কোটপুতলি(ৰাজস্থান) : খেলি থকা সময়তে উন্মুক্ত কুঁৱাত পৰি যোৱা ৩ বছৰীয়া চেতনাক উদ্ধাৰৰ বাবে চলি থকা অভিযান অৱশেষত সম্পূৰ্ণ হ'ল । ১০ দিনৰ অন্তত অৱশেষত উন্মুক্ত তথা গভীৰ কুঁৱাৰ ভিতৰৰ পৰা চেতনাক উলিয়াই অনা হ'ল । এনডিআৰএফৰ জোৱানে চেতনাক উদ্ধাৰ কৰি লগে লগে জিলাখনৰ বিডিএম হাস্পতাললৈ লৈ যায় । অৱশ্যে স্বাস্থ্য পৰীক্ষাৰ পাছতহে ক'ব পৰা যাব চেতনাৰ অৱস্থা কেনেকুৱা ? বিগত ১০ দিন ধৰি চলি থকা উদ্ধাৰ অভিযানৰ মাজতে বুধবাৰে বিয়লি উদ্ধাৰকাৰী দলে চেতনাক বিচাৰি পাইছিল । কুঁৱাটোৰ পৰা এএছআই মহাবীৰ সিঙে চেতনাক লৈ বাহিৰলৈ ওলাই আহে । তাৰ পাছত এনডিআৰএফৰ জোৱানসকলে ততাতৈয়াকৈ তেওঁক হাস্পতাললৈ লৈ যায় ।
জিলা আয়ুক্ত কল্পনা আগৰৱালে কয়,"বিগত ১০ দিন ধৰি আমি চেষ্টা কৰি আছিলো, কিন্তু খনন কৰাৰ সময়ত শিলৰ বাবে অভিযানটোত অসুবিধা হৈছিল । কিশোৰীজনীক উলিয়াই চিকিৎসালয়লৈ লৈ যোৱা হৈছে, চিকিৎসা পৰীক্ষাৰ পাছত হে সকলো ক'ব পৰা যাব ।" যোৱা ২৩ ডিচেম্বৰত খেলি থকাৰ সময়তে তিনি বছৰীয়া চেতনা ১৫০ ফুট গভীৰ কুঁৱাত পৰি গৈছিল ।
৫ বাৰ বিফল হৈছিল অভিযান
বুধবাৰে প্ৰায় ১৭০ ফুট গভীৰতাত খনন কৰি থকা দলে চেতনাৰ অৱস্থান গম পাইছিল । তাৰ পিছত তেওঁক বাহিৰলৈ উলিয়াবলৈ অন্তিম পৰ্যায়ৰ উদ্ধাৰ অভিযান চলোৱা হৈছিল । ঘটনাস্থলীত এম্বুলেন্স আৰু আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল । বিডিএম হাস্পতালত বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । ইয়াৰ পূৰ্বে চেতনাক কুঁৱাৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াবলৈ কেইবাবাৰো চেষ্টা চলোৱা হৈছিল । ৫ বাৰতকৈও অধিক চেষ্টা বিফল হৈছিল । তাৰ ভিতৰত ৪ বাৰকৈ স্থানীয় উপায়েৰে উলিয়াবলৈ চেষ্টা কৰা হৈছিল । ইফালে কুঁৱাৰ ভিতৰত আৱদ্ধ চেতনাই প্ৰায় ৮ দিন ধৰি কোনো লৰচৰ কৰা নাছিল ।
লগতে পঢ়ক :দেশজুৰি সকলোৰে এটাই প্ৰাৰ্থনা, সুকলমে ঘূৰি আহক তিনি বছৰীয়া চেতনা - CHILD FELL INTO BOREWELL