নিউজ ডেস্ক, ১৭ আগষ্ট :সমগ্ৰ দেশ জোকাৰি যোৱা আৰ জি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ডত মেডিকেল কলেজ আৰু হস্পিটেলৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ৱে (চি বি আই) লৈ যায় । সূত্ৰত প্ৰকাশ পোৱা মতে, তেওঁক ছল্ট লেক চিটীৰ চি জি অ' কমপ্লেক্সৰ চি বি আই কাৰ্যালয়লৈ লৈ যায় ।
এতিয়ালৈকে প্ৰাপ্ত বাতৰি অনুসৰি, তেওঁক সোধা-পোছাৰ বাবে তালৈ লৈ যোৱা হৈছে । কিন্তু এইখিনিতে এক প্ৰশ্ন উত্থাপিত হৈছে যে তেওঁক ৰাস্তাৰ মাজৰ পৰাই কিয় লৈ যোৱা হ'ল ? তেওঁক চি বি আয়ে গ্ৰেপ্তাৰ কৰিব নেকি সেই বিষয়তো প্ৰশ্ন উঠিছে । অৱশ্যে এই প্ৰশ্নৰ উত্তৰ প্ৰকাশৰ পৰা বিৰত আছে চি বি আইৰ অনুসন্ধানকাৰী দল ।
উল্লেখ্য যে ৯ আগষ্টৰ পুৱা আৰ জি কৰৰ চিকিৎসক ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । সেইদিনাৰ পৰায়ে সন্দীপ ঘোষৰ ভূমিকাও নিৰীক্ষণৰ অধীনলৈ আহে । বিশেষকৈ প্ৰথম অৱস্থাত আৰু মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালক অৱগত কৰিবলৈ তেওঁ কৈছিল যে এইটো এক আত্মহত্যাৰ ঘটনা । আনহাতে, পৰিয়ালটো চিকিৎসালয়ত উপস্থিত হোৱাৰ পিচত ভুক্তভোগীৰ মৃতদেহটো বহু সময় অপেক্ষাৰ পিচতহে তেওঁলোকক চাবলৈ দিয়া হৈছিল । ধৰ্ষণ আৰু হত্যাৰ গোচৰত সন্দীপ ঘোষৰ বিৰুদ্ধে এনে ধৰণৰ বহু অভিযোগ উত্থাপিত হৈছে ।
ইফালে বহুতে আকৌ সন্দীপ ঘোষক এই অপৰাধটোৰ বাবে সমালোচনাও কৰে । বহু লোকে অভিযোগ কৰে যে তেওঁৰ কাৰ্যকালত চিকিৎসালয়খনত চলি থকা অব্যৱস্থাই এই ঘটনাৰ বাবে দায়ী । কিন্তু তাৰ মাজতে সন্দীপ ঘোষে চলিত সপ্তাহৰ আৰম্ভণিতে পদত্যাগ কৰে । আনহাতে, একেটা দিনতেই তেওঁক কলকাতাৰ ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ হিচাপে পুনৰ নিযুক্তি দিয়া হয় ।
কিন্তু আৰ জি কাৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত সন্দীপ ঘোষৰ ভূমিকা মঙলবাৰে কলিকতা উচ্চ ন্যায়ালয়ত নিৰীক্ষণৰ অধীনলৈ আহে । উচ্চ ন্যায়ালয়ে সন্দীপ ঘোষক তীব্ৰ ভৰ্ৎসনা কৰে । উচ্চ ন্যায়ালয়ে তেওঁক ছুটীত যাবলৈও কয় । চি বি আয়ে ইতিমধ্যে আদালতৰ নিৰ্দেশত তদন্ত আৰম্ভ কৰিছে । বৰ্তমান অনুসন্ধানকাৰীসকলে সন্দীপ ঘোষক জেৰা কৰি আছে ।