ETV Bharat / state

বজাৰত উপলব্ধ মেজি-ভেলাঘৰ - READY MADE MEJI AND BHELAGHAR

এটা ভেলাঘৰৰ দাম ৩০০০ টকা । ৮০০ টকাত ক্ৰয় কৰিব পাৰিব মেজি । কিন্তু ক'ত পাব এই মেজি-ভেলাঘৰ ?

Ready made Meji and Bhelaghar in Guwahati
মহানগৰীত ভোগালীৰ আনন্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 8:03 PM IST

গুৱাহাটী: হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন । উজনিৰ পৰা নামনিলৈ ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । গাঁৱে-গাঁৱে মেজি, ভেলাঘৰ সাজিছে ডেকাসকলে । ডেকাসকলৰ সমান্তৰালকৈ আখলত পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত যুৱতী-মহিলাসকল । কিন্তু গুৱাহাটী মহানগৰীত নাই তেনে পৰিবেশ । কংক্ৰিটৰ মহানগৰীত গাঁৱলীয়া পৰিবেশ নাই যদিও মহানগৰবাসীয়েও বিচাৰে মেজিৰ জুই, ভেলাঘৰত বহি ভোজ-ভাত খাবলৈ ।

মহানগৰীত বাঁহ, নৰা, খেৰ আদিৰ অভাৱ যদিও এতিয়া মেজিৰ জুইৰ উত্তাপ ল'ব পাৰিব গাঁৱৰ পৰা অনা মেজি আৰু ভেলাঘৰৰে । কিন্তু এয়া কেনেকৈ সম্ভৱ হৈছে ? আপুনিও ছাগে আচৰিত হৈছে ইমান মেজি কোনে সাজিলে ? ভেলাঘৰ সাজিবলৈ নৰা ক'ত পালে ?

মহানগৰীত ভোগালীৰ আনন্দ (ETV Bharat Assam)

মহানগৰীৰ বজাৰত পিঠা-পনাৰ পৰা আদি কৰি সান্দহ, চিৰা, দৈ, ক্ৰীমকে ধৰি ভোগালীত প্ৰয়োজনীয় সকলো সামগ্ৰীয়ে উপলব্ধ হৈছে প্ৰতিখন বজাৰত । ‌কেৱল এয়াই নহয়, গুৱাহাটীৰ বজাৰত পাব ৰেডিমেড মেজি আৰু ভেলাঘৰ । গুৱাহাটীৰ লোকৰ বাবেও যেন এতিয়া সহজলভ্য হৈ পৰিছে মেজি আৰু ভেলাঘৰ । সৰু-বৰ বহু মেজি আৰু ভেলাঘৰৰ লগতে খৰি দেখিবলৈ পোৱা গৈছে বজাৰত । ২০০ টকাৰ পৰা আৰম্ভ কৰি ৭০০/৮০০ টকা পৰ্যন্ত মেজিসমূহৰ দাম ।

ঠিক তেনেকৈ ভেলাঘৰসমূহ দাম উঠিছে ৮০০ ৰ পৰা ৩০০০ টকা পৰ্যন্ত । এমুঠি খৰিৰ দাম ২০০ ৰ পৰা ৩০০ টকা আৰু প্ৰতিটো বাঁহৰ চুঙাৰ দাম ২০ টকা । এইদৰেই এতিয়া নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিক্ৰেতাই ছয়মাইল-খানাপাৰা পথত বিক্ৰী কৰিছে ৰেডিমেড মেজি আৰু ভেলাঘৰ । সেয়েহে এতিয়া গাঁৱৰ লগতে মহানগৰবাসীয়েও উৰুকাৰ নিশা মাছে-মঙহে এসাঁজ খাই পিছদিনা পুৱা মেজিৰ জুইৰ উত্তাপ ল’ব পাৰিব । যিহেতু ব্যস্ততাপূৰ্ণ মহানগৰীৰ লগতে এইসমূহ সামগ্ৰী উপলব্ধ নাথাকে, সেয়েহে গাঁৱৰ পৰা অহা বিক্ৰেতাই মহানগৰবাসীৰ বাবে সহজলভ্য কৰি তুলিছে এইসমূহ সামগ্ৰী ।

এই সন্দৰ্ভত এজন বিক্ৰেতাই কয়, "বৰ্তমানলৈ বিক্ৰী ভাল হোৱা নাই । কাৰণ মেজি, ভেলাঘৰ বিক্ৰী কৰা লোকৰ সংখ্য়া বৃদ্ধি পাইছে । উৰুকাৰ আবেলিলৈকে কিমান বিক্ৰী হয় তাকেই অপেক্ষা কৰিছো ।"

লগতে পঢ়ক:মহানগৰবাসীয়ে পাহৰিলে নেকি ভোগালীৰ ভোগৰ ৰন্ধন প্ৰকৰণ ? - BHOGALI BIHU 2025

কিচিম কিচিম ভাৱনাই ঐ... ! আহক, মাঘৰ হেৰাই যাব খোজা এক পৰম্পৰা চাওঁ - MAGH BIHU PREPARATIONS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.