অসম

assam

ETV Bharat / bharat

শ্বাসৰুদ্ধকাৰী: ২ ৰাতি ১ দিন লিফ্টত আৱদ্ধ হৈ থাকিল এজন ব্যক্তি, কোনেও উমানেই নাপালে - Patient Tapped Inside Lift - PATIENT TAPPED INSIDE LIFT

KERALA NEWS : আপুনি বাৰু লিফ্ট ব্যৱহাৰ কৰে নেকি ? যদি কৰে তেন্তে সাৱধান হওক ৷ কিয়নো কিছু অসাৱধানতাৰ ফলত ৰবীন্দ্ৰন নায়াৰৰ দৰে কেবাদিনো আপুনি আৱদ্ধ হৈ পৰিব পাৰে লিফ্টত ৷

KERALA NEWS
সাৱধান লিফ্ট ব্যৱহাৰকাৰী (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 2:18 PM IST

নেশ্যনেল ডেস্ক, ১৬ জুলাই :সাৱধান ! আপোনাৰ অলপ অসাৱধানতাই বিপদ মাতিব পাৰে ৷ হয়তো সেই বিপদত আপুনি অথবা আপোনাৰ কোনো আত্মীয়ও পৰিব পাৰে ৷ অজানিতে হোৱা সেই বিপদ ঘৰ, ৰাস্তা অথবা চিকিৎসালয়তো সংঘটিত হ’ব পাৰে ৷ অৱশ্যে আজিৰ এই বাতৰি সঘনে লিফ্ট ব্যৱহাৰ কৰা লোকসকলৰ বাবে ৷ হয়তো আপুনি শুনিছে, লিফ্টত উঠিবলৈ লওতে কাৰোবাৰ কাপোৰ, কোনোবাজনৰো ভৰি আদি দুবাৰত লাগি ধৰে ৷ ফলত বহু অঘটনো হ’ব পাৰে ৷

এইবাৰ কেৰালাৰ তিৰুৱনন্তপুৰম চিকিৎসা মহাবিদ্যালয়ৰ লিফ্টত সংঘটিত হৈছে এক অঘটন ৷ তথ্য অনুসৰি, দুদিন ধৰি কেৰালাৰ তিৰুৱনন্তপুৰম চিকিৎসা মহাবিদ্যালয়ৰ লিফ্টত আবদ্ধ থাকিল এজন ৰোগী ৷ কঁকালৰ বিষৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ অস্থিৰোগ বিভাগলৈ যাওতেই এই বিপদত পৰে তিৰুৱনন্তপুৰমৰ উল্লুৰ বাসিন্দা ৰবীন্দ্ৰন নায়াৰ ৷

তথ্য অনুসৰি, শনিবাৰে পুৱা অস্থি বিভাগত উপস্থিত হৈ ৰবীন্দ্ৰনে কিছু স্বাস্থ্য পৰীক্ষা কৰোৱায় । পৰীক্ষা কৰাৰ পিছত তেওঁ ঘৰলৈ উভতি আহে । ইয়াৰ পিচত নায়াৰে পুনৰ দুপৰীয়া ভাগত স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্টটো সংগ্ৰহ কৰি ডাক্তৰক দেখুৱাবলৈ মেডিকেল কলেজলৈ যায় ।

লগতে পঢ়ক :বিপদত পৰিছে নেকি ? ফোনত এটা ক্লিক কৰিলেই আৰক্ষী পাবগৈ আপোনাৰ কাষ - KSP app Safe Connect Button

শাৰীৰিক অসুস্থতাৰৰ বাবে তেওঁ প্ৰথম মহলালৈ যাবলৈ লিফ্ট ব্যৱহাৰ কৰে । কিন্তু ইফালে লিফ্টখনে কাল হ’ল ৰবীন্দ্ৰন নায়ৰৰ বাবে ৷ হঠাৎ কিছু বিজুতি ঘটি লিফ্টখন বন্ধ হৈ পৰে ৷

এলাৰ্ম চুইচটো টিপাৰ পাচতো কোনো নাহিল

লিফ্টত আবদ্ধ হৈ পৰাৰ পাচতে এলাৰ্ম চুইচটো কেইবাবাৰো টিপিছিল ৰবীন্দ্ৰন নায়াৰে ৷ কিন্তু এলাৰ্ম চুইচটো টিপাৰ পাচতো তেওঁক সহায় কৰিবলৈ কোনো নাহিল । আনকি লিফ্টত আৱদ্ধ হৈ পৰাৰ পাচত ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও মাটিত পৰি ভাঙি যায় তেওঁৰ ম’বাইল ফোনটো । যাৰ বাবে তেওঁ কাকো ফোন যোগাযোগ কৰিব নোৱাৰিলে । এইদৰে ৰবীন্দ্ৰন নায়াৰে ২ ৰাতি ১ দিন লিফ্টত আৱদ্ধ হৈ থাকিব লগাত পৰে ।

লগতে পঢ়ক :কালে যেতিয়া মাতে...দিল্লীত বন্ধুৰ বিয়া খাই উভতি আহোতেই প্ৰাণ গ’ল অসমৰ তিনি যুৱকৰ - Accident in Delhi

পৰিয়ালটোৱে নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰে

নায়াৰ ঘৰত উপস্থিত নোহোৱাত চিন্তিত হৈ পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে ৷ ইফালে মেডিকেল কলেজৰ কোনো লোকে গম পোৱা নাছিল যে ৰোগীজন লিফ্টত আবদ্ধ হৈ আছে । সোমবাৰে পুৱা প্ৰায় ৬ বজাত লিফ্ট অপাৰেটৰে বন্ধ লিফ্টটো খোলে ৷ তেতিয়াহে ৰবীন্দ্ৰন নায়াৰক অচেতন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

অপাৰেটৰে কয় যে লিফ্টৰ সন্মুখত ৱাৰ্ণিং ব’ৰ্ড লগোৱা হৈছিল ৷ কিন্তু লিফ্টৰ সন্মুখত কোনো ৱাৰ্ণিং ব’ৰ্ড লগোৱা হোৱা নাছিল বুলি ৰবীন্দ্ৰন নায়াৰৰ পৰিয়ালৰ অভিযোগ উত্থাপন কৰে । এই ঘটনা সন্দৰ্ভত ৰবীন্দ্ৰন নায়াৰৰ পৰিয়ালে আইনৰ কাষ চাপে ৷

তথ্য অনুসৰি এই ঘটনা সন্দৰ্ভত তিৰুৱনন্তপুৰম চিকিৎসা মহাবিদ্যালয়ৰ তিনিগৰাকী কৰ্মচাৰীক নিলম্বন কৰা হৈছে । ইয়াৰ ভিতৰত আছে দুজন লিফ্ট অপাৰেটৰ আৰু এজন ডিউটী ​​চাৰ্জেণ্ট ।

ঘটনাৰ তদন্তৰ নিৰ্দেশনা

একে সময়তে কেৰালা স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে চিকিৎসা মহাবিদ্যালয়ৰ বিষয়াসকলক এই ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে । তিৰুৱনন্তপুৰম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে এই ঘটনা সন্দৰ্ভত নিৰাপত্তা বিষয়াৰ পৰা প্ৰতিবেদন বিচাৰিছে । চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে ইটিভি ভাৰতক জনোৱা মতে, এই ঘটনাত যদি কোনো কৰ্মচাৰী দোষী বুলি প্ৰমাণিত হয়, তেন্তে তেওঁক শাস্তি দিয়া হ’ব ।

লগতে পঢ়ক :বিক্ৰী হৈ গ’ল এখন গাঁও; ঘুণাক্ষৰেও গম নাপালে গাঁওবাসীয়ে ! কিন্তু কেনেকৈ... - Juna Pahadiya Village

ABOUT THE AUTHOR

...view details