হায়দৰাবাদ :আজি পেন্সনাৰ দিৱস ৷ প্ৰত্যেক বছৰে ১৭ ডিচেম্বৰৰ দিনটোত ভাৰতত পেন্সনাৰ দিৱস হিচাপে পালন কৰা হয় ৷ ইয়াৰ উদ্দেশ্য হৈছে স্বৰ্গীয় ডি. এছ. নাকাৰাক (D.S Nakara) কৃতজ্ঞতাৰে স্মৰণ কৰা, যিয়ে বিচাৰৰ জৰিয়তে সমাজলৈ সন্মান আৰু মৰ্যাদা আনিবলৈ বহু বছৰ ধৰি যুঁজ দিছিল ।
আজিৰ দিনটোৰ ইতিহাস :
১৯৮২ চনৰ আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত চাকৰিয়াল আৰু পেন্সনাৰসকলক মৰ্যাদা আৰু শালীনতাৰ নিশ্চয়তা প্ৰদান কৰি এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে । ১৯৮২ চনৰ ১৭ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ পেন্সনৰ ঐতিহাসিক ৰায়দানৰ পটভূমিত এই দিনটো পালন কৰা হয় ।
প্ৰতিৰক্ষা বিভাগৰ (Defense Department) পৰা অৱসৰ লোৱা ডি.এছ. নাকাৰাই পেন্সনৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ পিছত আদালতৰ কাষ চাপিছিল । ১৯৭৯ চনত কেন্দ্ৰই ৰূপায়ণ কৰা উদাৰ পেন্সন ব্যৱস্থাটো পেন্সনাৰসকলৰ বাবে তুলনামূলকভাৱে লাভজনক আছিল ।
কিন্তু ১৯৭৯ চনৰ ৩১ মাৰ্চৰ পিছত অৱসৰ লোৱাসকলৰ মাজতে ই সীমাবদ্ধ আছিল । এই বৈষম্যৰ বিৰুদ্ধে ডি এছ নাকাৰাই আদালতৰ কাষ চাপিছিল ।
ভাৰতীয় পেন্সন ব্যৱস্থাৰ ইতিহাস :
ভাৰতীয় পেন্সন ব্যৱস্থাৰ ইতিহাস ব্ৰিটিছ ভাৰতৰ ঔপনিৱেশিক যুগৰ পৰাই আৰম্ভ হয় । ৰয়েল কমিছন অন চিভিল এষ্টাব্লিছমেণ্টে ১৮৮১ চনত প্ৰথমে চৰকাৰী কৰ্মচাৰীক পেন্সনৰ সুবিধা প্ৰদান কৰিছিল । ১৯১৯ আৰু ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইনত আৰু অধিক ব্যৱস্থা কৰা হৈছিল । পৰৱৰ্তী সময়ত এই আঁচনিসমূহ একত্ৰিত কৰি সম্প্ৰসাৰণ কৰি সমগ্ৰ ৰাজহুৱাখণ্ডৰ শ্ৰমিক জনসংখ্যাক অৱসৰৰ সুবিধা প্ৰদান কৰা হয় ।
কেন্দ্ৰীয় কৰ্মচাৰীৰ কেইবাবাৰো আন্দোলনৰ পিছত স্বাধীন ভাৰতত এক বিস্তৃত পেন্সন আইন গৃহীত হয় । ইয়াক কেন্দ্ৰীয় অসামৰিক সেৱা (Central Civil Services বা Pension) নিয়ম, ১৯৭২ বুলি জনা যায় । সংবিধানৰ ১৪৮(৫) আৰু ৩০৯ নং অনুচ্ছেদৰ অধীনত বিতং আলোচনাৰ অন্তত সংসদে ইয়াক গৃহীত কৰা হয় ।
৩৩ বছৰে সেৱা আগবঢ়োৱা এজন কেন্দ্ৰীয় কৰ্মচাৰীয়ে অৱসৰৰ সময়ত যোৱা ৩৬ মাহৰ গড় দৰমহাৰ ৫০ শতাংশ পেন্সন লাভ কৰিব । পিছলৈ সংগঠনসমূহৰ দাবী বিবেচনা কৰি পে কমিচনৰ পৰামৰ্শ গ্ৰহণ কৰি ১৯৭২ চনত পেন্সন আইন সংশোধন কৰা হয় ।
উচ্চতম ন্যায়ালয়ে ১৯৮২ চনৰ ৰায়দানত অৱসৰৰ তাৰিখৰ ভিত্তিত সুবিধা অস্বীকাৰ কৰাটো সম্পূৰ্ণ অন্যায়, বৈষম্যমূলক আৰু সমতা অস্বীকাৰ কৰা বুলি কয় । ১৯৭২ চনৰ পেন্সন আইনৰ পৰিসৰৰ অধীনলৈ অহা আৰু সশস্ত্ৰ বাহিনীৰ পৰা অৱসৰ লোৱাসকলকো সুবিধা প্ৰদানৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে । সেই ৰায়ক পেন্সনাৰৰ মেগনা কাৰ্টা (Magna Carta of pensioners) বুলি জনা যায় ।
কিন্তু পেন্সন নিশ্চিত কৰাৰ পৰিৱৰ্তে শাসকসকলে বৰ্তমানৰ পেন্সন আঁচনিখনকে ভেঙুচালি কৰাৰ কৌশল গ্ৰহণ কৰে । অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত প্ৰথমখন NDA চৰকাৰে বিধিগত পেন্সনৰ পৰিৱৰ্তে অংশগ্ৰহণমূলক পেন্সন আঁচনি ৰূপায়ণ কৰে । ২০০৪ চনৰ ১ জানুৱাৰীৰ আগতে নিযুক্তি দিয়াসকলক আৰু সশস্ত্ৰ বাহিনীক নতুন পেন্সন আঁচনিৰ পৰা সাময়িকভাৱে বাদ দিয়া হৈছিল ।
ভাৰতৰ চতুর্দশ প্রধানমন্ত্রী মনমোহন সিঙৰ নেতৃত্বত প্ৰথমখন UPA চৰকাৰে বাওঁপন্থীৰ বিৰোধিতাৰ বাবে সংসদত পি এফ আৰ ডি এ (Pension Fund Regulatory Development Authority চমুকৈ PFRDA) প্ৰৱৰ্তন আৰু গৃহীত কৰিব পৰা নাছিল । ২০১৩ চনৰ ৬ ছেপ্টেম্বৰত সংসদত দ্বিতীয়খন UPA চৰকাৰৰ সময়ত বিজেপিৰ সহায়ত অনুমোদন লাভ কৰিছিল ।
ইয়াৰ পাচতে মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পাছত অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পেন্সনাৰসকল । সপ্তম দৰমহা আয়োগে কেন্দ্ৰীয় পেন্সনাৰৰ সপক্ষে মাত্ৰ এটাই পৰামৰ্শ দিছিল । পেন্সনাৰসকলক কিছু পৰিমাণে সমতা প্ৰদান কৰাৰ এয়াই আছিল বিকল্প বা পৰামৰ্শ ।
নৰেন্দ্ৰ মোদী চৰকাৰে অযুক্তিকৰ ন্যায্যতা প্ৰদান কৰি নাকচ কৰে । ক’ভিড-১৯ মহামাৰীৰ সময়ত ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা ২০২১ চনৰ জুন মাহলৈ কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ ভাট্টা নিষিদ্ধ কৰা হৈছিল । প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ স্বেচ্ছাই বৰঙণি আগবঢ়োৱা পেন্সনাৰসকলৰ বিৰুদ্ধে এই ঘটনা সংঘটিত হৈছিল ।
তাৰ পাচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ২০২৪ চনৰ আগষ্ট মাহত ইউনিফাইড পেন্সন আঁচনি (Unified Pension Scheme চমুকৈ UPS)ত অনুমোদন জনাইছিল ।
পেন্সন পৰিকল্পনাৰ বৈশিষ্ট্য আৰু সুবিধাসমূহ :