ETV Bharat / state

দুৰ্বৃত্তই ভাঙিলে দশৰথ বহিখোৱা বৰফুকন মৈদামৰ ফলক; টাইপাৰ এজাহাৰ দাখিল - HISTORICAL MAIDAM OF AHOM RULE

আহোমৰ ঐতিহাসিক মৈদামত চকু পৰিছে দুৰ্বৃত্তৰ । দশৰথ বহিখোৱা বৰফুকনৰ মৈদামস্থলীৰ দিশ নিৰ্ণয়কাৰী ফলক ভাঙিলে দুৰ্বৃত্তই ।

Historical Maidam of Ahom rule
দুৰ্বৃত্তই ভাঙিলে দশৰথ বহিখোৱা বৰফুকন মৈদামৰ ফলক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 5 hours ago

ডিব্ৰুগড় : অসমৰ বিভিন্ন স্থানত আহোম স্বৰ্গদেউ, বৰফুকন আদিৰ মৈদামসমূহ আছে । ডিব্ৰুগড় জিলাৰ খোৱাং বাগানৰ মাজতো আহোমৰ বিখ্যাত দশৰথ বহিখোৱা বৰফুকনৰ মৈদামৰ লগতে ২০০ৰো অধিক সৰু-বৰ মৈদাম আছে । কিন্তু বছৰ বছৰ ধৰি এইসমূহ মৈদাম অবহেলিত হৈ আছে । যাৰ বাবে আহোম জনগোষ্ঠীৰ একাংশ দল-সংগঠন আৰু সচেতন ৰাইজৰ সহযোগত এই মৈদামসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

মৈদামসমূহলৈ যাবলৈ খোৱাং বাগান তিনিআলিত এখন দিশ নিৰ্ণায়কাৰী ফলক লগাইছিল মৈদাম সংৰক্ষণ সমিতিয়ে । কিন্তু বুধবাৰে নিশা কোনো দুৰ্বৃত্তই এই ফলক ভাঙি পেলায় । পূৰ্বপুৰুষৰ প্ৰতি এনে অপমানক সহজভাৱে ল'ব পৰা বিভিন্ন আহোম জনগোষ্ঠীৰ সংগঠনে । যাৰ বাবে ক্ষোভিত হৈ পৰিছে টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদ ।

দুৰ্বৃত্তই ভাঙিলে দশৰথ বহিখোৱা বৰফুকন মৈদামৰ ফলক (ETV Bharat)

অতি ষড়যন্ত্ৰমূলকভাৱে এই ফলক ভাঙি পেলোৱাৰ অভিযোগ সংগঠনকেইটাৰ । দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীৰে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে টাই আহোম যুৱ পৰিষদৰ (টাইপা) খোৱাং আঞ্চলিক সমিতিয়ে ।

Historical Maidam of Ahom rule
দুৰ্বৃত্তই ভাঙিলে দশৰথ বহিখোৱা বৰফুকন মৈদামৰ ফলক (ETV Bharat)
  • ঐতিহাসিক মৈদামসমূহ সংৰক্ষণত ব্যৰ্থ চৰকাৰ :

অসমৰ বিভিন্ন স্থানত থকা মৈদামসমূহৰ অধিকাংশই পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবে ধ্বংসৰ দিশলৈ গতি কৰিছে । ৰাজ্য চৰকাৰে ৰজা দিনীয়া সকলো সমল সংগ্ৰহ আৰু সোন্দৰ্যবৰ্ধন কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও সেয়া বাস্তৱত কাৰ্যকৰী হোৱা নাই । ফলত খোৱাং চাহ বাগিচাৰ এলেকাধীন মণিপথাৰত থকা দশৰথ বহিখোৱা বৰফুকনৰ প্ৰায় দুই শতাধিক মৈদাম এতিয়া নিঃশেষ হোৱাৰ দিশত ।

খোৱাং চাহ বাছাৰ মাজত থকা মৈদামসমূহৰ প্ৰায় সংখ্যকতেই বাগিচা কৰ্তৃপক্ষৰ হাতোৰা পৰিছে । কেৱল ইমানেই নহয় অস্তিত্বৰ সংকটত থকা মৈদামসমূহৰ ওপৰত ৰোপণ কৰা হৈছে চাহ গছ । অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ দৰে এটা বিয়াগোম বিভাগ থকাৰ পিছতো এনেধৰণৰ ইতিহাস প্ৰসিদ্ধ মৈদামসমূহ ধ্বংসৰ গৰাহলৈ যোৱাটো আচৰিত কথা ।

  • দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী টাইপাৰ :

খোৱাং বাগানৰ মাজত আহোমৰ বিখ্যাত দশৰথ বহিখোৱা বৰফুকনৰ মৈদামৰ লগতে ২০০ৰো অধিক সৰু-বৰ মৈদামলৈ যোৱা দিশ নিৰ্ণয়কাৰী ফলক দুৰ্বৃত্তই ভাঙি পেলোৱাৰ পাছতে ক্ষোভিত হৈ পৰিছে টাই আহোম যুৱ পৰিষদকে ধৰি বিভিন্ন সংগঠন । খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে । এই ঘটনাই আহোমৰ উপৰিপুৰুষক চৰম অপমান কৰা হৈছে বুলিও অভিযোগ কৰিছে সংগঠনটোৱে ।

লগতে পঢ়ক :নিউয়ৰ্ক টাইমছৰ তালিকাত জিলিকিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - KAZIRANGA NATIONAL PARK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.