নেশ্যনেল ডেস্ক, ১১ জুন :জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তা বাহিনীয়ে বিস্ফোৰক সামগ্ৰীসহ আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । প্লাষ্টিকেৰে বান্ধি থোৱা অৱস্থাত আছিল বিস্ফোৰক সমাগ্ৰীখিনি । সামগ্ৰীখিনিৰ পৰিমাণ প্ৰায় ৬ কিলোগ্ৰাম হ'ব বুলি জানিব পৰা গৈছে । এই বিস্ফোৰক সামগ্ৰীখিনি শেহতীয়াকৈ নিহত এলইটিৰ অভাৰ-গ্ৰাউণ্ড কৰ্মী কমাণ্ডাৰ ৰিয়াজ দাৰ আৰু তেওঁৰ সহযোগী ৰায়ছ দাৰৰ আছিল বুলি সন্দেহ কৰা হৈছে ।
পুলৱামা আৰক্ষী, সেনা আৰু চিআৰপিএফৰ যুটীয়া বেষ্টনী আৰু তালাচী অভিযানৰ পিচতে এই বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ কৰা হয় । আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে । ২ আৰু ৩ জুনৰ মাজনিশা সংঘটিত এক গুলীচালনাৰ ঘটনাত নিৰাপত্তা বাহিনীৰ হাতত নিহত হয় এলইটিৰ কমাণ্ডাৰ ৰিয়াজ দাৰ আৰু ৰায়ছ দাৰ ।
সন্ত্ৰাসবাদীকেইটাক নিষ্ক্ৰিয় কৰাৰ পিচতে অঞ্চলটোত তীব্ৰ তালাচী আৰম্ভ কৰা হয় । এই অভিযানৰ মাজতে জানিব পৰা গৈছিল যে তাত অভাৰ-গ্ৰাউণ্ড কৰ্মীৰ এক গুৰুত্বপূৰ্ণ নেটৱৰ্ক আছে । সেই কৰ্মীসকলে সন্ত্ৰাসবাদীসকলক আশ্ৰয় আৰু লজিষ্টিক প্ৰদান কৰি আহিছিল । পৰৱৰ্তী সময়ত আৰক্ষীয়ে তাৰ পৰা বিলাল আহমেদ লোন, ছাজাদ গানী আৰু শাকিৰ বছিৰ নামৰ তিনিজন লোককো গ্ৰেপ্তাৰ কৰা হয় ।