নেশ্যনেল ডেস্ক, 9 মে’ :পাব জি গেমে কাল মাতিলে এটা পৰিয়াললৈ ৷ বিহাৰৰ বেগুছৰাইত পাব জি খেলাৰ সময়তে এজন কিশোৰে আন এজন কিশোৰক গুলীয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷
ঘটনা অনুসৰি পাব জি খেলি থাকোতে এজন 12 বছৰীয়া ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মৃত্যু হয় ৷ ঘটনা সংঘটিত কৰি অভিযুক্ত কিশোৰটো পলাই যাবলৈ সক্ষম হয় ৷ বৃহস্পতিবাৰে সন্ধিয়া চেৰিয়া বাৰিয়াৰপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বাচাহী পঞ্চায়তৰ আউৰিয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ মৃত কিশোৰটো অৰ্জুন কুমাৰ (12) আৰু অভিযুক্ত কিশোৰটো ৰাজ কুমাৰ যাদৱ (14) বুলি চিনাক্ত কৰা হৈছে ।
এই ঘটনা সন্দৰ্ভত গাঁওবাসীয়ে কয় যে, আজি সন্ধিয়া, অভিযুক্তটোৱে মৃত কিশোৰটোক তেওঁৰ ঘৰলৈ পাব জি খেলিবলৈ মাতিছিল ৷ খেলি থকাৰ মাজতে ইজন কিশোৰে আনজন কিশোৰক পিষ্টলেৰে গুলীয়াই দিয়ে ৷ লগে লগে গুলীৰ শব্দ শুনি ঘৰৰ লোকে আহি তেজেৰে ৰাঙলী হৈ থকা অৱস্থাত ভুক্তভোগী কিশোৰটোক হাস্পতাললৈ লৈ যায় যদিও কিশোৰটোৰ ইতিমধ্যে মৃত্যু হৈছিল ৷