নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী :উত্তৰ প্ৰদেশৰ আৰৌল আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত গজনা গাঁৱত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ এগৰাকী ন বছৰীয়া সন্তানক মাহী মাকে হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । শিশুটোক তেওঁৰ মাহী মাকে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
কেৱল ইয়াতে ক্ষান্ত নাথাকি মাহী মাকে শিশুটোৰ মৃতদেহটো ছাদত থকা আবৰ্জনাত লুকুৱাই ৰাখিছিল । গাঁওবাসীয়ে এই ঘটনাৰ সন্দৰ্ভত গম পাই স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিশুটোৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত মাহী মাকক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে অভিযুক্ত মাহী মাকৰ বিৰুদ্ধে এি ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, গজনা গাঁৱৰ এগৰাকী বাসিন্দাই দ্বিতীয় বিবাহপাশত আৱদ্ধ হৈছিল ৷ লোকজনৰ প্ৰথম পত্নীৰ এগৰাকী 9 বছৰীয়া কন্যা সন্তান আছে । ঘটনাৰ দিনা দ্বিতীয় পত্নীগৰাকীয়ে তেওঁৰ স্বামীৰ প্ৰথম পত্নীৰ 9 বছৰীয়া সন্তানটিক সামান্য কথাতে বেয়াকৈ মাৰধৰ কৰে ৷ মাতৃৰ প্ৰহাৰত শিশুটোৱে মৃত্যুক সাৱটি লয় ৷