ETV Bharat / sports

ছিডনীত ইতিহাস সৃষ্টি ঋষভ পন্তৰ, কিন্তু পুনৰ ব্যৰ্থ ভাৰতৰ তাৰকাখচিত বেটিং - RISHABH PANT CREATES HISTORY

ছিডনী টেষ্টৰ দ্বিতীয়দিনা ঋষভ পন্তৰ বেটিং তাণ্ডৱ । পন্তে ২৯ বলত অর্ধশতক অৰ্জন কৰি এক ডাঙৰ কীৰ্তিমান অৰ্জন কৰে ।

Rishabh Pant creates history
ঋষভ পণ্টৰ মাৰমুখী শ্বট (AP)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 1:50 PM IST

ছিডনী : ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পঞ্চম মেচত নিজৰ স্থিতি স্থিৰ কৰিছে যদিও এতিয়াও জয়ৰ সম্ভাৱনা বহু দূৰত । ছিডনী ক্ৰিকেট গ্ৰাউণ্ডৰ কঠিন পিটচত ভাৰতীয় বেটছমেন বিশেষকৈ ঋষভ পন্তে চমৎকাৰ খেল প্ৰদৰ্শন কৰিছে । যাৰ সহায়ত ভাৰতে দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গুৰুত্বপূর্ণ অগ্ৰগতি লাভ কৰিছে । ঋষভ পন্তে ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত এক ঐতিহাসিক অর্ধশতক অৰ্জন কৰে আৰু ৫০ বছৰ পুৰণি এক ৰেকৰ্ড ভংগ কৰে । দ্বিতীয় দিনৰ খেলৰ সমাপ্তিত ভাৰতে নিজৰ দ্বিতীয় ইনিংছত ৬ টা উইকেট হেৰুৱাই ১৪১ ৰাণ সংগ্ৰহ কৰি ঘৰুৱা দলৰ বিৰুদ্ধে ১৪৫ ৰাণৰ অগ্ৰগতি লাভ কৰিছে ৷ অৱশ্যে আজিও ভাৰতৰ বেটছমেনসকল আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় ৷

বলিঙত সফলতা স্বত্বেও বেটিঙত বিপৰ্যয় অব্যাহত

ছিডনী পিংক বল টেষ্টৰ প্ৰথম দিনা প্ৰথম ইনিংছত ১৮৫ ৰাণত অল আউট হৈ ভাৰতীয় দলে চলিত শৃংখলাত নিজৰ বেটিঙ বিপৰ্যয়ৰ ধাৰা অব্যাহত ৰাখে যদিও বলিঙত ভাৰতীয় বলাৰসকলে নিজৰ উজ্জীৱিত প্ৰদৰ্শন দেখুৱাই খেলখন অষ্ট্ৰেলিয়াৰ পক্ষে যোৱাটো কিছু পৰিমাণে প্ৰতিহত কৰিবলৈ সক্ষম হয় ৷ শনিবাৰে খেল আৰম্ভ হোৱাৰ পিছতে ভাৰতীয় পেচাৰসকলে বিপক্ষৰ বেটিঙত চাপ সৃষ্টি কৰি ঘৰুৱা দলটোৰ বাবে শক্তিশালী স্থিতিত উপনীত হোৱাটো কঠিন কৰি তোলে ৷ ভাৰতীয় বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সমুখত কামিন্সবাহিনী ১৮১ ৰাণতে সীমাবদ্ধ হৈ ৰয় ৷ ফলত ভাৰতে ৪ ৰাণৰ সামান্য অগ্ৰগতি লাভ কৰে ৷

কিন্তু দ্বিতীয় ইনিংছতো ভাৰতৰ তাৰকাসমৃদ্ধ বেটিং লাইন-আপে খেলখনত নিজৰ স্থিতি মজবুত কৰাৰ সুযোগ হেৰুৱায় ৷ যশস্বী জয়ছোৱাল, শুভমন গিল, কে এল ৰাহুল , বিৰাট কোহলী- কোনো এজন বেটছমেনেই প্ৰতিৰোধ গঢ়াত ব্যৰ্থ হয় আৰু ইজনৰ পিছত সিজনকৈ পেভেলিয়নমুখী হয় ৷ তাৰ মাজতে এক আগ্ৰাসী ইনিংছ খেলি ঋষভ পন্তে দলৰ স্থিতি কিছু উন্নত কৰে যদিও ভাৰতে দিনটোৰ শেষত হাতত ৪টা উইকেট বাকী থকা অৱস্থাত কেৱল ১৪৫ ৰাণৰ অগ্ৰগতিহে লাভ কৰিছে ৷

ঋষভ পন্তৰ ঐতিহাসিক অর্ধশতক

ভাৰতৰ বাওঁহতীয়া উইকেটৰক্ষক-বেটছমেন ঋষভ পন্তে অষ্ট্ৰেলিয়াৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰে । তেওঁ মাত্ৰ ২৯ টা বলত নিজৰ অর্ধশতক সম্পূৰ্ণ কৰে । এইটো হৈছে যিকোনো ভাৰতীয় বেটছমেনৰ দ্বাৰা টেষ্ট ক্রিকেটৰ ইতিহাসত বলৰ দৃষ্টিকোণৰ পৰা দ্বিতীয় সৰ্বাধিক দ্ৰুত অর্ধশতক ।

উল্লেখ্য যে কোনো ভাৰতীয়ৰ দ্বাৰা আটাইতকৈ দ্ৰুত অর্ধশতক গঢ়াৰ ৰেকৰ্ডো ঋষভ পন্তৰ নামতে আছে । পন্তে ২০২২ চনত শ্ৰীলংকাৰ বিপক্ষে ২৮ বলত অৰ্ধশতক অৰ্জন কৰিছিল । ছিডনী টেষ্টৰ দ্বিতীয় ইনিংছত পন্তে ৬ টা চাৰি আৰু ৪ টা গগনচুম্বী ছয়ৰ সহায়ত ৩৩ বলত ৬১ ৰাণৰ এক ধুমুহাৰ গতিৰ ইনিংছ খেলে ।

  • টেষ্ট ইতিহাসত কোনো ভাৰতীয়ৰ দ্বাৰা আটাইতকৈ দ্ৰুত অর্ধশতক

১. ঋষভ পন্ত - ২৮ বল - বনাম শ্ৰীলংকা - ২০২২

২. ঋষভ পন্ত - ২৯ বল - বনাম অষ্ট্ৰেলিয়া - ২০২৫*

  • ছিডনী টেষ্টত ৫০ বছৰ পুৰণি মহা অভিলেখ ভংগ

অষ্ট্ৰেলিয়াৰ বিপক্ষে ২৯ বলত অৰ্ধশতক অৰ্জন কৰি ঋষভ পন্তে আন এটা ডাঙৰ অভিলেখ নিজৰ নামত খোদিত কৰে । তেওঁ অষ্ট্ৰেলিয়াৰ মাটিত আটাইতকৈ দ্ৰুত টেষ্ট অৰ্ধশতক কৰা অতিথি খেলুৱৈ হিচাপে পৰিগণিত হয় । তেওঁ ৰয় ফেড্ৰিক্সৰ ৫০ বছৰ পুৰণি ৰেকৰ্ড ভংগ কৰি এক নতুন কীৰ্তিমান প্ৰতিষ্ঠা কৰে ।

  • অষ্ট্ৰেলিয়াৰ মাটিত অতিথি খেলুৱৈৰ দ্বাৰা আটাইতকৈ দ্ৰুত অৰ্ধশতক

১. ঋষভ পন্ত - ২৯ বল - ২০২৫

২. ৰয় ফেড্ৰিক্স - ৩৩ বল - ১৯৭৫

লগতে পঢ়ক :টেষ্টৰ পৰা অৱসৰ ? নীৰৱতা ভংগ কৰিলে ৰোহিত শৰ্মাই - ROHIT SHARMA ON TEST RETIREMENT
লগতে পঢ়ক :ছিডনী টেষ্টত ভাৰতীয় দলত মোক্ষম আঘাত; আঘাতৰ বাবে খেলপথাৰৰ পৰা বাহিৰ যশপ্ৰীত বুমৰাহ - JASPRIT BUMRAH INJURED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.