ETV Bharat / bharat

এবুকু যন্ত্ৰণা লৈ আজিও ওড়িশাত ৰৈ আছে 'অসম দ্বীপ' - TRIBAL MUSEUM ECHOES OF MIGRATION

বৰ্তমানৰ এই মিউজিয়ামৰ স্থানখিনি সেই সময়ত ‘অসম দ্বীপ’ নামেৰে জনাজাত আছিল । কাৰণ তাতেই আদিবাসীসকলক একত্ৰিত কৰি অসমলৈ পঠিওৱা হৈছিল ।

TRIBAL MUSEUM ECHOES OF MIGRATION
প্ৰব্ৰজনৰ যন্ত্ৰণাক ধৰি ৰখা ওড়িশাৰ এটা জনজাতীয় সংগ্ৰহালয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2025, 8:38 PM IST

কোৰাপুট (ওড়িশা): পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে ওড়িশাৰ কোৰাপুটত অৱস্থিত জনজাতীয় সংগ্ৰহালয়টো এক ঐতিহ্যমণ্ডিত স্মৃতিসৌধ, য’ত জনজাতীয় জীৱনশৈলীক চিত্ৰিত কৰা বিৰল শিল্পকৰ্ম সংগ্ৰহৰ সৈতে অতীতৰ অৱশিষ্টসমূহ সংৰক্ষণ কৰা হৈছে । কিন্তু জনজাতীয় পৰিয়ালৰ নিস্তব্ধ দেৱালসমূহে যেন তেওঁলোকৰ পূৰ্বপুৰুষসকলৰেই কৰুণ কাহিনী সোঁৱৰাই দিয়ে, যিসকলক এসময়ত শ্ৰমিক হিচাপে কাম কৰিবলৈ অসমৰ চাহ বাগিচালৈ লৈ যোৱা হৈছিল ।

অজ্ঞাত সেইসকলৰ স্মৃতিত স্থাপিত এই সংগ্ৰহালয়টোত প্ৰদৰ্শিত বস্তুবোৰে প্ৰাণৱন্ত জনজাতীয় পৰম্পৰাৰ জীৱনশৈলীকেই প্ৰতিফলিত কৰে ৷ খেতি পদ্ধতিৰ পৰা আৰম্ভ কৰি জনজাতীয় পুৰুষ-মহিলাৰ ৰঙীন জীৱন, ফ্ৰেস্কো, তেওঁলোকৰ সাজ-পোছাক, বাচন-বৰ্তন, অলংকাৰ আৰু তেওঁলোকে ব্যৱহাৰ কৰা দৈনন্দিন জীৱনৰ সামগ্ৰীসমূহলৈকে ।

অৱশ্যে সংগ্ৰহালয়টোৰ পৃষ্ঠভাগত অলপ খোঁচ মাৰিলেই এটা বেলেগ কাহিনী ওলাই পৰে । কুৰি শতিকাৰ আৰম্ভণিতে যেতিয়া অসমৰ চাহ-বাগিচাসমূহে শ্ৰমিকৰ অভাৱৰ সন্মুখীন হৈছিল আৰু আন ঠাইৰ পৰা অহা লোকৰ প্ৰয়োজন হৈছিল, তেতিয়াৰ ব্ৰিটিছ প্ৰশাসনে চাহ জিলা শ্ৰমিক সন্থা (TDLA)ৰ প্ৰয়োজনীয়তা অনুসৰি প্ৰব্ৰজন আঁচনি প্ৰৱৰ্তন কৰিছিল । ট্ৰাইবেল মিউজিয়ামে এসময়ত কোৰাপুটৰ পৰা চলি থকা টি ডি এল এ এজেণ্টৰ বাসস্থান হিচাপে কাম কৰিছিল ।

দৰাচলতে সংগ্ৰহালয় ভৱনৰ কাষতে থকা ঈগলু সদৃশ গাঁথনিবোৰত জনজাতীয় শ্ৰমিকসকলক অসমলৈ পঠোৱাৰ পূৰ্বে ৰখাৰ ব্যৱস্থা কৰা হৈছিল বুলি জানিব পৰা গৈছে । সংগ্ৰহালয়ৰ বাহিৰত থকা জিলা প্ৰশাসনৰ তথ্য ব’ৰ্ডৰ তথ্য অনুসৰি অবিভক্ত কোৰাপুট জিলাৰ পৰা প্ৰতি বছৰে প্ৰায় ৩ হাজাৰ শ্ৰমিক অসমলৈ প্ৰব্ৰজন কৰিছিল । ১৯৫৭ চনত যেতিয়া টি ডি এল এৰ কাম বন্ধ হৈ গ’ল, তেতিয়ালৈকে এক লাখতকৈ অধিক জনজাতীয় শ্ৰমিকক অসমৰ চাহ-বাগিচালৈ পঠিওৱা হৈছিল ।

অসমলৈ ২০০০ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ যাত্ৰা কৰাটো অতি কঠিন আছিল । ট্ৰাক বা আন বাহনেৰে লৈ যোৱা হৈছিল শ্ৰমিকসকলক । শাৰীৰিকভাৱে ই অতি কঠিন আছিল, পৰিয়াল আৰু চিনাকি পৰিৱেশ এৰি যোৱাৰ আৱেগিক চাপ আৰু বেছি আছিল । অসমত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে এক অচিনাকি ঠাইত নিসংগতাৰ সন্মুখীন হৈছিল।

প্ৰত্যাহ্বানবোৰ ইয়াতেই শেষ হোৱা নাছিল । চাহ-বাগিচাৰ শ্ৰমিকসকলে কঠোৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু তেওঁলোকৰ কম আয়ৰ বাবে প্ৰায়ে পৰিয়ালৰ সৈতে পুনৰ মিলিত হোৱাটো অসম্ভৱ হৈ পৰিছিল । সময়ৰ লগে লগে তেওঁলোকে অসমীয়া সমাজত বিলীন হৈ স্থানীয় লোকৰ সৈতে বৈবাহিক সম্পৰ্ক গঢ়ি মাতৃভূমিৰ সৈতে ভাষিক আৰু সাংস্কৃতিক সম্পৰ্ক হেৰুৱাই পেলালে ।

শ্ৰমিকসকলৰ বাবে প্ৰব্ৰজনৰ অৰ্থ আছিল প্ৰায়ে পৰিয়ালৰ পৰা স্থায়ীভাৱে পৃথক হোৱা । ট্ৰাইবেল মিউজিয়ামৰ পৰিচালক ড৹ জগাবন্ধু সমলে কয়, “আজি অসমত বসবাস কৰা বহু ওড়িয়া পৰিয়াল এই প্ৰব্ৰজনকাৰীৰ বংশধৰ । তেওঁলোকে জনজাতীয় হোৱাৰ উত্তৰাধিকাৰ আগুৱাই লৈ যায়, কিন্তু তেওঁলোকৰ পূৰ্বপুৰুষৰ গাঁৱৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছে ।”

কাৰাঞ্জগুডাৰ ৭০ বছৰীয়া কৃষক সমৰা গদাবাই স্মৰণ কৰে, অসমলৈ যোৱাসকলৰ ভিতৰত তেওঁৰ পিতৃৰ ফালৰ পৰা ককাকহঁতেও কেনেদৰে গৈছিল । গদাবাই কয়- “প্ৰথম অৱস্থাত বংশধৰসকলে কেইবছৰমানৰ মূৰে মূৰে আমাৰ ওচৰলৈ আহিছিল যদিও সময়ৰ লগে লগে সেই ভ্ৰমণ বন্ধ হৈ গ’ল । সম্পৰ্ক বিচ্ছিন্ন হৈছে ।” গাঁওবাসী প্ৰহ্লাদ নায়কে দুখ প্ৰকাশ কৰে যে বহু প্ৰব্ৰজিত পৰিয়ালে এতিয়া সু-বসতি স্থাপন কৰিলেও তেওঁলোকে নিজৰ উৎপত্তিৰ সৈতে ভাষিক আৰু সাংস্কৃতিক সম্পৰ্ক হেৰুৱাই পেলাইছে ।

একেদৰে মহাদৈপুতৰ এজন কৃষক সুৰেন্দ্ৰ মস্তিয়েও কয়, “বৰ্তমানৰ এই মিউজিয়ামৰ স্থানখিনি সেই সময়ত ‘অসম দ্বীপ’ নামেৰে জনাজাত আছিল । কাৰণ তাতেই আদিবাসীসকলক একত্ৰিত কৰি অসমলৈ পঠিওৱা হৈছিল । পৰিয়ালবোৰৰ ওচৰত নিজৰ আপোনজনক ক’লৈ লৈ যোৱা হৈছে তাৰ কোনো ধাৰণা নাছিল । বহুতো লোক কেতিয়াও ঘূৰি নাহিল আৰু যিসকল ঘূৰি আহিছিল তেওঁলোক অচিনাকি মানুহৰ দৰে আছিল ।” মস্তিয়ে জনজাতীয়সকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়েও পিতৃ আৰু ককাকৰ পৰা শুনা কাহিনীৰ কথা কয় । "চাহ বাগিচাত শ্ৰমিকসকল কঠোৰ কৰ্ম পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু তেওঁলোকৰ সামান্য উপাৰ্জনৰ বাবে প্ৰায়ে তেওঁলোকৰ পৰিয়ালৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাটো অসম্ভৱ হৈ পৰিছিল । সময়ৰ লগে লগে তেওঁলোক অসমীয়া সমাজত একত্ৰিত হৈছিল, স্থানীয়ভাৱে বিবাহপাশত আবদ্ধ হৈছিল আৰু ওড়িশাৰ পৰা অহা জনজাতীয় হিচাপে নিজৰ পৰিচয় হেৰুৱাই পেলাইছিল ।" তেওঁ কয় ।

ঠাই বিশেষে ব্যাপকভাৱে ভ্ৰমণ কৰি প্ৰব্ৰজনকাৰীৰ কষ্টৰ নথিভুক্ত কৰা প্ৰিয়ব্ৰত পাত্ৰই কয় যে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বিষয়ে কাহিনীৰ প্ৰচুৰতা আছে । অসমৰ চাহ-বাগিচা ভ্ৰমণৰ সময়ত তেওঁ ওড়িশাৰ কিছু লোকক লগ পায়, যিয়ে তেওঁক নিজৰ ৰাজ্যৰ কোনোবা এজন বুলি পৰিচয় দিয়ে । তেওঁ কয়, “তেওঁলোকৰ কাহিনীবোৰ মৌখিক পৰম্পৰাৰ জৰিয়তে সংৰক্ষণ কৰা হয়, কিন্তু নথি-পত্ৰ অবিহনে হেৰাই যোৱাৰ আশংকা থাকে।”

এই হেৰোৱা প্ৰজন্মক কোৰাপুটৰ বৰ্তমানৰ সৈতে সংযোগ কৰাটো গুৰুত্বপূৰ্ণ । বৰ্তমান প্ৰব্ৰজিত বংশধৰ আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ গাঁৱৰ মাজত এক বৃহৎ ব্যৱধান আছে । পাত্ৰই লগতে কয়, “কেৱল ভৱিষ্যতৰ বাবেই নহয়, বংশধৰসকলৰ মাজত নিজৰ বুলি ভবাৰ ভাব জগাই তুলিবলৈ এই ইতিহাসসমূহৰ নথিভুক্ত কৰাটো অতি প্ৰয়োজনীয় ।” তেওঁৰ মতে, জিলাখনৰ পাহাৰীয়া অঞ্চলসমূহ প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ হোৱাৰ কথা মনত ৰাখিলে জনজাতীয়সকলে কামৰ সন্ধানত ঘৰ এৰি নগ’লেহেঁতেন, যদিহে তেওঁলোকৰ বাবে জীয়াই থকাটো প্ৰত্যাহ্বান নহ’লহেঁতেন ।

প্ৰব্ৰজনৰ ক্ষেত্ৰত কাম কৰি অহা আইড এট এক্সনৰ ওড়িশা লীড উমি ডেনিয়েলে প্ৰব্ৰজিত শ্ৰমিক আৰু তেওঁলোকৰ বংশধৰসকলৰ পঞ্জীয়ন গঠন কৰাৰ পৰামৰ্শ দিয়ে । তেওঁ কয়, “এই পদক্ষেপে চৰকাৰী সুবিধাসমূহ এই সম্প্ৰদায়সমূহৰ মাজলৈ যোৱাটো নিশ্চিত কৰাত সহায় কৰিব পাৰে আৰু লগতে তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমিৰ সৈতে পুনৰ সংযোগৰ সুবিধাও দিব পাৰে ।”

এনে প্ৰচেষ্টাই নিজৰ শিপা পুনৰ আৱিষ্কাৰ কৰিব বিচৰা প্ৰব্ৰজনকাৰীসকলৰ পৰীক্ষা আৰু কষ্টৰ নথিভুক্ত কৰিব । "যদিও কিছুমান বংশধৰে ওড়িশাৰ হিচাপে নিজৰ পৰিচয়ৰ চিনস্বৰূপে 'কোৰাপুটিয়া'ৰ দৰে উপাধি ধৰি ৰাখিছে, বেছিভাগৰেই নাই । গঞ্জাম আৰু পশ্চিম ওড়িশা জিলাত উৎসৱৰ বাবে ঘৰলৈ উভতি অহা আধুনিক প্ৰব্ৰজনকাৰীৰ দৰে নহয়, বেছিভাগ জনজাতীয় শ্ৰমিকৰ সৈতে পুনৰ সংযোগ স্থাপনৰ উপায় খুব কমেইহে আছিল ।" ডেনিয়েলে কয় । ডেনিয়েলে আৰু কয় যে তেওঁলোকৰ ঘূৰি আহিবলৈ ধন নাছিল আৰু চৰকাৰী পদক্ষেপেও তেওঁলোকৰ উৎপত্তিৰ তথ্য লাভ কৰা নাই যিয়ে তেওঁলোকৰ দুৰ্দশা আৰু বেছিকৈ বৃদ্ধি কৰিছিল ৷

কোৰাপুটৰ কোটছৰ সঞ্চালক পি চি মহাপাত্ৰৰ মতে জনজাতীয় জীৱনশৈলীৰ ঐতিহ্য আৰু ইতিহাস ধাৰণ কৰা আৰু জনজাতীয় জীৱনৰ গৌৰৱ প্ৰদৰ্শন কৰা সংগ্ৰহালয়টোৱেও প্ৰব্ৰজনৰ কাহিনীৰ নথিভুক্ত কৰে । তেওঁ দৃঢ়তাৰে কয় যে সংগ্ৰহালয়ৰ বাহিৰৰ ব’ৰ্ডত কিমান জনজাতীয় লোকক কাম কৰিবলৈ অসমলৈ পঠিওৱা হৈছিল আৰু বছৰৰ পিছত বছৰ ধৰি এই সংখ্যা কেনেকৈ বৃদ্ধি পাইছিল তাৰ সবিশেষ তথ্য আছে । মহপাত্ৰই লগতে কয় যে বছৰ বছৰ ধৰি সংযোগ বিচ্ছিন্নতাই পৰিয়ালসমূহক প্ৰভাৱিত কৰিছে - ওড়িশাত আৰু অসমতো ।

ডেনিয়েলে অসমৰ চাহ-বাগিচাত প্ৰব্ৰজিত শ্ৰমিকৰ জৰীপ চলোৱা, প্ৰব্ৰজিত লোকৰ পঞ্জীয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে চৰকাৰী সুবিধাসমূহ এই জনগোষ্ঠীসমূহৰ মাজলৈ যোৱাটো নিশ্চিত হয় আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ মাটিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাত সহায় কৰে । এই পদক্ষেপে কেৱল অসুবিধা সহ্য কৰা প্ৰব্ৰজনকাৰীসকলক সন্মান জনোৱাই নহয়, তেওঁলোকৰ বংশধৰসকলৰ মাজত নিজৰ বুলি নৱীকৃত ভাৱনাও গঢ়ি তুলিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: মাওবাদী নিৰ্মূলৰ প্ৰচেষ্টা : মহাৰাষ্ট্ৰ চৰকাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.