মেষ ৰাশি: নতুন কাম বা যোজনা আৰম্ভ কৰিবৰ বাবে এটা ভাল দিন ৷ দিনটোৰ মাজত সফলতা বৃদ্ধি পাব পাৰে ৷ দিনটোৰ প্ৰথম ভাগত যথেষ্ট সমস্যা হ’ব পাৰে, কিন্তু ধৈৰ্য ধৰক ৷ দিনৰ পিছৰভাগ শান্ত আৰু সুখৰ হ’ব ৷ ধ্যান বা যোগাসন কৰিব পাৰে, ই আপোনাক শান্ত কৰিব ৷ বিৰক্তিকৰ বিবাদ আৰু কাজিয়াৰ পৰা হাত সাৰিবৰ বাবে নিজৰ বক্তব্য আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক ৷ কথা কোৱাৰ আগতে ভাবক ৷ আপোনাৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখক, জাংকফুড গ্ৰহণ নকৰিব ৷
বৃষ ৰাশি:দিনটোৰ আৰম্ভণি সুখী-ভাগ্যৱান অনুভৱেৰে আৰম্ভ হ’ব, যদিও সম্পূৰ্ণ দিনটো এনেদৰেই থকাটো সম্ভৱপৰ নহ’বও পাৰে ৷ বন্ধু তথা প্ৰিয়জনৰ লগত বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ অদৰকাৰী কাজিয়া-বিবাদৰ পৰা আঁতৰত থাকক ৷ ক্ৰোধ নিয়ন্ত্ৰণহীন হ’লে কথাবোৰ বেয়ালৈ ঢাল খাব পাৰে ৷ আপোনাৰ স্বাস্থ্যৰ যত্ন লওক ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ ধ্যান-সাধনা আৰু যোগাসনে এটা কঠোৰ দিনৰ যন্ত্ৰণা হ্ৰাস কৰিব ৷
মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ নিশ্চিতভাৱে এই আনন্দদায়ক দিনটোৰ সুবিধা গ্ৰহণ কৰিব আৰু বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ কাৰ্যালয়ত দিনটো ভালদৰে পাৰ হ’ব ৷ আপোনাৰ ভিতৰৰ ইতিবাচক শক্তিয়ে সকলো দিশতে জয় লাভ কৰাৰ এক মনোভাৱ প্ৰদান কৰিব ৷ সহকৰ্মীসকলেও সহায়ৰ হাত আগবঢ়াব ৷
কৰ্কট ৰাশি:দিনটো শুভ হ’ব ৷ অৱশ্যে পেটৰ অসুখ হ’ব পাৰে, নিশ্চিত কৰক যে আপুনি বাহিৰত খাদ্য গ্ৰহণ কৰি সংক্ৰমণৰ চিকাৰ নহয় ৷ মধ্যাহ্নৰ পিছত বিৰক্তিকৰ পুৱাৰ অৱসান ঘটিব আৰু মানসিক-শাৰীৰিক স্বাস্থ্যৰ উন্নতি হোৱা দেখা যাব ৷ কাৰ্যালয়ত বন্ধুত্বপূৰ্ণ পৰিৱেশ থাকিব আৰু সহকৰ্মীসকলে সহায় আগবঢ়াব ৷ দিনটোৰ পিছৰ ভাগত আপুনি অসম্পূৰ্ণ কাম সমাপ্ত কৰিব পাৰিব ৷
সিংহ ৰাশি:আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ'ব ৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক ৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক মৰ্যদা বৃদ্ধি হ'ব ৷ খং ত্যাগ কৰি সাহসেৰে নিজৰ কথা ব্যক্ত কৰক ৷ শৰীৰে অলপ বাধাৰ সৃষ্টি কৰিব ৷
কন্যা ৰাশি: চাব যাতে আজি কাৰো সৈতে অযথা কথাত কাজিয়াৰ সূত্ৰপাত নহয় ৷ মানসিক অশান্তিয়ে শাৰীৰিক অসুস্থতা বৃদ্ধি কৰিব ৷ সৰু কথাতে বন্ধুৰ লগত মতবিৰোধ হ'ব পাৰে ৷ ধৰ্মীয় কামত ধন খৰচ হ'ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্থুল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷