চিটাৰা ডেস্ক, 30 ছেপ্টেম্বৰ : দীপিকা পাডুকন বৰ্তমান ব্যস্ত মাতৃত্বৰ সোৱাদ লোৱাত ৷ জীৱনৰ এই নতুন অধ্যায়টো তাৰকা স্বামী ৰণবীৰ সিঙৰ সৈতে তেওঁ বাৰুকৈয়ে উপভোগ কৰি আছে । ‘জোৱান’ অভিনেত্ৰীগৰাকীয়ে অলপতে স্বামী-অভিনেতা ৰণবীৰ সিঙৰ সৈতে প্ৰথমটি সন্তানক আদৰণি জনাইছে । কিছুদিন পূৰ্বে এটা ভিডিঅ’ৰ জৰিয়তে গৰ্ভধাৰণৰ ৰুটিনৰ এক আভাস দিয়াৰ পিছত দীপিকাই এতিয়া ৰণবীৰ সিঙৰ সময়সূচী পৰিচালনা কৰাৰ আন এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, যিটো ভিডিঅ’ দেখি আপুনি হাঁহি ৰখাব নোৱাৰিব ৷
30 ছেপ্টেম্বৰত দীপিকা পাডুকনে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত এজনী কণমানি ছোৱালীয়ে নিজৰ খিৰিকীৰ ফালে দৌৰি গৈ হাতত বাইন’কুলাৰ লৈ বাহিৰলৈ চাই থাকে । ভিডিঅ’টোত লিখা আছে, ‘যেতিয়া মোৰ স্বামীয়ে মোক কয় যে তেওঁ 5 বজাত ঘৰলৈ আহিব আৰু এতিয়া 5.01 ।’ তেওঁ নিজৰ ষ্ট’ৰীটোত ৰণবীৰ সিঙক টেগ কৰাৰ লগতে হাঁহিৰ ইম’জীও যোগ কৰে ।
দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে 2024 চনৰ 8 ছেপ্টেম্বৰত তেওঁলোকৰ সন্তানক আদৰণি জনায় । দম্পতীটোৱে ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে তেওঁলোকৰ অনুৰাগীসকলক এই ভাল খবৰটো দিয়ে । দুয়োৱে কয় যে তেওঁলোকে এগৰাকী কন্যা সন্তানৰ আশীৰ্বাদ লাভ কৰিছে ।