অসম

assam

ETV Bharat / bharat

আমেৰিকাৰ 'ছেকেণ্ড লেডী' হিচাপে ইতিহাস ৰচনা তেলেগু বংশোদ্ভৱ উষা চিলুকুৰীৰ - AMERICA SECOND LADY

আমেৰিকাৰ 'ছেকেণ্ড লেডী' হিচাপে ইতিহাস ৰচনা তেলেগু বংশোদ্ভৱ উষা চিলুকুৰীৰ ৷ উষা চিলুকুৰী ট্ৰাম্পৰ ৰাণিং মেট তথা নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ পত্নী ৷

AMERICA SECOND LADY
জে ডি ভ্যান্স আৰু তেওঁৰ পত্নী উষা চিলুকুৰী (সোঁফালে) (File photo)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 8:05 PM IST

আমৰাৱতী/ৱাশ্বিংটন:আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলিছে । ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’বলৈ সাজু হোৱাৰ পিছতে এগৰাকী তেলেগু মহিলাই বিশেষ চৰ্চা লাভ কৰিছে ৷ তেওঁ হৈছে উষা চিলুকুৰী ৷ উষা হৈছে আমেৰিকাৰ নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ পত্নী । উষা চিলুকুৰী জন্ম আমেৰিকাত ৷ অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণ জিলাৰ পামাৰৰুৰ সমীপৰ এখন গাঁৱত তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ । তেওঁৰ পিতৃ-মাতৃ ৰাধাকৃষ্ণ আৰু লক্ষ্মী ১৯৮০ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰে ।

লগতে পঢ়ক:ময়েই আপোনালোকৰ 45 আৰু 47 সংখ্যক ৰাষ্ট্ৰপতি; আমেৰিকাবাসীক উদ্দেশ্যি ট্ৰাম্পৰ ভাষণ

উষাৰ মাতৃ লক্ষ্মী আণৱিক জীৱবিজ্ঞান আৰু জৈৱ ৰসায়ন বিজ্ঞানৰ বিশেষজ্ঞ । বৰ্তমান অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা তেওঁ ছান ডিয়েগো বিশ্ববিদ্যালয়ত এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদবীত আছে । ঊষাৰ পিতৃ ৰাধাকৃষ্ণক কৃষ্ণ চিলুকুৰী নামেৰে সকলোৰে মাজত পৰিচিত । তেওঁ এজন মহাকাশ অভিযন্তা আৰু ইউনাইটেড টেকন’লজিছ এৰ’স্পেচ চিষ্টেমত এৰ’ডাইনেমিক্স বিশেষজ্ঞ হিচাপে কাম কৰিছিল । পিছলৈ তেওঁ কলিন্স এৰ’স্পেচত সহযোগী পৰিচালক হিচাপে কাম কৰে ।

সৰুৰে পৰা উষাৰ নেতৃত্বৰ প্ৰদানৰ গুণৰ অধিকাৰী আৰু কিতাপৰ প্ৰতি আছিল তেওঁৰ বিশেষ আকৰ্ষণ । ইণ্টাৰমিডিয়েট (প্লাছ টু)ৰ পিছত তেওঁ ইয়েল ল স্কুলত যোগদান কৰে য’ত তেওঁ ভ্যান্সক লগ পায় । সেই সময়ত দুয়োজনে ‘শ্বেত আমেৰিকাত সামাজিক অৱনতি’ বিষয়ক এখন বৈঠকৰ আয়োজন কৰিছিল । ইয়াৰ পিছত বন্ধুত্ব প্ৰেমলৈ পৰিণত হয়, ২০১৪ চনত হিন্দু নীতি-নিয়ম অনুসৰি দুয়ো বিবাহপাশত আবদ্ধ হয় । এই বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ইতিহাসত বি এ আৰু তাৰ পিছত আইনৰ ডিগ্ৰী লাভ কৰে । ইয়াৰ পাছত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ইতিহাসত এমফিল কৰে আৰু কিছু বছৰ কৰ্পৰেট উকীল আৰু লিটিগেটৰ হিচাপে কাম কৰে ।

লগতে পঢ়ক:ডলাৰ বৃদ্ধি, বিটকইনৰ অভিলেখ; ট্ৰাম্পৰ বিজয়ৰ ইংগিত নেকি ?

তেওঁ উচ্চতম ন্যায়ালয়ৰ দুগৰাকী মুখ্য ন্যায়াধীশৰ আইন কেৰাণী হিচাপে কাম কৰিছিল । এই ক্ৰমত তেওঁ শিক্ষা, চিকিৎসা আৰু প্ৰতিৰক্ষা খণ্ডৰ অন্তৰ্গত দেৱানী গোচৰৰ যুক্তি আগবঢ়ায় । উচ্চতম ন্যায়ালয়ৰ এডভোকেচি ক্লিনিক, মিডিয়া ফ্ৰিডম এণ্ড ইনফৰ্মেচন এক্সেছ ক্লিনিক আৰু ইৰাকী শৰণাৰ্থী সহায়ক প্ৰকল্পতো উষাই কাম কৰিছিল । বৰ্তমান নেচনেল লিগেল এজেন্সীত লিটিগেটৰ হিচাপে তেওঁ কৰ্মৰত ।

কেম্ব্ৰিজত থকাৰ সময়ত উষাই বাওঁপন্থী আৰু উদাৰবাদী গোটৰ সৈতে কাম কৰিছিল । ২০১৪ চনত তেওঁ প্ৰথমবাৰৰ বাবে ডেম’ক্ৰেটিক পাৰ্টিৰ কৰ্মী হিচাপে নাম পঞ্জীয়ন কৰে যদিও ২০১৮ চনত অহাইঅ’ৰ পৰা ভোটদানৰ বাবে ৰিপাব্লিকান পাৰ্টিত যোগদান কৰে । কেৱল ভ্যান্সক ‘হিলবিলি এলেজি’ লিখাত সহায় কৰাই নহয় ২০১৬ আৰু ২০২২ চনৰ চেনেটৰ প্ৰচাৰ অভিযানত তেওঁৰ অৱদান আছিল বিশাল । ২০২২ চনত ভ্যান্সক অহাইঅ’ৰ চিনেটৰ হিচাপে নিৰ্বাচিত কৰাত আৰু ভ্যান্সৰ ৰাজনৈতিক কেৰিয়াৰ গঢ় দিয়াত উষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ভ্যান্সৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বও উষাই লৈছিল ।

লগতে পঢ়ক:আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন: কমলা হেৰিছৰ ডাঙৰ প্ৰতিশ্ৰুতি, গাজা যুদ্ধৰ অন্ত পেলাব আৰু গৰ্ভপাতৰ নিয়ম সলনি কৰিব

শেহতীয়াকৈ এক আলোচনা চক্ৰত ভ্যান্সে তেওঁৰ পত্নীক ‘য়েল স্পিৰিট গাইড’ বুলি চিনাকি দিছিল । ভ্যান্স আৰু উষা চিলুকুৰীৰ দুটা পুত্ৰ আৰু এজনী কন্যাৰ পিতৃ-মাতৃ । বৰ্তমান তেওঁলোক অহাইঅ’ৰ চিনচিনাটিত বাস কৰে । আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্প জয়ী হোৱাৰ লগে লগে উষা চিলুকুৰীয়ে আমেৰিকাৰ ‘দ্বিতীয় মহিলা’ ​​হিচাপে ইতিহাস ৰচনা কৰিছে ।

ABOUT THE AUTHOR

...view details