ETV Bharat / technology

চিকিৎসালয়তে চিৰবিদায় মাগিলে পদ্মশ্ৰী বঁটা বিজয়ী বিজ্ঞানী ৰাজাগোপাল চিদাম্বৰমে - SCIENTIST RAJAGOPALA CHIDAMBARAM

পদ্মশ্ৰী বঁটা বিজয়ী বিজ্ঞানী ৰাজাগোপাল চিদাম্বৰমৰ শনিবাৰে মুম্বাইৰ জছলক চিকিৎসালয়ত দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ ।

Veteran Nuclear Scientist Rajagopala Chidambaram Dies At 88
চিকিৎসালয়তে চিৰবিদায় মাগিলে পদ্মশ্ৰী বঁটা বিজয়ী বিজ্ঞানী ৰাজাগোপাল চিদাম্বৰমে (IIT Delhi)
author img

By ETV Bharat Tech Team

Published : Jan 4, 2025, 2:05 PM IST

হায়দৰাবাদ: শেষ শয়নত 1975 আৰু 1998 চনৰ পাৰমাণৱিক পৰীক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰবীণ বিজ্ঞানী ৰাজগোপাল চিদাম্বৰম ৷ চিদাম্বৰমৰ শনিবাৰে মৃত্যু ঘটা বুলি পাৰমাণৱিক শক্তি বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ ।

পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচীৰ সৈতেও জড়িত চিদাম্বৰমে পুৱা 3.20 বজাত মুম্বাইৰ জছলক হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । তেওঁ পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ আৰু ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা আছিল । চিদাম্বৰমক ক্ৰমে 1975 আৰু 1999 চনত পদ্মশ্ৰী আৰু পদ্মবিভূষণ সন্মান প্ৰদান কৰা হয় ।

ভাৰতৰ অন্যতম বিশিষ্ট পৰীক্ষামূলক পদাৰ্থবিজ্ঞানী বুলি গণ্য কৰা চিদাম্বৰমে দেশৰ মৌলিক বিজ্ঞান আৰু পাৰমাণৱিক প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়াইছিল । তেওঁ পি এইচ ডি লাভ কৰে 1962 চনত বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা আৰু একে বছৰতে ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (BARC)ত যোগদান কৰে । 1990 চনত প্ৰতিষ্ঠানটোৰ সঞ্চালক হয় ।

1993-2000 চনলৈ চিদাম্বৰম ভাৰতীয় পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ আছিল । 1974 চনত পোখৰাণত শান্তিপূৰ্ণ পাৰমাণৱিক বিস্ফোৰণ পৰীক্ষাৰ ডিজাইন আৰু নিষ্পাদনত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল; তেখেতে 1988 চনৰ মে' মাহত গৱেষণা আৰু উন্নয়ন সংস্থা বিভাগৰ (ডি আৰ ডি অ') সহযোগত কৰা পোখৰাণ পৰীক্ষাত ব্যৱহৃত পাৰমাণৱিক যন্ত্ৰৰ ডিজাইন কৰা পাৰমাণৱিক শক্তি বিভাগৰ দলটোৰ নেতৃত্ব দিছিল ।

ডি এ ইৰ ষ্টুয়াৰ্ডশ্বিপৰ সময়ছোৱাত পাৰমাণৱিক শক্তি কাৰ্যসূচীয়ে উন্নত গতি লাভ কৰিছিল আৰু পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহৰ ক্ষমতা তীব্ৰভাৱে বৃদ্ধি পাইছিল । 1994-95 চনৰ ভিতৰত তেওঁ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ গভৰ্ণৰ ব’ৰ্ডৰ অধ্যক্ষ আছিল ।

2008 ত চনত চিদাম্বৰমক আই এ ই এৰ দ্বাৰা বিশিষ্ট ব্যক্তি আয়োগৰ সদস্য হিচাপে নিযুক্তি দি ‘2020 আৰু ইয়াৰ পাছত আই এ ই এৰ ভূমিকা’ৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰে । 1990-99 চনৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় স্ফটিকবিজ্ঞান সংঘৰ কাৰ্যবাহী সমিতিৰ সদস্য আৰু পিছলৈ উপ-সভাপতিও আছিল ।

পদ্মশ্ৰী আৰু পদ্ম বিভূষণৰ উপৰিও ৰাজগোপাল চিদাম্বৰমে আন বহুতো বঁটাও লাভ কৰে, য'ত আছে:

  • ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালুৰুৰ বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা (1991)
  • ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ দ্বাৰা দ্বিতীয় জৱাহৰলাল নেহৰু জন্ম শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী ফেল'শ্বিপ (1992)
  • চি.ভি. ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সন্থাৰ ৰমন জন্ম শতবাৰ্ষিকী বঁটা (1995)
  • লোকমান্য তিলক বঁটা (1998)
  • বীৰ সাৱৰকাৰ বঁটা (1999)
  • দাদাভাই নাওৰজী মিলেনিয়াম বঁটা (1999)
  • ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ মেঘনাদ সাহা পদক (2002)
  • শ্ৰীচন্দ্ৰশেক্ৰেন্দ্ৰ সৰস্বতী ৰাষ্ট্ৰীয় বিশিষ্ট বঁটা (2003)
  • ভাৰতীয় পাৰমাণৱিক সমাজৰ হোমী ভাভা জীৱনজোৰা সাফল্য বঁটা (2006)
  • ভাৰতীয় ৰাষ্ট্ৰীয় অভিযান্ত্ৰিক একাডেমীৰ পৰা অভিযান্ত্ৰিক বিষয়ত আজীৱন অৱদান বঁটা (2009)।
  • ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ পৰা চি ভি ৰমন পদক (2013)।
  • কাউন্সিল অৱ পাৱাৰ ইউটিলিটিজৰ জীৱনজোৰা কৃতিত্ব বঁটা (2014)।

লগতে পঢ়ক: সূৰ্য গঠন হ’বলৈ প্ৰয়োজন হৈছিল 20 মিলিয়ন বছৰৰ

বৃদ্ধি হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্ব; পাৰমাণৱিক শক্তিৰ চুক্তিত স্বাক্ষৰ Google ৰ

দেশৰ প্ৰথম পাৰমাণৱিক সক্ষম বেলিষ্টিক মিছাইল ছাবমেৰিন 4 মুকলি নৌসেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.