ETV Bharat / bharat

পত্নীক টুকুৰা টুকুৰকৈ কাটিয়েই ক্ষান্ত নাথাকিল, প্ৰেছাৰ কুকাৰত ৰান্ধিলেও - HYDERABAD MURDER

ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়াৰ নিৰ্মমকাণ্ড । প্ৰথমে পত্নীক হত্যা, তাৰ পিছত মৃতদেহ টুকুৰা টুকুৰকৈ কাটি কুকাৰত ৰান্ধিলে আৰু অৱশিষ্ট পেলাই দিলে পুখুৰীত ।

Hyderabad murder
মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰে নে ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 23, 2025, 3:06 PM IST

হায়দৰাবাদ : তেলেংগানাৰ ৰংগাৰেড্ডী জিলাৰ মীৰপেটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এজন প্ৰাক্তন সেনা জোৱানে নৃশংসভাৱে পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে । কেবল হত্যা কৰাই নহয়, পত্নীৰ মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি প্ৰেছাৰ কুকাৰত ৰান্ধিলে । তাৰ পিছত অৱশিষ্টখিনি পেলাই দিলে সমীপৰ পুখুৰীত । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত প্ৰাক্তন সেনা জোৱান গুৰুমূৰ্তিক ।

এই ঘটনাই সমগ্ৰ ৰাজ্যখনতে আলোড়নৰ সৃষ্টি কৰিছে । জানিব পৰা মতে বিগত ১৬ জানুৱাৰীত গুৰুমূৰ্তি আৰু তেওঁৰ মাতৃয়ে মহিলাগৰাকীৰ নিৰুদ্দেশ সম্পৰ্কে মীৰপেট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । প্ৰথম অৱস্থাত নিৰুদ্দেশ সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । কিন্তু তদন্ত যিমানে আগবাঢ়িল ঘটনাৰ ৰহস্য লাহে লাহে প্ৰকাশ পালে ।

গাৰ্হস্থ্য হিংসাৰ পৰিণতি

অনুসন্ধানকাৰী আৰক্ষীৰ মতে গুৰুমূৰ্তি আৰু মহিলাগৰাকী ১৩ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল । তেওঁলোকৰ দুটা সন্তানো আছে । কিন্তু যোৱা কেইমাহমানৰ পৰা তেওঁলোকৰ সম্পৰ্ক ক্ৰমান্বয়ে বেয়া হ'বলৈ আৰম্ভ কৰে । সঘনাই তৰ্ক-বিতৰ্কও লাগিবলৈ ধৰে । চুবুৰীয়াসকলেও প্ৰায়ে তেওঁলোকৰ কাজিয়া শুনিছিল । কিন্তু মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত অভিযুক্ত গুৰুমূৰ্তিয়ে প্ৰথমে একো নজনাৰ ভাও ধৰিছিল আৰু দাবী কৰিছিল যে পত্নীয়ে নিজেই ঘৰ এৰি গৈছে । অৱশ্যে পাৰিবাৰিক বিবাদৰ কথা গম পাই আৰক্ষীয়ে তেওঁক জেৰা আৰম্ভ কৰে ।

অভিযুক্তৰ ভয়ংকৰ স্বীকাৰোক্তি

নিৰন্তৰ জেৰাৰ অন্তত গুৰুমূৰ্তিয়ে পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে । আৰক্ষীক গুৰুমূৰ্তিয়ে কয় যে ১৫ জানুৱাৰীৰ নিশা কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল । যাৰ বাবে খঙতে তেওঁ পত্নীক আক্ৰমণ কৰে । কিন্তু তাৰ পিছত গুৰুমূৰ্তিয়ে যি কৰিলে অনুসন্ধানকাৰী আৰক্ষীকো হতবাক কৰি তুলিলে । আৰক্ষীক জনোৱা মতে গুৰুমূৰ্তিয়ে তেওঁৰ পত্নীৰ মৃতদেহটো কেইবাটাও টুকুৰাত কাটিছিল । অভিযোগ অনুসৰি তেওঁ পাকঘৰৰ সঁজুলিও ব্যৱহাৰ কৰিছিল । এই অপৰাধ ঢাকি ৰাখিবলৈ আৰু প্ৰমাণ নষ্ট কৰিবলৈ তেওঁ মৃতদেহৰ অংশবোৰ প্ৰেছাৰ কুকাৰত ৰান্ধিছিল । পিছত তেওঁ অৱশিষ্টখিনি পুখুৰীত পেলাই দিছিল ।

আৰক্ষীৰ অনুসন্ধান

ইফালে আৰক্ষী বিষয়া সুৰেশ কুমাৰৰ নেতৃত্বত মীৰপেট আৰক্ষীয়ে যিকোনো প্ৰমাণ উদ্ধাৰ কৰিবলৈ উক্ত পুখুৰীত এক ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে । মৃতদেহটোৰ অৱশিষ্ট বিচাৰি উলিওৱাৰ বাবে ডুবাৰু আৰু ফৰেনচিক বিশেষজ্ঞৰ দলো মোতায়েন কৰা হৈছে । এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয়, "আমি অভিযুক্তৰ দাবীবোৰ সাৱধানে পৰীক্ষা কৰি আছো আৰু সকলো সম্ভাব্য প্ৰমাণ সংগ্ৰহ কৰি আছো । আমি সন্মুখীন হোৱা আটাইতকৈ ভয়ংকৰ ঘটনাবোৰৰ ভিতৰত এইটো অন্যতম ।" হত্যাকাণ্ডত ব্যৱহৃত বাচন-বৰ্তন আৰু অন্যান্য সামগ্ৰী ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে । গুৰুমূৰ্তিৰ ঘৰটোও ছীল কৰি তাত অতিৰিক্ত প্ৰমাণৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ।

ভাৰতীয় সেনাত কৰ্মৰত ৪৫ বছৰীয়া গুৰুমূৰ্তিয়ে কেইবছৰমান পূৰ্বে অৱসৰ লৈছিল । বৰ্তমান কাঞ্চনবাগত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত । কিন্তু তেওঁ এনেধৰণৰ কাম কৰিব পাৰে বুলি কোনেও বিশ্বাস কৰিব পৰা নাই । এজন চুবুৰীয়াই কয়, "আমাৰ কোনেও কল্পনা কৰিব পৰা নাছিল যে তেওঁ ইমান ভয়ংকৰ কিবা এটা কৰিব ।"

ইফালে মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালে উচিত ন্যায় দাবী কৰিছে । ঘটনাটোৱে স্থানীয় লোকসকলকো হতবাক কৰি তুলিছে । বহুতে সামাজিক মাধ্যমত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :পৰীক্ষালৈ মাত্ৰ এদিন আছিল; ছাত্ৰই কিয় ল'লে এই সিদ্ধান্ত ! - KOTA STUDENT KILLED HIMSELF

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.