৰথম ৰাসৰ বাবে কৈছিল । মই যিহেতু নামনিৰ আৰু আমাৰ ফালে জীৱন্ত ৰাস-ভাওনা আদি নাছিল সেইবাবে ৰাস কি বস্তু মই বুজিয়ে পোৱা নাছিলো । যিহেতু আমাৰ ফালে মূৰ্তি ৰাস হয় । তেতিয়া মই তাত থাকি ৫-৬ দিন মান আখৰা কৰিছিলো । তেনেকৈয়ে মই ৰাস শিকিলো ।”
ৰাসৰ বাবে কেনেদৰে সাজু হৈছে অভিনেত্ৰী সীমা বৰুৱা ?
“ৰাস আহি আছ মনটো বৰ ভাল লাগিছে । সৌভাগ্যবশত এইবর্ষৰ মোৰ প্ৰথম ৰাসৰ আৰম্ভণি ১৫ নৱেম্বৰত মাজুলীত হ’ব । তাত মই দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিম । আৰু দ্বিতীয়খন ১৬ তাৰিখে বিহপুৰীয়াত আছে । তাত মই এইবাৰ বেলেগ ধৰণৰ চৰিত্ৰত অভিনয় কৰিম । বাকী পাছৰ ফালেও আছে, তাত মই দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিম । বিগত ২ বছৰ ধৰি নিয়মীয়াভাৱে মই ৰাস কৰিয়ে আছো । মোৰ ৰাসৰ আৰম্ভণি ক’ৰণাৰ আগত হৈছিল । তেতিয়া মই গোপী নাচিবলৈ গৈছিলো । আনহাতে যোৱা দুবছৰত মই বেছিভাগ দৈৱকীয়ে কৰিছো তাৰ মাজে মাজে যশোদাও কৰিছো ।”