ETV Bharat / state

বিদেশৰ কয়লা ইয়াতকৈ সস্তা: নিৰ্মল লাংথাচা - UMRANGSO COAL MINE TRAGEDY

উমৰাংছ' অসম কয়লাখনিত সংঘটিত দুৰ্ঘটনাক লৈ সৰৱ প্ৰদেশ কংগ্ৰেছ । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰী কংগ্ৰেছী নেতাৰ ।

Congress protest against Umrangso Assam coal mine tragedy Dima Hasao
অসম কয়লাখনিত সংঘটিত দুৰ্ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 7:57 PM IST

হাফলং: উমৰাংছ' অসম কয়লাখনিত সংঘটিত দুৰ্ঘটনা আৰু জিলাখনত চলি থকা অবৈধ কয়লাৰ ব্যৱসায় আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে চিবিআই তদন্তৰ দাবী কৰাৰ লগতে মুখ্যমন্ত্ৰীক উভতি ধৰে ডিমা হাছাও জিলা কংগ্ৰেছে । ডিমা হাছাও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে জিলা কংগ্ৰেছে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ ডিমা হাছাও জিলাৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাচাই তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

লাংথাচাই কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত অসম কয়লা খনিটো পৰিত্যক্ত বুলি দাবী কৰিছিল । কিন্তু ২০১৬ চনৰ পৰা অবৈধ খনন হৈ আছে । এখন গাড়ীত ১ লাখ ২৫ হাজাৰ টকাৰ কয়লা যায় । এমবিচি বিভাগে দহ টন কয়লাৰ চালান দিয়ে আৰু ইয়াৰ বাবদ ১০ হাজাৰকৈ টকা জমা দি ৯০ হাজাৰ টকা আত্মসাৎ কৰা হয় বুলি দাবী কৰে তেওঁ । প্ৰতিখন গাড়ীৰ পৰা চুৰি হোৱা ৯০ হাজাৰ টকা কাৰ হাতলৈ যায় তাৰ চিবিআই তদন্ত দাবী কৰাৰ লগতে যাৰ যাৰ নামত চালান কটা হয় তাৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰাৰ দাবী জনায় ।"

অসম কয়লাখনিত সংঘটিত দুৰ্ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

তেওঁ লগতে বিগত পৰিষদীয় নিৰ্বাচনত নিৰ্দলীয়ৰূপে অৱতীৰ্ণ হোৱা পুনুচ নুনিচাক ধৰি আন প্ৰাৰ্থীসকলক এই অবৈধ খননত জড়িত বুলি অভিযোগ উত্থাপন কৰে । এমবিচিৰ এক্তিয়াৰৰ বাহিৰত কোনে কোনে কয়লা খনন চলাইছে তাৰো চিবিআই তদন্ত দাবী কৰে কংগ্ৰেছ দলে ।

ইয়াৰোপৰি এজন ব্যক্তিৰ নামৰ চালানতহে কয়লা যায় বুলি দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা হোজাইলৈ অভিযোগৰ আঙুলি তুলি নিৰ্মল লাংথাচাই উমৰাংছ'ৰ কয়লা খননৰ চিবিআই তদন্ত দিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় । এই সন্দৰ্ভত তেওঁ কয়, "২০১৬ চনৰ পিছৰ পৰা এমবিচিৰ টেকনিকেল টীম নাই বুলি দাবী কৰে । সকলো গুৱাহাটীৰ পৰা নিয়ন্ত্ৰণ হয় যাৰ ফলত কয়লাৰ মূল্য অত্যধিক বৃদ্ধি পাইছে ।"

আনকি বিদেশৰ কয়লা ইয়াতকৈ সস্তা হয় বুলিও লাংথাচাই দাবী কৰে । ছিণ্ডিকেটৰ বাবেই পৰিষদ আৰু অসম চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাব লগীয়া হৈছে বুলিও লাংথাচাই উল্লেখ কৰি ২০২৬ চনত কংগ্ৰেছৰ চৰকাৰ হ'লে এই সকলোৰ তদন্ত কৰা হ'ব বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক: উমৰাংছ' কয়লাখনি ট্ৰেজেডী : শনিবাৰে উদ্ধাৰ হ’ল মুঠ তিনিজন শ্ৰমিকৰ মৃতদেহ - UMRANGSO COAL MINE TRAGEDY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.