ETV Bharat / sports

দ্বিতীয় টি-২০ৰ পূৰ্বে আঘাতৰ সমস্যাত ভাৰতীয় দল; বিস্ফোৰক অপেনিং যুটিত মোক্ষম আঘাত - ABHISHEK SHARMA INJURED

ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টি-২০ ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাৰ পৰা চেন্নাইত অনুষ্ঠিত হ'ব । কিন্তু মেচখনৰ পূৰ্বে ভাৰতীয় দলটোৰ সমস্যা বৃদ্ধি পাইছে ।

IND VS ENG 2ND T20I
প্ৰথম টি-২০ মেচত ইংলেণ্ডৰ উইকেট পতনৰ পিছত ভাৰতীয় খেলুৱৈৰ উল্লাস (ANI)
author img

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 2:18 PM IST

চেন্নাই : ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টি-২০ শৃংখলাৰ দ্বিতীয়খন টি-২০ মেচ শনিবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । প্ৰথমখন টি-২০ত আলহী দলটোক অনায়াসে পৰাস্ত কৰাৰ পিছত আয়োজক দলটোৰ মনোবল তুংগত আছে । কিন্তু শৃংখলাৰ দ্বিতীয়খন টি-২০ মেচৰ কেইঘণ্টামান পূৰ্বে ভাৰতীয় দলটো এক মোক্ষম আঘাতৰ সন্মুখীন হ'বলগা হয় । প্ৰথমখন টি-২০ মেচত বিধ্বংসী বেটিঙেৰে আলোড়নৰ সৃষ্টি কৰা টীম ইণ্ডিয়াৰ বিস্ফোৰক বেটছমেনজন আঘাতপ্ৰাপ্ত হৈছে ।

আঘাতপ্ৰাপ্ত অভিষেক শৰ্মা

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচৰ পূৰ্বে ভাৰতৰ সোঁহতীয়া বিস্ফোৰক অপেনাৰ অভিষেক শৰ্মা আঘাতপ্ৰাপ্ত হৈছে । টীম ইণ্ডিয়াৰ অনুশীলনৰ সময়ত তেওঁ কেছ ধৰাৰ অনুশীলন কৰি থকাৰ সময়ত গোৰোহাত মোচোকা খায় । ফলত অভিষেকক খেলপথাৰতে বহি বেদনাত কাতৰ হোৱা দেখা গৈছিল । আনহাতে, আঘাতৰ পিছত দলটোৰ ফিজিঅ'থেৰাপিষ্টে তেওঁক পৰীক্ষা কৰে আৰু বিশ্ৰাম দিবলৈ পেভিলিয়নলৈ লৈ যায় । ইয়াৰ পিছত অভিষেকে নেটত বেটিং অনুশীলন কৰিবলৈ খেলপথাৰলৈ উভতি অহা পৰিলক্ষিত নহ'ল ।

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় মেচত খেলাৰ সম্ভাৱনা নাই

অৱশ্যে অভিষেক শৰ্মাৰ আঘাত কিমান গুৰুতৰ সেয়া এতিয়াও জানিব পৰা হোৱা নাই । তেওঁৰ আঘাত সন্দৰ্ভত বি চি চি আয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই । কিন্তু আঘাতৰ পিছত তেওঁ যেতিয়া পেভিলিয়নলৈ উভতি গৈছিল তেতিয়া তেওঁক অলপ খোৰাই খোৰাই খোজকাঢ়ি যোৱা দেখা গৈছিল । যাৰ বাবে এইগৰাকী বিস্ফোৰক বেটছমেনে দ্বিতীয়খন টি-২০ মেচত খেলাটো কঠিন হিচাপে গণ্য কৰা হৈছে ।

আনহাতে, যদি অভিষেকে দ্বিতীয়খন মেচত খেলিব নোৱাৰে, তেন্তে মহম্মদ ছামীয়ে তেওঁৰ স্থানত মূল একাদশত স্থান লাভ কৰিব পাৰে ।

প্ৰথম টি-২০ত সংগ্ৰহ কৰিছিল বিস্ফোৰক অৰ্ধশতক

২৪ বছৰীয়া সোঁহতীয়া অপেনাৰগৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত এক বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰিছিল। তেওঁ মাত্ৰ ৩৪ টা বলত ৭৯ ৰাণৰ এক বিস্ফোৰক ইনিংছ দলক উপহাৰ দিয়ে । তেওঁৰ ইনিংছটো 8 টা ছয় আৰু 4 টা চাৰিৰে সজায়। তেওঁৰ এই বিধ্বংসী ইনিংছটোৰ বাবেই ভাৰতে ইংলেণ্ডক অনায়াসে 7 উইকেটত পৰাস্ত কৰি 5 খনীয়া মেচৰ টি-20 শৃংখলাটোত 1-0 ৰ অগ্ৰগতি লাভ কৰে ।

লগতে পঢ়ক :এই প্ৰজন্মৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী; কিং কোহলীক কোনে দিলে এই স্বীকৃতি ? - MD AMIR ON VIRAT KOHLI
লগতে পঢ়ক :ইংলেণ্ডৰ মাজত প্ৰথমখন টি-২০ মেচত আৰ্শদীপ আৰু অভিষেকৰ অভিলেখ - IND VS ENG 1ST T20I

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.