অসম

assam

মণিপুৰত প্ৰতিবাদকাৰীয়ে ফালিলে প্ৰধানমন্ত্ৰীৰ পোষ্টাৰ, ৰাজ্যপালৰ বিশেষ আহ্বান - MANIPUR VIOLENCE

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 9:32 PM IST

Manipur Violence : শেহতীয়া হিংসাত্মক ঘটনাৰ পিছত পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰৰ পৰিৱেশ । ক্ৰমান্বয়ে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি । আনহাতে, দুখন জিলাত সান্ধ্য আইন জাৰি, ইণ্টাৰনেট সেৱা কৰ্তনে মণিপুৰৰ জনসাধাৰণক অধিক উত্তেজিত কৰি তুলিছে । ক্ষোভত অগ্নিশৰ্মা জনতাই ৰাজপথত ফালিলে বিশাল হৰ্ডিঙত প্ৰধানমন্ত্ৰীৰ পোষ্টাৰ । ইফালে জনসাধাৰণক শান্ত হৈ থাকিবলৈ আহ্বান জনাইছে ৰাজ্যপালে ।

Manipur Violence
মণিপুৰত প্ৰতিবাদকাৰীয়ে ফালিলে প্ৰধানমন্ত্ৰীৰ পোষ্টাৰ (ETV Bharat Assam)

তেজপুৰ, ১০ ছেপ্টেম্বৰ :হিংসা আৰু প্ৰতিহিংসাৰ দাবানলে পুনৰ দহিছে মণিপুৰ । প্ৰায় ডেৰ বছৰ ধৰি চলা গোষ্ঠীগত সংঘৰ্ষৰ ঘা টুকুৰা কিছু পৰিমাণে শুকাবলৈ আৰম্ভ কৰিছিল যদিও পুনৰ যেন তাত চেঙা তেল পৰিছে । যাৰ ফলত পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি ।

বিশেষকৈ বিগত ১ ছেপ্টেম্বৰৰ উগ্ৰপন্থীৰ আক্ৰমণত ৯ জন লোকে প্ৰাণ হেৰুৱাবলগা হোৱা আৰু বহুজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা ঘটনাৰ পিছত এতিয়া ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি । তাৰ মাজতে প্ৰধানমন্ত্ৰীৰ মণিপুৰৰ পৰিস্থিতিক লৈ নিৰুদ্বেগচিত আচৰণে যেন জ্বলা জুইত ঘিঁউ ঢালিছে ।

শেহতীয়া ৰকেট আৰু ড্ৰোন আক্ৰমণৰ পিছতে পুনৰ জাঙুৰ খাই উঠিছে সমগ্ৰ মণিপুৰ । আনহাতে, চৰকাৰে বিভিন্ন শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ সময়তে দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোষ্টাৰ ৰাজহুৱা স্থানৰ পৰা আঁতৰাই দিছে প্ৰতিবাদী জনতাই ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফলকত আক্ৰমণ

প্ৰতিবাদকাৰীৰ প্ৰধানমন্ত্ৰীৰ হৰ্ডিঙত আক্ৰমণ (ETV Bharat Assam)

মণিপুৰৰ ইম্ফল চহৰত প্ৰতিবাদী ছাত্ৰ সংগঠন আৰু বিভিন্ন প্ৰতিবাদী লোকে ৰাজপথত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো থকা বেনাৰসমূহ ফালি পেলায় । হিংসাজৰ্জৰ মণিপুৰৰ ছাত্ৰ সংগঠনে চহৰৰ মাজমজিয়াত থকা মোদীৰ বিভিন্ন পোষ্টাৰ ফালি আঁতৰাই দিয়ে । ক্ষোভিত জনতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ক্ষোভৰ তীব্ৰ উদ্গীৰণ ঘটায় ।

লিচিপ্ৰিয়া কাংগুজামৰ ক্ষোভ

লিচিপ্ৰিয়া কাংগুজাম মণিপুৰৰ এগৰাকী ১২ বছৰীয়া প্ৰকৃতিপ্ৰেমী যুৱতী । তেওঁ মঙলবাৰে এক্সত লিখিছে, "ভাৰতৰ এই হিন্দু মেইটেইৰ শ শ হাজাৰ লোকে কিয় কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ইমান ক্ষুব্ধ হৈছে সেই বিষয়ে গভীৰভাৱে চিন্তা কৰা উচিত ! বিগত ১৬ মাহ স্নাইপাৰ, আৰ পি জি, ড্ৰোন, বোমা আৰু ৩ শতাধিক গাঁও আক্ৰমণৰ কবলত, আৰক্ষী আৰু সেনাই কোনো ধৰণৰ ‘উল্লেখযোগ্য সঁহাৰি’ জনোৱা নাই । 'কুকি' সন্ত্ৰাসবাদৰ অন্ত পৰিব লাগিব । মণিপুৰৰ নাগৰিকে শান্তি কামনা কৰে ।"

তেওঁ পুনৰ উল্লেখ কৰে যে মণিপুৰৰ ছাত্ৰ সংগঠনে কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । কাৰণ শেহতীয়াকৈ বেলেষ্টিক মিছাইলৰ দ্বাৰা আক্ৰমণ সংঘটিত কৰিছে ।

ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

প্ৰতিবাদী সমদল (ETV Bharat Assam)

আনহাতে, মণিপুৰৰ দুখন জিলাত জিলা প্ৰশাসনে সান্ধ্য আইন জাৰি কৰাৰ কেইঘণ্টামানৰ পিছতে মণিপুৰ ছাত্ৰ সংগঠনে ইম্ফলত প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সংগঠনে সোমবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক এক সময়সীমা বান্ধি দিছিল আৰু সেই সময়সীমাৰ অন্ত পৰাত ছাত্ৰ সংগঠনে পুনৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বৃহৎ সমাবেশ

ইফালে মেইৰা-পাইবি সংগঠনৰ লোকসকল একত্ৰিত হৈ বি টি ৰোড, ইম্ফললৈ যোৱা পথত আৰক্ষীৰ সৈতে মুখামুখি হয় আৰু ইয়াৰ ফলত হিংসাত্মক ঘটনা সংঘটিত হয় । পৰৱৰ্তী সময়ত মঙলবাৰে বিয়লি আন এক সংঘর্ষৰ সূত্ৰপাত হয় । তাৰ ফলত প্ৰায় ৫০ জনৰো অধিক ছাত্ৰ-ছাত্ৰী আহত হয় ।

মণিপুৰত ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ

ইণ্টাৰনেট সেৱা বন্ধৰ চৰকাৰী নিৰ্দেশনা (ETV Bharat Assam)

অশান্ত মণিপুৰত এটাৰ পাচত আনটো নিষেধাজ্ঞা বলৱৎ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে দুখন জিলাত সান্ধ্য আইন জাৰি কৰাৰ পিচত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে মঙলবাৰে বিয়লি 3 বজাৰ পৰা ১৫ ছেপ্টেম্বৰৰ বিয়লি 3 বজালৈকে সকলো ধৰণৰ ইণ্টাৰনেট সেৱা বন্ধ ঘোষণা কৰিছে ।

ইণ্টাৰনেট সেৱা বন্ধৰ চৰকাৰী নিৰ্দেশনা (ETV Bharat Assam)

মঙলবাৰে মণিপুৰৰ গৃহ বিভাগৰ যুটীয়া সচিব ডঃ মায়ংবাং ভেটো সিঙৰ স্বাক্ষৰিত এক নিৰ্দেশনাত এই বিষয়ে সদৰী কৰিছে । ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা হিংসাত্মক কাৰ্য আৰু তাৰ ওপৰত সামাজিক মাধ্যমত যাতে উৰাবাতৰি কোনেও প্ৰচাৰ কৰিব নোৱাৰে তাৰ বাবেই ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য যে মণিপুৰৰ শেহতীয়া ঘটনাৰ বহুতো অপপ্রচাৰৰ পিছত ৰাজ্যখনৰ শান্তি-শৃংখলাত ব্যাঘাত জন্মে আৰু এই বিষয়ে বিভিন্ন স্তৰত সমালোচনাৰ সৃষ্টি হয় ।

পুনৰ বন্ধ শিক্ষানুষ্ঠান

মণিপুৰৰ শিক্ষা বিভাগে চৰকাৰী-বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয়, কাৰিকৰী শিক্ষানুষ্ঠান সকলো পুনৰ দুদিনৰ বাবে বন্ধ ঘোষণা কৰিছে । নিৰ্দেশনা অনুসৰি, ৰাজ্যখনৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান ১১ ছেপ্টেম্বৰ বুধবাৰ আৰু ১২ ছেপ্টেম্বৰ বৃহস্পতিবাৰে সম্পূৰ্ণ বন্ধ থাকিব ।

ৰাজ্যপালৰ আহ্বান

মণিপুৰৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য (ETV Bharat Assam)

আনহাতে, ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই মণিপুৰৰ শেহতীয়া ঘটনাৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে । এক প্ৰেছ বাৰ্তাত তেওঁ কয়, "শান্তি আৰু জনসাধাৰণৰ সহযোগিতাই একমাত্ৰ উপায়, যিয়ে সমাজৰ বিকাশ আনে । মণিপুৰ হৈছে 'মণিৰ ভূমি', ইয়াৰ যাতে ব্যতিক্ৰম নহয় । শেহতীয়াকৈ দেখা গৈছে যে বিগত কেইটামান দিনৰ পৰা ৰাজ্যখন অস্থিৰ হৈ পৰিছে । কিছুমান অপ্ৰীতিকৰ ঘটনাই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে । তাৰ বাবে শান্তি পুনৰুদ্ধাৰৰ দিশত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিষ্ঠাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে ।"

ৰাজ্যপালগৰাকীয়ে লগতে কয় যে হিংসাৰ দ্বাৰা কোনো সমস্যাৰ সমাধান নহয় । এই সমস্যাসমূহ দূৰ কৰিবলৈ সকলোৱে অৱদান আগবঢ়াব লাগিব আৰু উপায় বিচাৰিব লাগিব । সমস্যা সমাধানৰ বাবে ৰাজ্যপালগৰাকীয়ে জননেতা, ছাত্ৰ-ছাত্ৰীৰ সৈতে অহৰহ আলোচনা কৰি আছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণক সন্মানৰ প্ৰশ্ন কৰি তুলিছে : অশোক গেহলট - Manipur Violence row
লগতে পঢ়ক :ইম্ফল পশ্চিম আৰু পূব জিলাত অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন জাৰি - Manipur fresh violence

ABOUT THE AUTHOR

...view details