গুৱাহাটী, ২৩ জানুৱাৰী: ‘পৰিচয়বিহীন যাযাবৰ নগৰী’, ‘মোৰ মিনতি তৰা হয় যদি’, ‘সন্ধিয়াৰ আকাশত’, ‘ওৰে ৰাতি অন্ধকাৰত’, আদিকে ধৰি অনেক জনপ্ৰিয় গীতৰ সুৰকাৰ হৈছে জে পি দাস । ডিব্ৰুগড় জিলাৰ বৰবাৰীত এটি সংস্কৃতিৱান পৰিয়ালত জন্ম লাভ কৰা জে পি দাস শৈশৱৰ পৰাই আৰম্ভ হৈছিল সংগীতৰ যাত্ৰা । শেহতীয়াকৈ ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁৰ পেছাগত জীৱনৰ সৈতে জড়িত বহু কথা প্ৰকাশ কৰে ৷
সংগীতৰ যাত্ৰাৰ সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়,‘‘মই বহুত সুখী মোৰ এই যাত্ৰাক লৈ, কাৰণ সংগীতত কোনো পাপ নাথাকে । সংগীতত মই সুৰ কৰো আৰু সুৰ কৰা বস্তুটো কোনেও দেখা নাপায় । সুৰটো এটা নেদেখা কলা ।’’
বৰ্তমান আৰু পূৰ্বৰ গীত বা গীতৰ সুৰৰ মাজত কেনে ধৰণৰ পাৰ্থক্য উপলব্ধি কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত শিল্পীগৰাকীয়ে কয়, ‘‘পূৰ্বৰ আৰু বৰ্তমানৰ গীত বা গীতৰ সুৰৰ মাজত বহুত পাৰ্থক্য আছে । কণ্ঠশিল্পী সকলৰো মাজত বহুত পাৰ্থক্য আছে । আগৰ গীতৰ সুৰবোৰ শ্ল’ আছিল, এতিয়াৰ সুৰবোৰত স্পীড আছে ।’’