চিটাৰা ডেস্ক, 24 মে’ :২০২৪ চনৰ সন্মানীয় কাঁ চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত শোভা বঢ়োৱা ভাৰতীয় তাৰকাৰ তালিকাত শেহতীয়াকৈ সংযোজন হৈছে অভিনেতা প্ৰীতি জিণ্টা আৰু অদিতি ৰাও হাইদাৰীৰ নাম । গাউন পিন্ধি ৭৭ সংখ্যক কাঁ ফিল্ম ফেষ্টিভেলত অংশগ্ৰহণ কৰা দুয়োগৰাকী অভিনেত্ৰীয়ে উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷
এই বছৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা কেইবাগৰাকীও ভাৰতীয় প্ৰতিনিধিৰ ভিতৰত অভিনেত্ৰী প্ৰীতি জিণ্টা আৰু অদিত ৰাও হাইদাৰীৰ নামো আছে । শুকুৰবাৰে দুয়োগৰাকী মোহময়ী অভিনেত্ৰীয়ে আকৰ্ষণীয় সাজেৰে ৰেড কাৰ্পেটত খোজ কাঢ়ে । ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ বাবে প্ৰীতিয়ে মুকুতা ৰঙী বগা গাউন বাছি লোৱাৰ বিপৰীতে অদিতিয়ে ক’লা আৰু বগা ৰঙৰ কালজয়ী গাউন পিন্ধি অনুষ্ঠানটোৰ শোভা বঢ়ায় ।
শুকুৰবাৰে ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে প্ৰীতিয়ে ৰেড কাৰ্পেটত খোজ কাঢ়িবলৈ সাজু হৈ থকা এটা ভিডিঅ’। দিল চাহতা হে ৰ অভিনেত্ৰীগৰাকীয়ে জিলিকি থকা মুকুতাৰ বগা গাউন পিন্ধি বুমেৰাঙৰ বাবে প’জ দিছিল । মুকুতাৰ কাণফুলিৰে নিজৰ লুকটো সম্পূৰ্ণ কৰি তুলিছিল প্ৰীতিয়ে ।
দীৰ্ঘদিনীয়া বন্ধু সন্তোষ ছিভানক পিয়েৰ এঞ্জেনিউক্স এক্সেললেন্স ইন চিনেমেট’গ্ৰাফী বঁটা প্ৰদান কৰিবলৈ কাঁ ত উপস্থিত হৈছে প্ৰীতি জিণ্টা । সন্তোষে তেওঁৰ প্ৰথম চলচ্চিত্ৰ মণি ৰত্নমৰ দ্বাৰা পৰিচালিত ৰোমাণ্টিক চলচ্চিত্ৰ দিল চে (১৯৯৮) ৰ চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰিছিল । অভিনেত্ৰীগৰাকী এতিয়া ৰাজকুমাৰ সন্তোষীৰ আগন্তুক ঐতিহাসিক নাটক লাহোৰ ১৯৪৭ ৰে পুনৰ বলীউডলৈ উভতি আহিছে ।