নেশ্যনেল ডেস্ক, 16 জুলাই :জম্মু-কাশ্মীৰত পুনৰ দেশৰ নিৰাপত্তাৰ হকে প্ৰাণ তেজিলে চাৰিগৰাকী বীৰ সেনা জোৱানে ৷ সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যুক সাৱটি লয় সেনা জোৱান চাৰিজনে ৷ এজন সেনা বিষয়া বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷
সোমবাৰে বিয়লিৰ ভাগত জম্মু আৰু কাশ্মীৰৰ ডোডা জিলাত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা ৷ ডোডাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা এই গুলীয়াগুলীত 5 জন সেনা জোৱান আহত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷
জানিব পৰা মতে, এই এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হোৱা 5 জন ভাৰতীয় সেনা জোৱানক সেনা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ সেনাৰ সূত্ৰই জনোৱা মতে চাৰিজন সেনা জোৱানে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে এজন বিষয়াই চিকিৎসালয়ৰ বিচনাত জীৱন আৰু মৃত্যুৰ সৈতে যুঁজ দি আছে ৷