ঢাকা : বাংলাদেশৰ এখন আদালতে নিৰ্বাসিত প্ৰাক্তন নেত্ৰী শ্বেখ হাছিনালৈ দ্বিতীয়বাৰ বাবে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিছে । এইবাৰ বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰোৱাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাৰ বাবে এই পৰোৱানা জাৰি কৰা বুলি মুখ্য অধিবক্তাই সোমবাৰে কয় ।
উল্লেখ্য যে যোৱা বছৰ আগষ্ট মাহত ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত হোৱা বিপ্লৱৰ ফলত ক্ষমতাৰ পৰা উৎখাত হৈ পুৰণি মিত্ৰ দেশ ভাৰতলৈ পলাই অহাৰ পিছত ঢাকাই ইতিমধ্যে ৭৭ বছৰীয়া হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিছে ।
তেওঁৰ ১৫ বছৰীয়া কাৰ্যকালত ব্যাপক মানৱ অধিকাৰ হৰণৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ ভিতৰত আছে তেওঁৰ ৰাজনৈতিক বিৰোধীসকলৰ গণবন্দিত্ব আৰু অন্যায়ভাৱে হত্যা ।
ঘৰুৱা আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণৰ (আই চি টি) মুখ্য অধিবক্তা তাজুল ইছলামে কয় যে এই দ্বিতীয় ৱাৰেণ্টটো তেওঁৰ শাসনকালত বলপূৰ্বক নিৰুদ্দেশ কৰোৱাৰ সৈতে সম্পৰ্কিত ।
বাংলাদেশী সুৰক্ষা কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে ৫০০ ৰো অধিক লোকক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে । ইয়াৰে কিছুমানক বছৰ বছৰ ধৰি গোপন স্থানত আটক কৰি ৰখা হৈছিল ।
হাছিনাক উৎখাত কৰাৰ পিছত ভুক্তভোগীসকলে তেওঁলোকৰ সেই অগ্নিপৰীক্ষাৰ দুখজনক কাহিনী প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে ।
ইছলামে সাংবাদিকৰ আগত কয়, "আদালতে শ্বেখ হাছিনা আৰু তেওঁৰ সামৰিক উপদেষ্টা, সামৰিক কৰ্মী আৰু অন্যান্য সাংসদ তথা বিষয়াসহ আন ১১ জনৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছে ।"
উল্লেখ্য যে বাংলাদেশে ডিচেম্বৰ মাহত হাছিনাক বিচাৰৰ সন্মুখীন হ'বলৈ ঘূৰাই পঠিয়াবলৈ ভাৰতক আহ্বান জনাইছিল । কিন্তু এই দাবীৰ প্ৰতি দিল্লীয়ে সঁহাৰি দিবলৈ অস্বীকাৰ কৰিছিল । ইছলামে কয় যে আদালতে বিচাৰৰ সৈতে আগবাঢ়িব বিচাৰিছে ।
তেওঁ সাংবাদিকৰ আগত কয়, "আমি নিশ্চিত কৰিব বিচাৰোঁ যে বিচাৰ যিমান সম্ভৱ সোনকালে সমাপ্ত হ'ব লাগে । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি আইন ভংগ কৰিম বা উপযুক্ত প্ৰক্ৰিয়া অবিহনে ৰায় জাপি দিম ।"
উল্লেখ্য যে হাছিনাৰ চৰকাৰৰ পতনৰ পিছৰে পৰা তেওঁৰ মিত্ৰ দলৰ কেইবাজনো লোকক জিম্মাত লোৱা হৈছে । তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত জড়িত থকাৰ অভিযোগত গোচৰ তৰা হৈছে । অভিযোগ উঠিছে যে তেওঁলোকে অস্থিৰতাৰ সময়ত ৭০০ ৰো অধিক লোকক হত্যা কৰিছিল ।