ETV Bharat / state

প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত ভাগ ল'লে কেইবাটাও জাতৰ কুকুৰে - PET DOG PERFORMANCE

ধেমাজিত অনুষ্ঠিত হৈছে এক বিশেষ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা । ভিন্নৰঙী নানা জাতৰ কুকুৰেৰে ভৰি পৰিল ধেমাজিৰ কাছাৰী ময়দান ।

Pet dogs and cat demonstrations and competitions are being held in Dhemaji
পোহনীয়া কুকুৰ আৰু মেকুৰী প্ৰদশৰ্নী আৰু প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 7:40 PM IST

ধেমাজি: পোহনীয়া কুকুৰ বা মেকুৰীৰ প্ৰতি প্ৰায় সকলোৰে থাকে এক বিশেষ দুৰ্বলতা । বহুজনে হয়তো নিজৰ সুন্দৰ ঘৰখনত এটা ধুনীয়া কুকুৰ অথবা মেকুৰী ৰখাৰ হাবিয়াস ৰাখে । পিছে এইবাৰ কৰোবাৰ ঘৰত নহয়, এখন খেল পথাৰত দেখা গ'ল ভিন্ন জাতৰ কুকুৰ-মেকুৰী । ভিন্ন ৰঙী আৰু নানা জাতৰ কুকুৰে দিলে দৰ্শকক আমোদ । পোহনীয়া কুকুৰ-মেকুৰীক কেনেদৰে সুস্থভাৱে প্ৰতিপালন কৰি সকলোৱে সুৰক্ষিত অনুভৱ কৰিব পাৰে সেই সজাগতা বাৰ্তা জনসাধাৰণৰ মাজত বিয়পাই দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে এই বিশেষ অনুষ্ঠানটি ।

শনিবাৰে ধেমাজি কাছাৰী ময়দানত ধেমাজি জিলা প্ৰশাসন আৰু কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি উদ্যোগত অনুষ্ঠিত কৰা আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠানৰ কাৰ্যসূচীৰ অংশ হিচাপে 'পোহনীয়া কুকুৰ আৰু মেকুৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা' অনুষ্ঠিত কৰা হয় । কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিভিন্নজনে হাতে হাতে নিজৰ পোহনীয়া কুকুৰটো ৰছীৰে বান্ধি অনা দেখা গ’ল ।

পোহনীয়া কুকুৰ আৰু মেকুৰী প্ৰদশৰ্নী আৰু প্ৰতিযোগিতা (ETV Bharat Assam)

এই প্ৰতিযোগিতাৰ মূলত মানুহৰ মাজত সজাগতা আৰু পশু চিকিৎসাৰ বিভাগৰ কেতবোৰ নীতি-নিয়ম মানি চলি কুকুৰ মেকুৰী পালন কৰাটো প্ৰয়োজনতা বিষয়ে আয়োজক সমিতিয়ে উল্লেখ কৰে । এগৰাকী উদ্যোক্তাই কয়, “ধেমাজিত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে কুকুৰ আৰু মেকুৰী প্ৰতিযোগিতা । আমাৰ মৰমৰ পোহনীয়া কুকুৰসমূহৰ কেনেদৰে যত্ন ল'ব লাগে, পেলুৰ দৰৱ খোৱাইছেনে নাই ! ভেকচিন দিয়া হৈছেনে ! এই সকলোবোৰৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ।"

প্ৰতিযোগীসকলক মূল্যায়ন কৰা বাবে লক্ষীমপুৰৰ পৰা আমন্ত্ৰণ কৰা হৈছে কেইবাগৰাকী বিচাৰককো । লক্ষণীয়ভাৱে ভিন্ন জাতৰ দেশী-বিদেশী আৰু নানা ৰঙী কুকুৰ প্ৰদৰ্শনে দৰ্শকক আমোদ যোগায় । ইফালে এই প্ৰদৰ্শনী উপভোগ কৰিবলৈ গোট খাই অজস্ৰ দৰ্শক ।

লগতে পঢ়ক: TV Bharat / state পাহাৰৰ মামা-মামীক আদৰিবলৈ জোনবিলৰ বাকৰিত ব্যাপক প্ৰস্তুতি - JONBEEL MELA PREPARATIONS

আগত মাটি পিছত ভোট; খিলঞ্জীয়াৰ গৰ্জন - PROTEST IN DHEMAJI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.