ETV Bharat / entertainment

হৃত্বিক ৰোশন অভিনীত আইকনিক চৰিত্ৰ কেইটা কি কি বাৰু ? - HRITHIK ROSHAN 5 ICONIC ROLE

‘‘কই মিল গয়া’’ৰ পৰা ‘কৃষ’লৈকে হৃত্বিক ৰোশনে এই কেবাটাও আইকনিক চৰিত্ৰৰে দৰ্শকৰ মনত দকৈ সাঁচ বহুৱাইছে ৷ জন্মদিনত এই চৰিত্ৰ কেইটাত এবাৰ চকু ফুৰাও আহক-

hrithik roshan birthday
হৃত্বিক ৰোশনৰ জন্মদিন (Photo : Film Posters)
author img

By ETV Bharat Entertainment Team

Published : Jan 10, 2025, 12:11 PM IST

হায়দৰাবাদ : কৃষ আৰু গ্ৰীক গডৰ দৰে বহুতো নামেৰে পৰিচিত বলীউডৰ সুঠাম অভিনেতা হৃত্বিক ৰোশনে 10 জানুৱাৰীত তেওঁৰ 51 সংখ্যক জন্মদিন উদযাপন কৰে । হৃত্বিক ৰোশনক বিশ্বৰ আটাইতকৈ সুন্দৰ অভিনেতাসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয় ৷ অভিনেতাৰ লগতে তেওঁ এজন উৎকৃষ্ট নৃত্যশিল্পীও ।

হৃত্বিক তেওঁৰ কেৰিয়াৰ ‘‘কহো না প্যাৰ হে’’ ছবিখনৰ জৰিয়তে আৰম্ভ কৰিছিল, যিখন ছবি দৰ্শকে প্ৰশংসা কৰিছিল । তাৰ পিছত তেওঁ আৰু কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই আৰু তেওঁ চলচ্চিত্ৰ কেৰিয়াৰত এখনৰ পিছত সিখনকৈ হিট ছবি উপহাৰ দি আহিছে ৷ ইয়াৰে বহুতো চলচ্চিত্ৰত তেওঁ কিছুমান আইকনিক চৰিত্ৰত অভিনয় কৰিছিল যিবোৰ দৰ্শকে আজিও ভাল পায় । কৃষ ছবিখনে তেওঁক ভাৰতৰ প্ৰথম ছুপাৰহিৰ’ৰ খিতাপ দিয়ে । আজি তেওঁৰ জন্মদিন বিশেষ দিনটোত 5 টা আইকনিক চৰিত্ৰৰ ওপৰত এবাৰ চকু ফুৰাও আহক ।

1. কই... মিল গয়া

2003 চনৰ কই... মিল গয়া চলচ্চিত্ৰত হৃত্বিকে মানসিকভাৱে বিকলাংগ শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল যি পৃথিৱীত নিজৰ নাম উজলাই তুলিবলৈ সংগ্ৰাম কৰে । অৱশ্যে, এজন অনন্য বন্ধু (এলিয়েন)ক লগ পোৱাৰ পিছত তেওঁ সুস্থ হয় । তেওঁ এই চৰিত্ৰটো যি ধৰণে চিত্ৰিত কৰিছিল সেয়া আজিও দৰ্শকৰ মনত স্মৰণীয় ।

2. জোধা আকবৰ

ঐতিহাসিক চলচ্চিত্ৰ জোধা আকবৰত হৃত্বিকে মোগল সম্ৰাট আকবৰৰ চৰিত্ৰত অভিনয় কৰিছিল । তেওঁৰ সৈতে ঐশ্বৰ্য ৰায়ো আছিল, যিয়ে জোধাৰ চৰিত্ৰত অভিনয় কৰিছিল । হৃত্বিকে এই চৰিত্ৰটো অতি তীব্ৰতাৰে চিত্ৰিত কৰিছিল আৰু মানুহে আকবৰৰ চৰিত্ৰত তেওঁৰ ৰূপক প্ৰশংসা কৰিছিল । আজিও, এই চলচ্চিত্ৰখন ঐতিহাসিক চলচ্চিত্ৰ উপভোগ কৰা সকলৰ এখন অন্যতম প্ৰিয় ছবি ৷

3. কৃষ

কৃষ ছবিখন তাৰ পৰা আৰম্ভ হয় য’ত কই... মিল গয়াৰ কাহিনী শেষ হয় ৷ এই ছবিখনত হৃত্বিকৰ চৰিত্ৰটো যথেষ্ট উন্নত হৈ পৰে । ছবিখনত হৃত্বিকে বিশাল বিশাল অট্টালিকা বগাই যাব পৰা, বহু উচ্চতাৰ পৰা জপিয়াব পৰা এজন ছুপাৰহিৰ’ৰ চৰিত্ৰত অভিনয় কৰিছে । এই ক্ষমতাসমূহ তেওঁ জনসাধাৰণৰ মংগলৰ বাবে ব্যৱহাৰ কৰে । ইয়াৰ পিছৰ অংশ কৃষ 3 তো হৃত্বিকে ছুপাৰহিৰ’ৰ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখনৰ জৰিয়তে হৃত্বিকে ভাৰতৰ প্ৰথম ছুপাৰহিৰ’ হোৱাৰ টেগ লাভ কৰে ।

4. লক্ষ্য

লক্ষ্যত হৃত্বিক অতি শিশুসুলভ আৰু দায়িত্বহীন ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছে । কিন্তু সেনাবাহিনীত যোগদান কৰাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে সলনি হৈ যুদ্ধক্ষেত্ৰত নেতা হৈ পৰে । হৃত্বিকৰ এই ছবিখন বহুত প্ৰশংসিত হৈছিল, বিশেষকৈ ইউনিফৰ্মত তেওঁৰ ৰূপক অতিশয় প্ৰশংসা কৰা হৈছিল । 2004 চনত মুক্তি লাভ কৰিছিল লক্ষ্য ছবিখনে ।

5. ধুম 2

ধুম 2 ত, হৃত্বিক ৰোশনে এজন চোৰৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে এটাৰ পিছত এটা মূল্যৱান সামগ্ৰী চুৰি কৰে আৰু আৰক্ষীয়ে তেওঁক নিৰন্তৰ অনুসৰণ কৰি থাকে । অৱশ্যে, হৃত্বিক তেওঁলোকৰ নিয়ন্ত্ৰণলৈ নাহে । আমোদজনকভাৱে, তেওঁ চুৰিৰ বাবে বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে ৰূপ সলাই থাকে, যিবোৰ যথেষ্ট আকৰ্ষণীয় ।

হৃত্বিকে এই ছবিখনৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছিল । তেওঁৰ লগতে ঐশ্বৰ্য ৰায়, অভিষেক বচ্চন, বিপাশা বসু আৰু উদয় চোপ্ৰাৰ দৰে শিল্পীসকলে এই ছবিখনত অভিনয় কৰিছিল ।

লগতে পঢ়ক : জীৱন নাট সামৰি অজান দেশলৈ গ’লগৈ প্ৰবীণ অভিনেত্ৰী-কণ্ঠশিল্পী জ্ঞানদা কাকতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.