কাজিৰঙা: কাজিৰঙাত পোনপ্ৰথমবাৰৰ বাবে উদযাপন কৰা হ’ল এটি হাতী পোৱালিৰ জন্মদিন । পৰী নামৰ হাতী পোৱালিজনীয়ে শনিবাৰে এটা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে উদযাপন কৰা হ’ল জন্মদিনৰ । কাজিৰঙাত প্ৰায় তিনিকুৰি দহটা বিভাগীয় ঘৰচীয়া হাতী থকাৰ পাছতো এক বিশেষ কাৰণ আছে যাৰ বাবে এজনী পোৱালি হাতীৰ জন্মদিন উদযাপন কৰা হ’ল ।
১১ জানুৱাৰী পৰীৰ জন্মদিন । ২০২৪ বৰ্ষত ভূমিষ্ঠ হোৱা পৰীয়ে সম্পূৰ্ণ কৰিলে এটা বছৰ । এবছৰীয়া হ’ল কাজিৰঙাৰ পৰী । পৰী হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এটি কণমানি হাতী পোৱালি । পৰীৰ জন্মদিন শনিবাৰে উলহ-মালহেৰে উদযাপন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বিভাগীয় হস্তিনী ভাদৈৰ সন্তান পৰী । কণমানি শুঁৰডালেৰে সৈতে তিৰবিৰাই থকা চকুজুৰিৰে অনবৰতে ধেমালি কৰি ফুৰা পৰীৰ অভিব্যক্তিয়ে মোহাচ্ছন্ন কৰি ৰাখে সকলোকে ।
বনাঞ্চলটোৰ বিভাগীয় হাতীসমূহৰ লগতে বনাঞ্চলটোৰ মাউত-বনকৰ্মী সকলোৱে আনন্দ লাভ কৰে পৰীৰ সান্নিধ্যত । আনকি, বনাঞ্চলখন ভ্ৰমণ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকেও থমকি ৰৈ আনন্দ লয় পৰীৰ ধেমেলীয়া কৰ্ম-কাণ্ডৰ । পৰীৰ মাতৃ ভাদৈয়ে যেতিয়া পিঠিত পৰ্যটকক লৈ উদ্যানৰ অন্তৰ্ভাগলৈ যায়, কাষে কাষে পৰীৰ থুপুক-থাপাক খোজৰ চন্দোময় গতিয়ে আমোদ দিয়ে পৰ্যটকক ।
মুঠতে বাগৰি বনাঞ্চলৰ সকলোৰে আদৰৰ পৰী । সকলোৰে মৰম-আব্দাৰত শনিবাৰে এবছৰীয়া হোৱা পৰীৰ জন্মদিন উপলক্ষ্যে এই বিশাল আয়োজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে কয়, "কাজিৰঙা বনবিভাগৰ ৬৭ টা পোহনীয়া হাতীৰ আটাইতকৈ কণিষ্ঠতম সদস্যা পৰী । সকলোৰে মৰমৰ এই কণমানি পৰীৰ জন্মদিন উদযাপনৰ জৰিয়তে হাতী আৰু মানুহৰ সম্পৰ্ক সুদৃঢ় কৰাৰ এক প্ৰয়াস কৰা হৈছে ।"
আনহাতে, পূৱ-অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেশ কয়, "হাতী যিহেতু সামাজিক প্ৰাণী । হাতীয়েও নিজৰ মনৰ ভাৱ যাতে আন হাতীৰ সৈতে ভাগবতৰা কৰিব পাৰে তাৰ এক পৰিৱেশ শনিবাৰৰ অনুষ্ঠানটিৰ জৰিয়তে ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে বাগৰি বনাঞ্চল ভ্ৰমণ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকেও অংশ ল’লে পৰীৰ জন্মদিনৰ অনুষ্ঠানত । ফল-মূলেৰে সজ্জিত কেক গ্ৰহণ কৰি পালন হ’ল পৰীৰ জন্মদিন । আনহাতে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভাগীয় হাতীৰ স্বাস্থ্য পৰীক্ষাও কৰা হয় ।