গুৱাহাটী: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আৰক্ষীৰ এনকাউণ্টাৰ । এইবাৰৰ স্থান মহানগৰীৰ ভঙাগড় । শুকুৰবাৰে ভেটাপাৰাত এগৰাকী মহিলাক ছুৰীৰে আঘাত কৰা এটা দুৰ্বৃ্ত্তলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰিলে গুলীচালনা । আৰক্ষীৰ বন্দুকৰ গুলীয়ে অভিযুক্ত আজুল হকৰ সোঁ ভৰিত আঘাত হানে । লগে লগে গুলীবিদ্ধ আজুল হকক ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহবিদ্যালয়ত ।"
এই সমগ্ৰ এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত পূব গুৱাহাটী উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকা কয়, "পুৱতি নিশা ভঙাগড় পাহাৰত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা । আজুল হকক নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা থানালৈ লৈ আহি থকা সময়তে হকে প্ৰস্ৰাৱ কৰাৰ চলেৰে নামি গৈ আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰে । অভিযুক্ত আজুল হকক সৰ্তকবাণী দিয়াৰ সত্বেও দুৰ্বৃত্তটোৱে কোন কানসাৰ নিদিয়াত আৰক্ষীয়ে তিনি জাই গুলীচালনা কৰে । আৰক্ষীৰ গুলী আজুল হকৰ সোঁ ভৰিত লাগে । লগে লগে গুলীবিদ্ধ আজুল হকক গুৱাহাটী চিকিৎসা মহবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।"
মৃণাল ডেকাই লগতে কয়, "আজুল হক যুৱতীগৰাকীৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু সময়ে সময়ে যুৱতীগৰাকীক হাৰাশাস্তি কৰি আহিছিল ৷ ইয়াৰ পূৰ্বেও ধুবুৰীত মহিলাগৰাকীক হাৰাশাস্তি কৰি আটক হৈছিল আজুল হক ।" উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, আজুল হক বিবাহিত ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে আৰু তদন্তৰ পাছতহে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই ৷
উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া ভেটাপাৰাৰ গ’ল্ডেন পথত ৩ সন্তানৰ মাতৃ এগৰাকী মহিলাক ছুৰিকাঘাত কৰিছিল আজুল হকে । তাৰ পিছৰে স্থানীয় ৰাইজে খেদি খেদি আটক কৰিছিল আক্ৰমণকাৰী আজুল হকক । পৰৱৰ্তী সময়ত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আজুল হক । আজুল হকৰ ছুৰিকাঘাতত গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ অৱস্থা বৰ্তমানো সংকটজনক বুলি জানিব পৰা হৈছে ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী ।
লগতে পঢ়ক: অপৰাধৰ যেন অন্য নাম গুৱাহাটী মহানগৰী ! মহিলাক ডিঙি ৰেপি হত্যাৰ চেষ্টা ধৃত আজুলৰ