ৰাঁচী: গোলগাপ্পা বা পানীপুৰী বা ফুচকা খাই ভাল নোপোৱা মানুহ চাগৈ খুব কমেই ওলাব ৷ বিশেষকৈ যুৱতী-মহিলাসকলৰ অতি প্ৰিয় এইবিধ খাদ্য ৷ পথৰ কাষত পানীপুৰী বিক্ৰেতাৰ কাষত পৰিলক্ষিত হোৱা ভিৰে ইয়াৰ উমান দিয়ে ৷ আপুনি বাৰু পানীপুৰী খাই ভাল পাইনে ? আপোনাৰ প্ৰেয়সীয়ে আপোনাক বা যদি আপুনি যুৱতী তেন্তে আপোনাৰ প্ৰেমিকক পানীপুৰী খোৱাৰ বাবে খাটনি ধৰি বা হাতত ধৰি পানীপুৰীৱালাৰ কাষলৈ এবাৰ হ’লেও নিশ্চয় টানি নিছে ৷ নাখাওঁ বুলিলেও এটা হ’লেও পানী পুৰী প্ৰেমিকৰ মুখত গুজি দিছে নিশ্চয় ! ইয়াৰ সোৱাদ লোৱা জনেহে জানে ৷
পিচে ৰ’ব, পানীপুৰী খাই ভালপোৱা সকলৰ বাবে এইখিনিতে আছে এটা দুখৰ খবৰ ৷ এটা গৱেষণাত পানীপুৰী সন্দৰ্ভত এনে এক তথ্য আহিছে যি আপোনাক হতচকিত কৰি তুলিব ৷ পৰীক্ষাগাৰত পানীপুৰীত এনে এক দ্ৰব্যৰ সন্ধান পোৱা গৈছে, যি কেৱল হানিকাৰকেই নহয়, অতি ভয়ংকৰ আৰু প্ৰাণনাশকো হ’ব পাৰে ৷ ই কৰ্কট ৰোগৰো কাৰক হ’ব পাৰে ৷
ৰাঁচীৰ নামকুমস্থিত এখন ষ্ট্ৰীট ফুডৰ দোকানৰ পানীপুৰীত ব্যৱহৃত তেতেলী পানীৰ নমুনা এক পৰীক্ষাৰ বাবে গঢ়ৱাৰ খাদ্য সুৰক্ষা বিষয়াই পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ এই পৰীক্ষাৰ প্ৰতিবেদনে সকলোকে আচৰিত কৰি তুলিছে ৷
তেতেলী বা নেমুৰ ৰসযুক্ত পানীত পোৱা গ’ল কাৰখানাত ব্যৱহাৰ কৰা হাইড্ৰ’ক্ল’ৰিক এচিড
আমি সকলোৱে জানো যে পানীপুৰীত এবিধ টেঙাপানীত আলু-মচলা ভৰ্তি পুৰীটো ডুবাই পৰিবেশন কৰা হয় ৷ সাধাৰণতে এই টেঙাপানী তেতেলী আৰু নেমু ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় ৷ কিন্তু খাদ্য সুৰক্ষা বিভাগৰ পৰীক্ষাত ইয়াত ধৰা পৰিছে ভয়ংকৰ দ্ৰব্য ৷ পৰীক্ষাগাৰত পৰীক্ষা কৰা পানীখিনিত চাইট্ৰিক বা টাইট্ৰিক এচিড ধৰা পৰা নাছিল, ধৰা পৰিছিল হাইড্ৰ’ক্ল’ৰিক এচিড ৷ যিটো সাধাৰণতে কাৰখানাত ব্যৱহাৰ কৰা হয় ৷