গুৱাহাটী: ছিগাল থিয়েটাৰৰ উদ্যোগত দেশৰ ভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰা হ'ব এখন বিশেষ নাটক । লণ্ডনৰ বিখ্যাত অভিনয় প্ৰতিষ্ঠান ৰয়েল একাডেমি অৱ ড্ৰামাটিক আৰ্টছৰ দুগৰাকী স্নাতক বৰ্ষা বাহাৰ আৰু ফেডেৰিকা ৰুজ্জেয়েৰীয়ে অহা ১৮ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ বিভিন্ন চহৰত পৰিৱেশন কৰিব UNSEWN নামৰ নাটখন ।
নাটকখনৰ ভাৰত ভ্ৰমণসূচী অনুসৰি অহা ১৮ আৰু ১৯ ডিচেম্বৰ গুৱাহাটীৰ ছিগালত দুদিনীয়া কাৰ্যসূচীৰে মঞ্চস্থ কৰা হ'ব নাটখন । আনহাতে ২৩ ডিচেম্বৰত কলকাতাৰ একাডেমিত অনুষ্ঠিত হ'বলগীয় ‘নান্দীকাৰ নাট্য উৎসৱ’ত নাটখন প্ৰদৰ্শন কৰা হ'ব । ২৬ ডিচেম্বৰত নতুন দিল্লীৰ “ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়”ৰ উদ্যোগত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব ।
সমান্তৰালভাৱে ২৯ ডিচেম্বৰত বেংগালুৰুৰ 'ৰংগশংকৰা'ত আৰু ২ জানুৱাৰীত মুম্বাইৰ 'ৰংগশীলা'ত মঞ্চস্থ কৰা হ'ব নাটখন । উল্লেখযোগ্য যে, UNSEWN নাটখনৰ ৰচনা আৰু পৰিচালনা বৰ্ষা বাহাৰ আৰু ফেডেৰিকা ৰুজ্জেয়েৰী । নাট্যশিল্পী দুগৰাকীয়ে জনোৱা অনুসৰি,"নাটখন ইতিমধ্যে লণ্ডনৰ ভিন্ন ঠাইত প্ৰদৰ্শন কৰি ইতিমধ্যে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । নাটখনত দুটা সংস্কৃতিৰ সংমিশ্ৰণ কৰা হৈছে । প্ৰথম অৱস্থাত নাটখন ২০ মিনিটৰ আছিল, কিন্তু এতিয়া গৈ গৈ নাটখন ১ ঘণ্টা কৰা হৈছে ।"