অসম

assam

8 ঘণ্টাৰ জেৰাৰ অন্তত ইডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহিল তেজস্বী যাদৱ

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 8:58 AM IST

Land for Job Scam : 8 ঘণ্টাৰ জেৰাৰ অন্তত ইডিৰ কাৰ্যালয়ৰ পৰা বাহিৰলৈ ওলাই আহিল তেজস্বী যাদৱ ৷ যাদৱে আহিয়েই কাৰ্যালয়ৰ বাহিৰত ভিৰ কৰা সমৰ্থকসকলক সাক্ষাৎ কৰে ৷ সমৰ্থকসকলে লালু আৰু তেজস্বীৰ সপক্ষে শ্ল'গান দি কাৰ্যালয়ৰ সন্মুখত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ৷

Land for Job Scam
8 ঘণ্টাৰ জেৰাৰ অন্তত ইডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহিল তেজস্বী যাদৱ

নেশ্যনেল ডেস্ক, 31 জানুৱাৰী : ৰে’লৱেত ভূমিৰ বিনিময়ত নিযুক্তিৰ গোচৰৰ সন্দৰ্ভত তেজস্বী যাদৱক মঙলবাৰে ইডিয়ে জেৰা কৰে ৷ প্ৰায় 8 ঘণ্টাৰ জেৰাৰ অন্তত ইডিৰ কাৰ্যালয়ৰ পৰা বাহিৰলৈ ওলাই আহে তেজস্বী যাদৱ ৷ বাহিৰলৈ ওলাই অহাৰ পিচত তেজস্বী যাদৱে বিজয় হাঁহিৰে সমৰ্থকসকলক শুভেচ্ছা জনায় ৷ যাদৱে ঘৰলৈ উভতিবলৈ বাহনত উঠাৰ পূৰ্বে বিজয়ৰ চিহ্ন দেখুৱায় ৷ ইফালে যাদৱক অহা দেখি সমৰ্থকসকলে শ্ল'গান দি ইডিৰ কাৰ্যালয় উত্তপ্ত কৰি তোলে ৷

ইফালে, তেজস্বী যাদৱক জেৰা চলাই থকাৰ সময়ত ইডি কাৰ্যালয়ৰ বাহিৰত তেওঁৰ ভগ্নী মিছা ভাৰতীয়ে অপেক্ষা কৰে ৷ তেওঁৰ লগতে যাদৱৰ জ্যেষ্ঠ ভাতৃ তেজ প্ৰতাপ যাদৱ, ৰাজ্যসভাৰ সাংসদ মনোজ ঝায়ে ইডি কাৰ্যালয়ৰ সন্মুখত শক্তি ধাম মন্দিৰ চৌহদত আৰজেডি কৰ্মী আৰু নেতাসকলৰ সৈতে বহি RJD ৰ সমৰ্থকসকলক লগ দিয়ে ৷

লালু প্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱক ইডিয়ে জেৰা কৰা সন্দৰ্ভত আৰজেডিৰ সাংসদ মনোজ ঝাই কয় যে, ইয়াত স্বচ্ছতাৰ অভাৱ । অনুসন্ধান হৈ আছে, শিৰোনাম ব্যৱস্থাপনা হৈ আছে । প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী, দুয়োজন লোক ৰাজনৈতিকভাৱে বিচলিত । লোকসকলে বুজি পাইছে যে প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহে ৰাজনীতিত প্ৰতিহিংসাৰ স্তৰ অতিক্ৰম কৰিছে, বিজেপিয়ে আৰম্ভ কৰিছে আৰু আন কোনোবাই ইয়াক সমাপ্ত কৰিব।

আৰজেডি প্ৰধান লালু যাদৱৰ কন্যা ৰোহিনী আচাৰ্যই এটাৰ পিচত এটাকৈ কেইবাটাও পোষ্ট কৰিছে । ৰোহিনীয়ে লিখে যে, বিজেপিয়ে যিকোনো কৌশল ল'ব পাৰে । তেজস্বী থকালৈকে বিহাৰত বিজেপিৰ কাম নিসিজিব ৷

RJD ৰ নেতা লালু প্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱৰ বিৰুদ্ধে ইডিয়ে পূৰ্বে চমন জাৰি কৰিছে । ৰে'লৱেত ভূমিৰ বিনিময়ত নিযুক্তিৰ গোচৰত ইডিয়ে নেতা দুগৰাকীক কাৰ্যালয়লৈ সোধা পোছাৰ বাবে মাতি পঠিওৱা হৈছিল ৷

লগতে পঢ়ক:তেজস্বী যাদৱক জেৰা ইডিৰ; ইডি কাৰ্যালয়ৰ বাহিৰত সমৰ্থকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details