নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল:নিৰ্বাচনৰ বতাহ বলি থকাৰ মাজতে ইন্দোৰত বলিল ধৰ্মান্তৰকৰণৰ বতাহ । ৭ গৰাকীকৈ ইছলামধৰ্মী লোক ধৰ্মান্তৰিত হ'ল হিন্দু ধৰ্মলৈ । শনিবাৰে, ইন্দোৰত মুছলমান ধৰ্মৰ যুৱক, মহিলাকে আদি কৰি মুঠ ৭ গৰাকীকৈ লোকে হিন্দু ধৰ্ম গ্ৰহণ কৰে । হিন্দু ৰীতি-নীতি অনুসৰি, তেওঁলোকক প্ৰথমে পণ্ডিতসকলে প্ৰায়চিত্ত কৰি তেওঁলোকক হোমযজ্ঞ আদিৰ দ্বাৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰে ।
যিসকলে তেওঁলোকৰ মুছলমান পৰিয়াল ত্যাগ কৰিছে আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰিছে তেওঁলোকে কয় যে, তেওঁলোকে হিন্দু ধৰ্মত থকা ৰীতি-নীতিৰ কথা বিবেচনা কৰি দীৰ্ঘদিন ধৰি হিন্দু ধৰ্মৰ ৰীতি-নীতি পালন কৰি আহিছে । খাজৰানা অঞ্চলত বাস কৰা ইন্দোৰৰ বাসিন্দা হায়দৰ শ্বেইখেও হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাচত তেওঁ হায়দৰৰ পৰা হৰি নাম গ্ৰহণ কৰে ।
হায়দৰ শ্বেখ অৰ্থাৎ হৰিয়ে কয়, "আজি এনে অনুভৱ হয় যেন মই এটা নতুন জন্ম লৈছো ।" লগতে বহু বছৰৰ পিচত আপুনি কিয় এনে অনুভৱ কৰিছে বুলি সোধাত তেওঁ কয়, "মই দীৰ্ঘদিন ধৰি এই বিষয়ে চিন্তা কৰি আছিলো । ইয়াৰ পিচত, মই মোৰ পৰিয়ালক কৈছিলো আৰু তেওঁলোকেও কোনো আপত্তি কৰা নাছিল । যেতিয়া মই হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিলো, কিছুমান লোকে মোক সমৰ্থন কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি মই এই ধৰ্মলৈ আহিছো ।"