ETV Bharat / bharat

মাওবাদী নিৰ্মূলৰ প্ৰচেষ্টা : মহাৰাষ্ট্ৰ চৰকাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ - PM MODI LAUDS MAHARASHTRA GOVT

মাওবাদী প্ৰভাৱিত অঞ্চলত উন্নয়নৰ ওপৰত অধিক গুৰুত্ব দিছে মহাৰাষ্ট্ৰ চৰকাৰে ।

Prime Minister Narendra Modi
মাওবাদী নিৰ্মূলৰ প্ৰচেষ্টা:মহাৰাষ্ট্ৰ চৰকাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ (ANI)
author img

By PTI

Published : Jan 2, 2025, 12:22 PM IST

নতুন দিল্লী : দেশৰ কেইবাখনো ৰাজ্যত মাওবাদীৰ প্ৰভাৱ অব্যাহত আছে । মহাৰাষ্ট্ৰ, ছত্তীশগড়, ঝাৰখণ্ডকে ধৰি দক্ষিণৰ কেইবাখনো ৰাজ্যত মাওবাদীৰ প্ৰভাৱ আছে । অৱশ্যে কেন্দ্ৰীয় চৰকাৰে মাওবাদী নিৰ্মূল কৰাৰ উদ্দেশ্যে বিশেষ ৰণনীতি গ্ৰহণ কৰিছে । শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহেও দাবী কৰিছে ২০২৬ চনৰ মাৰ্চৰ ভিতৰত দেশত মাওবাদী নিৰ্মূল কৰা হ'ব । তাৰ মাজতে মাওবাদী নিৰ্মূলৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ চৰকাৰে লোৱা পদক্ষেপক লৈ চৰ্চা অব্যাহত আছে ।

আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মহাৰাষ্ট্ৰ চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰে । ৰাজ্যখনৰ দূৰৱৰ্তী আৰু মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত সৰ্বাধিক উন্নয়ন নিশ্চিত কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।

মহাৰাষ্ট্ৰ চৰকাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত জিলা গড়চিৰোলী ভ্ৰমণ কৰাৰ এদিন পিছতে প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰিছে । য'ত মুখ্যমন্ত্ৰীয়ে মাওবাদীৰ আধিপত্য হ্ৰাস হোৱা বুলি দৃঢ়তাৰে কৈছে । মুখ্যমন্ত্ৰীৰ ভ্ৰমণকালত কেইবাটাও মাওবাদী কেডাৰে আত্মসমৰ্পণ কৰে । লগতে মুখ্যমন্ত্ৰী ফাড়নাভিছে কেইবাটাও উন্নয়নমূলক আঁচনি মুকলি কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত কয়, "দূৰৱৰ্তী আৰু মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত সৰ্বাধিক উন্নয়ন নিশ্চিত কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰচেষ্টাক মই প্ৰশংসা কৰিছো । ই নিশ্চিতভাৱে 'জীৱন ধাৰণৰ সৰলতা' বৃদ্ধি কৰিব আৰু অধিক প্ৰগতিৰ পথ প্ৰশস্ত কৰিব ।"

তেওঁ লগতে কয়, "গড়চিৰোলী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলৰ মোৰ ভগ্নী আৰু ভাতৃসকলক বিশেষ অভিনন্দন !" অঞ্চলটোৰ পৰা হিংসাত্মক বিদ্ৰোহ দূৰ কৰাৰ বাবে তেওঁৰ চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত ফাড়নাভিছৰ এটা পোষ্টৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে এনেদৰে উল্লেখ কৰে ।

লগতে পঢ়ক :মোদী চৰকাৰৰ দিনতে সামৰণি পৰিব নেকি মাওবাদী অধ্যায় ? - ENDGAME FOR THE MAOISTS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.