নেশ্যনেল ডেস্ক, 2 মাৰ্চ :দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ অভিযুক্ত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ ন্যায়িক জিম্মা ৭ মাৰ্চলৈ বৃদ্ধি কৰিছে ৰাউছ এভিনিউ আদালতে । বিশেষ ন্যায়াধীশ এম কে নাগপালে এই নিৰ্দেশ দিছে । ইয়াৰ পূৰ্বে, আদালতে ১৭ ফেব্ৰুৱাৰীত তেওঁলোক দুয়োৰে ন্যায়িক জিম্মা আজিলৈকে বৃদ্ধি কৰিছিল ।
সুৰা কেলেংকাৰীৰ ধন সৰবৰাহৰ গোচৰ ১৭ ফেব্ৰুৱাৰীত শুনানিৰ সময়ত আদালতে অভিযুক্তৰ অধিবক্তাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি নথি-পত্ৰৰ মিল কৰিবলৈ এবছৰ সময় দিয়া বুলি উল্লেখ কৰে । সেই কাম এতিয়াও হোৱা নাই । শুনানিৰ সময়ত সৰ্বেশ মিশ্ৰৰ অধিবক্তাই কয় যে ইডিয়ে সৰ্বেশ মিশ্ৰক এই গোচৰৰ চৰকাৰী সাক্ষী হ’বলৈ প্ৰস্তাৱ দিছিল ।
অভিযুক্তৰ হৈ হাজিৰ হোৱা অধিবক্তাই সঞ্জয় সিঙৰ গোচৰত অভিযোগনামা দাখিল কৰাৰ কথা জানিবলৈ দিয়ে । ইয়াৰ পিচত ইডিয়ে নতুন নথি-পত্ৰ সংযোজন কৰে ৷ ইডিৰ মতে এই আইনখনে কাম নকৰে বুলিও তেওঁ কয় । এই গোচৰৰ অভিযুক্ত সৰ্বেশ মিশ্ৰক ২৪ জানুৱাৰীত আদালতে নিয়মীয়া জামিন প্ৰদান কৰিছিল ।
উল্লেখ্য যে, ৰাউজ এভিনিউ আদালতে ২২ ডিচেম্বৰ ২০২৩ ত সঞ্জয় সিঙৰ জামিনৰ আবেদন নাকচ কৰিছিল । আদালতে তেতিয়া কৈছিল যে প্ৰাথমিক ভাৱে সঞ্জয় সিং ধন ৰপ্তানিৰ গোচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হ'ব পাৰে । আদালতে কৈছিল যে ৰেকৰ্ডত ৰখা তথ্যসমূহ আদালতে সঞ্জয় সিঙক ধন সৰবৰাহৰ গোচৰত দোষী বুলি বিশ্বাস কৰিবলৈ যথেষ্ট ।
আদালতে এইটোও কৈছিল যে যদি এজাহাৰখনত কোনো নাম নাথাকে আৰু যদি এজাহাৰত নাম থকা স্বত্বেও এজন অভিযুক্তক নিৰ্দোষী সাব্যস্ত কৰা হয়, ততসত্বেও তেওঁ ধন সৰবৰাহৰ আইনৰ পৰা ৰেহাই পাব নোৱাৰে । চৰকাৰী সাক্ষী হৈ পৰা দীনেশ অৰোৰাই তেওঁৰ প্ৰাক্তন পি এ সৰ্বেশ মিশ্ৰৰ জৰিয়তে সঞ্জয় সিঙলৈ ২ কোটি টকা প্ৰেৰণ কৰিছিল বুলি আদালতে উল্লেখ কৰিছিল । ধন দিয়াৰ সন্দৰ্ভত দীনেশ অৰোৰাই বিতং তথ্য দিছিল ৷
আপোনালোকক জনাওঁ যে ইডিয়ে ২০২৩ চনৰ ৯ মাৰ্চত জেৰাৰ অন্তত তিহাৰ জেলৰ পৰা মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল । আনহাতে সঞ্জয় সিঙক ৪ অক্টোবৰত তেওঁৰ চৰকাৰী বাসগৃহত জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল । এই গোচৰত আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১৬ মাৰ্চত শাৰীৰিকভাৱে হাজিৰ হ’বলৈ নিৰ্দেশ দিছে ।
লগতে পঢ়ক :ইডিৰ সন্মুখত উপস্থিত হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত সন্দেহ