ETV Bharat / state

উমৰাংছ' কয়লাখনি ট্ৰেজেডী : পঞ্চমটো দিনত ভৰি দিলে উদ্ধাৰকাৰ্যই, ক্ৰমাৎ আশা কমি আহিছে আত্মীয়ৰ - UMRANGSO COAL MINE TRAGEDY

আৰক্ষীয়ে হানন লস্কৰ নামৰ আন এগৰাকী ব্যক্তিক অবৈধ খনন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ।

Umrangso coal mine tragedy
উমৰাংছ' কয়লাখনি ট্ৰেজেডী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2025, 11:09 AM IST

Updated : Jan 10, 2025, 11:59 AM IST

হাফলং : ডিমা হাছাও জিলাৰ উমৰাংছ'ৰ তিনি কিলোৰ ক'লামাটিস্থিত কয়লাখনিত সংঘটিত বিপৰ্যয়ৰ আজি পঞ্চমটো দিন । এতিয়ালৈকে কয়লাখনিত আবদ্ধ হৈ আছে 8 গৰাকী শ্ৰমিক । বিভিন্ন প্ৰক্ৰিয়াৰে উদ্ধাৰ অভিযান চলি আছে যদিও এতিয়াও শ্ৰমিককেইজনৰ কোনো সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলে ।

অৱশ্যে বুধবাৰে নৌ-সেনাই অভিযান চলাই নেপালৰ বাসিন্দা গংগা বাহাদুৰ শ্রেষ্ঠ নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰে যদিও আন ৮ জনকৈ শ্ৰমিকক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই উদ্ধাৰকাৰী দলে । ইয়াৰ লগে লগে কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক লৈ শংকা বৃদ্ধি পাইছে । পাঁচ দিন পিছতো আবদ্ধ শ্ৰমিকসকল জীয়াই আছেনে বা যদি জীয়াই নাই তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা যাবনে বুলি এতিয়া সকলোৰে মনত প্ৰশ্ন জাগিছে ।

ইপিনে কয়লাখনিত 300 ফুট পানী জমা হোৱাৰ বাবে শ্ৰমিকসকলক উদ্ধাৰ কৰাত প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হৈছে । দিনে-নিশাই পাম্পেৰে খনিৰ ভিতৰৰ পানী নিষ্কাশন কৰাৰ পিছতো পুনৰ পানী জমা হৈ আছে । সন্দেহ কৰা হৈছে যে খানডং ডেম আৰু কপিলী নৈৰ পৰা পানী আহি কয়লাখনিত জমা হৈ আছে ।

বৰ্তমান নাগপুৰৰ পৰা অনা বিশেষ পানী নিষ্কাশন পাম্পৰ পাইপ কয়লাখনিৰ 300 ফুট তলত লগোৱাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ পিছতে পানী নিষ্কাশন কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিব পৰা গৈছে ।

ইপিনে অসমৰ কয়লা কুৱেৰীত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে অবৈধ খনন চলোৱাৰ বাবে পুনুচ নুনিচা নামৰ এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে হানন লস্কৰ নামৰ আন এগৰাকী ব্যক্তিক অবৈধ খনন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । পুনুচ নুনিচাৰ স্বীকাৰোক্তিৰ ভিত্তিত এই ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা হয় । বৰ্তমান পুনুচ নুনিচা চাৰি দিনৰ আৰক্ষীৰ জিম্মাত আছে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ সহমতত উমৰাংছ'ত অবৈধ কয়লাখনি চলিছিল : মনোজ চৌহান - UMRANGSO COAL MINE TRAGEDY
লগতে পঢ়ক :উমৰাংছ' ট্ৰেজেডি : পত্নীসহ দেৱলাল গাৰ্লোচাক গ্ৰেপ্তাৰৰ দাবী বিধায়ক নুৰুল হুদাৰ - ASSAM COAL MINE TRAGEDY

Last Updated : Jan 10, 2025, 11:59 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.