নতুন দিল্লী : দিল্লী বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও দলসমূহে প্ৰাৰ্থী তালিকা প্ৰকাশৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে । তাৰ মাজতে বিজেপিয়ে শনিবাৰে ৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচনৰ বাবে ২৯ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে ।
বিজেপিৰ ২৯ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে নতুন দিল্লী আসনৰ বাবে বিজেপিয়ে প্ৰাক্তন সাংসদ পাৰভেশ বাৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰে ।
কালকাজীৰ আসনৰ বাবে আন এগৰাকী প্ৰাক্তন সাংসদ ৰমেশ বিধুৰীৰ নাম উল্লেখ কৰিছে । য'ত মুখ্যমন্ত্ৰী তথা আপৰ প্ৰাৰ্থী আতিশী নিৰ্বাচনত অৱতীৰ্ণ হ'ব । দলটোৱে ক্ৰমে কৰোলবাগ আৰু জনকপুৰীৰ পৰা ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ বিষয়ববীয়া দুশ্যন্ত কুমাৰ গৌতম আৰু আশীষ সুদক প্ৰাৰ্থিত্ব দিছে । গান্ধী নগৰৰ পৰা অৰবিন্দৰ সিং লাভলী আৰু বিজৱাচানৰ পৰা প্ৰাক্তন আপ নেতা কৈলাশ গেহলটক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।
দিল্লী বিজেপিৰ প্ৰাক্তন সভাপতি সতীশ উপাধ্যায়ে মালৱীয় নগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । তালিকাখনত আদৰ্শ নগৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা ৰাজকুমাৰ ভাটিয়া, বদলীৰ পৰা দীপক চৌধুৰী আৰু ৰিথালাৰ পৰা কুলৱন্ত ৰাণাৰ নামো অন্তৰ্ভুক্ত আছে ।
তেওঁলোকৰ উপৰিও গেৰুৱা দলে মনোজ শৌকিনক নাংলোই জাটৰ পৰা, ৰাজকুমাৰ চৌহানক মঙ্গলপুৰীৰ পৰা, বিজেন্দ্ৰ গুপ্তাক ৰোহিণীৰ পৰা, ৰেখা গুপ্তাক শালিমাৰবাগৰ পৰা, অশোক গোৱেলক মডেল টাউন, ৰাজেন্দ্ৰ কুমাৰ আনন্দক পেটেল নগৰ, মঞ্জিন্দৰ সিং চিৰছাক ৰাজৌৰী গাৰ্ডেন, কৈলাশ গেহলটক বিজৱাচান, চৰ্দাৰ তাৰবিন্দৰ সিং মাৰৱাহক জেংপুৰা, মালৱীয় নগৰৰ পৰা সতীশ উপাধ্যায়, আৰ কে পুৰমৰ পৰা অনিল শৰ্মা, মেহৰৌলীৰ পৰা গজেন্দ্ৰ যাদৱ আৰু ছত্ৰপুৰৰ পৰা কাৰতাৰ সিং তানৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।
খুচী ৰাম চুনাৰে আম্বেদকাৰ নগৰ, নাৰায়ণ দত্ত শৰ্মাই বদৰপুৰ, পাটপাৰগঞ্জৰ পৰা ৰবীন্দ্ৰ সিং নেগী, বিশ্বাস নগৰৰ পৰা ওম প্ৰকাশ শৰ্মা, কৃষ্ণ নগৰৰ পৰা অনিল গোৱেল, গান্ধীনগৰৰ পৰা অৰবিন্দ সিং লাভলী, সীমাপুৰীৰ পৰা কুমাৰী ৰিংকু, ৰোহতাচ নগৰৰ পৰা জীতেন্দ্ৰ মহাজন আৰু গোহানাৰ পৰা অজয় মহাৱাৰে প্ৰতিদ্বন্দ্বিতা কৰিব ।