ETV Bharat / bharat

বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত চি আৰ পি এফ জোৱান - IED BLAST IN BIJAPUR

বস্তাৰৰ নক্সাল প্ৰভাৱিত জিলাসমূহত নক্সালবাদীয়ে নিৰন্তৰভাৱে আই ই ডি বিস্ফোৰণ সংঘটিত কৰি আহিছে ।

IED blast in Bijapur
বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত চি আৰ পি এফ জোৱান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 1:55 PM IST

বিজাপুৰ : ছত্তীশগড়ৰ বস্তাৰ বিভাগৰ বিজাপুৰ জিলাত মাওবাদীৰ আই ই ডি বিস্ফোৰণ । এই বিস্ফোৰণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ এজন জোনাৱ আহত হয় । আহত জোৱানজনক বিজাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

বিজাপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি, মহাদেৱ ঘাট অঞ্চলত এই আই ই ডি বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় । চি আৰ পি এফৰ ১৯৬ নং বেটেলিয়নৰ এটা দলে শনিবাৰে পুৱা এটা অঞ্চলটোত নক্সালবাদী দমন অভিযানৰ বাবে ওলাই গৈছিল । টহল দিয়াৰ সময়ত চি আৰ পি এফ জোৱানজনে প্ৰেচাৰ আই ই ডিৰ ওপৰত নিজৰ ভৰি দিয়ে । ইয়াৰ ফলত বিস্ফোৰণটো সংঘটিত হয় আৰু জোৱানজন আহত হয় ।

  • বস্তাৰত সঘনাই সংঘটিত হৈ আহিছে আই ই ডি বিস্ফোৰণ

উল্লেখ্য যে শুকুৰবাৰেও নাৰায়ণপুৰ জিলাৰ দুটা স্থানত মাওবাদীৰ দ্বাৰা সংঘটিত দুটা বিস্ফোৰণত এজন গাঁওবাসী নিহত হোৱাৰ লগতে আন তিনিজন আহত হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

শুকুৰবাৰে সুকমাত অভিযানৰ সময়ত জোৱানসকলে কোণ্টা আৰু গোলাপাল্লিৰ মাজত বেলপোচাৰ ওচৰত 10 কিলোগ্ৰাম ওজনৰ আই ই ডি উদ্ধাৰ কৰে । পিছত বোমা নিষ্ক্ৰিয়কাৰী দলে ঘটনাস্থলীত আই ই ডিটো নিষ্ক্ৰিয় কৰে । বৃহস্পতিবাৰেও বিজাপুৰৰ আভাপল্লীত আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে অভিযানৰ সময়ত মুৰ্দাণ্ডাৰ ফুটপাথৰ পৰা 2 টা আই ই ডি উদ্ধাৰ কৰে । দুয়োটা আই ই ডি বিয়েৰৰ বটলত সংস্থাপন কৰা হৈছিল । সুৰক্ষা বাহিনীয়ে দুয়োটা আই ই ডি উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰে ।

আনহাতে, সোমবাৰে বিজাপুৰত বছৰটোৰ প্ৰথমটো ডাঙৰ আই ই ডি বিস্ফোৰণ সংঘটিত হয় । এই বিস্ফোৰণটোত ৯ জন লোক নিহত হৈছিল । দান্তেৱাড়া ডি আৰ জি আৰু বস্তাৰ ফাইটাৰৰ ৮ জন সৈনিক শ্বহীদ হৈছিল । জোৱানভৰ্তি এখন গাড়ী গৈ থকা অৱস্থাত সংঘটিত বিস্ফোৰণত চালকজনেও প্ৰাণ হেৰুৱাইছিল ।

লগতে পঢ়ক :দুৰ্ঘটনাক্ৰমে নিজকে গুলীয়াইছিল... আপ বিধায়কৰ ৰহস্যজনক মৃত্যুত পৰিয়ালৰ ভাষ্য - AAP MLA GUNSHOT IN PUNJAB
লগতে পঢ়ক :দ্বাদশ শ্ৰেণীৰ ছাত্ৰই দিছিল বোমাৰ ভাবুকি ! - DELHI SCHOOL BOMB THREAT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.