সৰুপথাৰ, ২৭ এপ্ৰিল :‘‘ৰাইজৰ পৰা মই এটা উপহাৰ বিচাৰিছো ৷ ৰাইজৰ পৰা উপহাৰ বিচৰাৰ এই অধিকাৰ হয়তো মোৰ আছে ৷ যোৱা পৰহি মোৰ দেউতাৰ ব্ৰেইন ষ্ট্ৰোক হৈছে আৰু দেউতা এতিয়া ICU ত আছে ৷ কিন্তু শিল্পীৰ জীৱন, কথা দিছো যেতিয়া আহিবই লাগিব ৷ গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো, দেউতা যাতে সোনকালে ভাল হৈ উঠে ৷’’ এয়া কণ্ঠশিল্পী জুবলী বৰুৱাৰ ভাষ্য ৷
উল্লেখ্য যে, সৰুপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু । এইবাৰ ৬০ সংখ্যক হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰে সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে । ২৬ এপ্ৰিলৰ ৰঙালী বিহুৰ সাংস্কৃতি সন্ধিয়া গীতৰ শৰাই আগবঢ়ায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাই । এই মঞ্চৰ পৰাই ৰাইজক উদ্দেশ্যি ৰুগীয়া পিতৃৰ বাবে আশীষ বিচাৰিলে কণ্ঠশিল্পীগৰাকীয়ে ৷
উল্লেখ্য যে, সৰুপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুস্থলীৰ পৰা শুকুৰবাৰে সৰুপথাৰ নগৰৰ মাজমজিয়ালৈকে বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হয় ৷ ধনশিৰি মহকুমাত বিভিন্ন সম্প্ৰদায়ৰ লোকে বসতি কৰে । প্ৰত্যেকৰে আছে জাতীয় সংস্কৃতি ।