গুৱাহাটী: চি চি টিভি কেমেৰা আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক ধৰ্ষণৰ ভয়ংকৰ ঘটনা । এজন চাফাইকর্মীৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ । বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে চাফাইকৰ্মীজনৰ বিৰুদ্ধে ।
এই ভয়ংকৰ ঘটনাই জি এম চি হাস্পতালত মহিলা ৰোগীৰ সম্পূৰ্ণ নিৰাপত্তাহীনতাৰো ছবি প্রতিফলিত কৰিছে । ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইফালে জি এম চি এইচ কর্তৃপক্ষই ঘটনাটো গাপ দিবলৈ চেষ্টা চলোৱা বুলিও বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে । এই সন্দৰ্ভত কিশোৰীগৰাকীৰ মাতৃয়ে ভঙাগড় আৰক্ষী থানাত গোচৰ দিছে ।
ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত মহিলাসহ এজনক গ্ৰেপ্তাৰ কৰিছে । আনহাতে ঘটনাটো ধৰ্ষণৰ পৰিৱৰ্তে ঘটনাটোৰ বাবে কিশোৰীগৰাকীকে জি এম চি এইচ কৰ্তৃপক্ষই দোষী সজাবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যোৱা ১৯ জানুৱাৰীৰ নিশা কিশোৰীগৰাকীৰ মাতৃয়ে ঔষধ আনিবলৈ যোৱাৰ সময়তে হাস্পতালখনৰ চাফাইকৰ্মী আব্দুল ৰছিদে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ।
এই কথা মাতৃগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে । কিশোৰীগৰাকীৰ মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি (১৮/২০২৫) চাফাইকৰ্মী হাজোৰ আব্দুল ৰছিদ আৰু তেওঁক এই কু-কৰ্মত সহায় কৰাৰ অভিযোগত চিকিৎসালয়খনৰে আন এগৰাকী চাফাইকৰ্মী হিচাপে কৰ্মৰত ভঙাগড়ৰ কৰৱী ৰয়ক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ।
আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৬৫(১) ধাৰা আৰু পকছ' আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি পূব গুৱাহাটী আৰক্ষী জিলা আৰক্ষী উপায়ুক্তই এক প্ৰেছ বিবৃতিত সদৰী কৰে । মহিলা চাফাইকর্মীগৰাকীয়ে কিশোৰীগৰাকীক ফুচুলাই শৌচাগাৰলৈ মাতি নিয়া বুলি তেওঁৰ মাতৃয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে । বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কর্তৃপক্ষই ঘটনাটোক বলাৎকাৰৰ ঘটনা বুলি অভিহিত কৰিবলৈ বিচৰা নাই ।
কর্তৃপক্ষই অভিযুক্ত আৰু পীড়িতা দুয়োপক্ষ পৰস্পৰৰ অতি চিনাকি আৰু সু-সম্পৰ্ক আছিল আদি কথাহে ক'বলৈ বিচাৰিছে । ঘটনাটোক লৈ আব্দুল ৰছিদক দোষী সাব্যস্ত কৰাৰ পিছত আব্দুলৰ পক্ষত কিশোৰীগৰাকী থকা বুলি এই ঘটনাটো একপ্ৰকাৰ দুয়োজনৰ সহমতত হোৱা বুলি জি এম চি এইচ কৰ্তৃপক্ষই বক্তব্য প্ৰদান কৰে ।
আনকি এই কথাখিনি উল্লেখ কৰি প্ৰশাসনিক মুৰব্বীয়ে জি এম চি এইচৰ অধীক্ষকৰ ওচৰত শুকুৰবাৰে এখন প্রতিবেদনো দাখিল কৰে । এই ঘটনাৰ মাজতে আকৌ ছাত্র মুক্তি সংগ্রাম সমিতিয়ে জি এম চি হাস্পতালৰ অধীক্ষকৰ বিৰুদ্ধে ৰঙিয়া থানাত পকছ' আইনৰ অধীনত নাবালিকা পীড়িতাৰ নাম আদি ৰাজহুৱা কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে ।