নতুন দিল্লী:লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে এখন সাংবিধানিক সংশোধনী বিধেয়ক মঙলবাৰে সংসদৰ নিম্ন সদনত উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে আৰু ইয়াক দুয়োটা সদনৰ যৌথ সমিতিলৈ প্ৰেৰণ কৰা হ’ব । লোকসভাৰ এজেণ্ডাত কোৱা হৈছে যে জনপ্ৰিয়ভাৱে "এক দেশ এক নিৰ্বাচন" সম্পৰ্কীয় বিধেয়ক বুলি কোৱা সংবিধান (১২৯ সংশোধনী) বিধেয়ক ২০২৪ কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰিব ।
ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা লোকসভাৰ সকলো সাংসদক ১৭ ডিচেম্বৰত সদনত উপস্থিত থকাৰ বাবে "থ্ৰি লাইন" হুইপ জাৰি কৰিছে ৷ ইফালে প্ৰধান বিৰোধী দল কংগ্ৰেছেও সাংসদসকলক সদনত উপস্থিত থকাৰ বাবে জাৰি কৰিছে হুইপ
ইয়াৰ উত্থাপনৰ পাছত মেঘৱালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক অনুৰোধ কৰিব যে বিধেয়কখন বহল আলোচনাৰ বাবে সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰিব লাগে । কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক ২০২৪ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ, পুডুচেৰী আৰু দিল্লীৰ এন চি টিৰ নিৰ্বাচনক একাকাৰ কৰিব বিচাৰিছে ।
বিভিন্ন দলৰ সাংসদৰ শক্তিৰ ওপৰত ভিত্তি কৰি অনুপাতে গঠন কৰা হ’ব এই যৌথ পেনেল । বৃহত্তম দল হিচাপে বিজেপিয়ে কমিটীৰ অধ্যক্ষৰ পদ লাভ কৰিব, ইয়াৰ উপৰিও কেইবাজনো সদস্যৰ পদো লাভ কৰিব বুলি সোমবাৰে এগৰাকী কাৰ্যকৰ্তাই প্ৰকাশ কৰে ।
প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ কমিটীৰ সদস্য হিচাপে থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে একেলগে লোকসভা, ৰাজ্যিক বিধানসভা আৰু স্থানীয় সংস্থাৰ নিৰ্বাচন পৰ্যায়ক্ৰমে অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল, বিধেয়কখন উত্থাপনৰ সময়ত নিম্ন সদনত উপস্থিত থকাৰ সম্ভাৱনা আছে বুলিও বিষয়াগৰাকীয়ে কয় ।