অসম

assam

ETV Bharat / bharat

শ্বাহবাদ দুগ্ধপামত ভয়ংকৰ অগ্নিকাণ্ড, ১৫০ৰো অধিক জুপুৰী ক্ষতিগ্ৰস্ত - Delhi fire

Delhi fire: দিল্লীৰ ঘন জনবসতিপূৰ্ণ শ্বাহবাদ দুগ্ধপামত অগ্নিকাণ্ডৰ ফলত ১৫০ তকৈও অধিক জুপুৰী ভস্মীভূত হয় । ৰাইজৰ মাজত আতংকৰ সৃষ্টি । কোনো লোক হতাহত হোৱা নাই ।

Shahbad dairy area fire
শ্বাহবাদ দুগ্ধপামত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 12:05 PM IST

নেশ্যনেল ডেস্ক,১৯ ফেব্ৰুৱাৰী :দেশৰ ৰাজধানী চহৰ দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডৰ খবৰ পোহৰলৈ আহিছে । অগ্নিকাণ্ডৰ ফলত দিল্লীৰ শ্বাহবাদ দুগ্ধপাম অঞ্চলত ১৫০ তকৈও অধিক জুপুৰী ভস্মীভূত হয় । জুপুৰীবোৰত জুই লগাৰ পিচতে লোকসকলৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । খবৰ পোৱাৰ লগে লগে ১৫ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীলৈ ৰাওনা হয় । অগ্নিনিৰ্বাপক বাহিনীয়ে অতি কষ্টৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই । জানিব পৰা মতে সোমবাৰে নিশা এই ঘটনা সংঘটিত হৈছে ।

অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই কয় যে শ্বাহবাদ দুগ্ধপাম অঞ্চলৰ বস্তিত জুই লগাৰ বিষয়ে এটা ফোন পোৱা গৈছিল । নিশা প্ৰায় ১০ বজাত জুই লাগিছিল । ইয়াৰ পিচত অগ্নি নিৰ্বাপক বাহিনীৰ ১৫ খন বাহন ঘটনাস্থলীত উপস্থিত হয় । ঘটনাটোত এতিয়ালৈকে কোনো হতাহত বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই । কিন্তু অগ্নিকাণ্ডৰ ফলত ১৫০ৰো অধিক জুপুৰী জ্বলি ছাৰখাৰ হৈছে । ফলস্বৰূপে অঞ্চলটোত ব্যাপক উত্তেজনা দেখিবলৈ পোৱা গৈছে ।

ইফালে এই অগ্নিকাণ্ডৰ ফলত শ শ পৰিয়াল গৃহহীন হৈ পৰিছে । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । অনুসন্ধানৰ পিছতহে প্ৰকৃত কাৰণটো স্পষ্ট হ'ব । কিন্তু আশংকা কৰা হৈছে যে শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল । শেহতীয়াকৈ দিল্লীৰ আলিপুৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল য'ত ১১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ।

লগতে পঢ়ক :কৃষকৰ পৰা এমএছপিত মাহজাতীয় শস্য, মাকৈ ক্ৰয় কৰাৰ পৰিকল্পনা চৰকাৰৰ

ABOUT THE AUTHOR

...view details