নেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী :গ্ৰেটাৰ নয়ডাৰ ইকোটেক এলেকাত এক হৃদয় বিদাৰক কাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ কোঠাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হয় 4 জনকৈ লোক ৷ ইয়াৰে দুজন পুৰুষ আৰু দুগৰাকী মহিলাৰ মৃতদেহ বুলি আৰক্ষীয়ে জনায় । আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে নয়ডাৰ বাসগৃহত বিবাহিত দম্পতীকে ধৰি চাৰিজন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় আৰু শ্বাসৰুদ্ধকৰ অৱস্থাই তেওঁলোকৰ মৃত্যুৰ কাৰণ বুলি প্ৰথমিকভাৱে ধাৰণা কৰা হৈছে ।
ইকোটেক ৩ থানাৰ সীমাৰ ভিতৰত অৱস্থিত টুছিয়ানা গাঁৱত পৰিয়ালটোৱে ভাড়া কৰি আছিল আৰু আটাইকেইজনক এটা কোঠাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে বুলি এজন বিষয়াই জনায় ।
চেন্ট্ৰেল নয়ডাৰ 3 ৰ সহকাৰী আৰক্ষী আয়ুক্ত সুমিত শুক্লাই কয়, "চন্দ্ৰেশ সিং, তেওঁৰ পত্নী নিশা, ভাতৃ ৰাজেশ আৰু ভগ্নী বাবলি আটাইকেইজনেই 20 বছৰীয়া ।" তেওঁ লগতে কয় যে বিয়লি 7 মান বজাত ওচৰ-চুবুৰীয়া লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক জনাইছিল । কোঠাটোৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰাৰ পিছতে চুবুৰীয়াই আৰক্ষীক জনাইছিল বুলি শুক্লাই জানিবলৈ দিয়ে ।