অসম

assam

ETV Bharat / bharat

ভাৰত-মালদ্বীপ সংঘৰ্ষ, নতুন ঘাটি স্থাপনৰ পৰিকল্পনা ভাৰতীয় নৌসেনাৰ - Lakshadweep islands

INS Jatayu on Minicoy: ভাৰত আৰু মালদ্বীপৰ মাজত উত্তেজনা বৃদ্ধি হোৱাৰ মাজতে ভাৰতীয় নৌসেনা বাহিনীয়ে নতুন নৌসেনা ঘাটিৰ পৰিকল্পনা কৰিছে । মালদ্বীপৰ ওচৰত হ'ব এই নতুন ঘাটি । মিনিকয়ত স্থাপন কৰিবলগীয়া এই নতুন ঘাটিৰ নাম হ'ব আইএনএছ জটায়ু ।

INS Jatayu on Minicoy
ভাৰত-মালদ্বীপ সংঘৰ্ষ নতুন ঘাটি স্থাপনৰ পৰিকল্পনা ভাৰতীয় নৌসেনাৰ

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 4:49 PM IST

নেশ্যনেল ডেস্ক,৪ মাৰ্চ :ভাৰত আৰু দ্বীপৰাষ্ট্ৰ মালদ্বীপৰ মাজত উত্তেজনা অব্যাহত আছে । তাৰ মাজতে ভাৰতে দেশখনৰ দক্ষিণ-পশ্চিম উপকূলৰ ওচৰত আৰু মালদ্বীপৰ ওচৰত এক নতুন নৌসেনা ঘাটিৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে । ভাৰতীয় নৌসেনাই জনোৱা মতে নৌসেনাই লাক্ষাদ্বীপপুঞ্জৰ দক্ষিণৰ দ্বীপ মিনিকয়ত আইএনএছ জটায়ু নামৰ এক ঘাটি নিৰ্মাণৰ পৰিকল্পনা কৰিছে ।

ভাৰতৰ লাক্ষাদ্বীপ দ্বীপপুঞ্জ মালদ্বীপৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ (৮০ মাইল) উত্তৰত আছে । বুধবাৰে এই সন্দৰ্ভত এক বিতং পৰিকল্পনা প্ৰকাশ কৰা হ'ব বুলি নৌসেনাই স্পষ্ট কৰি দিছে । এই ঘাটিটোৱে কাৰ্যকৰী প্ৰসাৰ বৃদ্ধি কৰিব আৰু পশ্চিম আৰব সাগৰত জলদস্যু বিৰোধী আৰু নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানৰ দিশত ভাৰতীয় নৌসেনাৰ কাৰ্যকৰী প্ৰচেষ্টাত সহায় কৰিব । ই অঞ্চলটোৰ প্ৰথম সঁহাৰি দাতা হিচাপে ভাৰতীয় নৌসেনাৰ সামৰ্থ্য বৃদ্ধি কৰিব আৰু মূল ভূখণ্ডৰ সৈতে যোগাযোগ বৃদ্ধি কৰিব বুলিও নৌসেনাৰ বিবৃতিত কোৱা হৈছে ।

ভাৰতীয় নৌসেনাই কোৱা মতে এই সিদ্ধান্ত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ দ্বীপসমূহত নিৰাপত্তা আন্তঃগাঁথনি বৰ্ধিতভাৱে বৃদ্ধি কৰাৰ এক নীতিৰ অংশ । ভাৰতৰ লাক্ষাদ্বীপৰ কাভাৰাট্টিত আইএনএছ দ্বীপৰক্ষক ঘাটি আছে । যোৱা বছৰৰ পৰা মালদ্বীপ আৰু ভাৰতৰ উত্তেজনা বৃদ্ধি পাইছে । মুইজজু চৰকাৰে চীনৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰাৰ পিচৰে পৰা এই উত্তেজনা বৃদ্ধি পাইছে । শেহতীয়াকৈ মালদ্বীপৰ কেইবাগৰাকী মন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত অপমানজনক পোষ্ট কৰাৰ পিচৰে পৰা এই উত্তেজনা আৰু অধিক হৈছে ।

ইফালে ভাৰত আৰু চীনৰ কূটনৈতিক সম্পৰ্কও শেহতীয়া দিনবোৰত যথেষ্ট অৱনতি হৈছে । ইফালে মালদ্বীপেও চীনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিছে । এনে পৰিস্থিতিত ভাৰতৰ নৌসেনাৰ এই সিদ্ধান্তই যথেষ্ট চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক :যুদ্ধভূমিত সৰ্বাধিক ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিকভাবে সকাহ প্ৰদানৰ পোষকতা এছ জয়শংকৰৰ

ABOUT THE AUTHOR

...view details