মেষ ৰাশি:ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ যুগ্ম জীৱন সুখ সমৃদ্ধিৰে ভৰা হ’ব ৷ পৰিয়ালৰ লগত সুখৰ মুহূৰ্ত বিশেষকৈ পত্নীৰ লগত কটোৱা সুন্দৰ সময়ে আপোনাক অধিক সবল কৰিব ৷ ধনৰ আগমন আৰু ভ্ৰমণৰ যোগ আছে ৷ পত্নীৰ লগত বিবাদ হ’ব পাৰে ৷ আপোনাৰ কাম-দক্ষতাৰ বাবে কোনো সুবিধা লাভ কৰিব ৷ অনাহক আলোচনা আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ ভ্ৰমণৰ বাবে উত্তম সময় যান বাহন কিনিবলৈ আগবাঢ়িব পাৰে ৷
বৃষ ৰাশি:গণেশৰ কৃপাত শৰীৰ আৰু মানসিক দিশৰ পৰা সুন্দৰ দিন ৷ ধনাগমন আৰু ভৌতিক সফলতাই আপোনাৰ মনক উৎফুল্লিত কৰি ৰাখিব ৷ নতুন কামৰ পৰিকল্পনা কৰক সফল হ’ব ৷ আপোনাৰ সফলতাত আপুনি নিজে আনন্দিত হ’ব ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ পাব ৷ আগৰ পৰা ভুগি অহা ৰোগৰ পৰা আৰোগ্য লাভ কৰিব ৷ কামৰ চাপ আচৰিত ধৰণে কম অনুভৱ কৰিব ৷
মিথুন ৰাশি:আজি আপোনলোকৰ বাবে বৰ ভাল দিন নহয় ৷ আপোনাৰ ওপৰত পৰিবেশৰ চাপ অনুভৱ কৰিব আৰু সেই চাপে আপোনাৰ কামত প্ৰভাৱ পেলাব ৷ পেটৰ জ্বলা পোৰা আদি কষ্ট পোৱা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ নতুন কাম আৰম্ভ কৰাৰ পৰা কিছুদিন আঁতৰত থাকক ৷ ব্যৱসায়ৰ ভবাৰ দৰে সকলোক সমাপন হ’ব ৷ অস্বভাৱিক অৱস্থাত পৰিব পাৰে আৰু লাজ পাব পৰে ৷ সন্তানৰ পঢ়া শুনা আৰু ফৰচৰ বাবে চিন্তাত পৰিব ৷ ভ্ৰমণৰ বাবে উত্তম সময় নহয় কিন্তু শৈক্ষিক পৰিবেশ উন্নত মানৰ ৷ যৌন জীৱন সুখৰ ৷
কৰ্কট ৰাশি: দিনটো শুভ ৷ আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে ৷ এই সকলোৰ পৰা পৰিত্ৰাণৰ বাবে কাজিয়া পেচালৰ পৰা আঁতৰি থাকক আৰু পত্নী বা মহিলা সংগীৰ লগত তৰ্ক বিতৰ্কৰ পৰ আঁতৰি থাকক ৷ ধৈয্য ধৰক আৰু সোঁতত উটি যাওক, পাৰ পাব ৷
সিংহ ৰাশি: ভাল শৰীৰ আৰু ভাল পাৰিবাৰিক সময়ে আপোনাৰ দিন শুভ কৰিব ৷ ভাগ্য উদয়ৰ দিন, ভাতৃ ভগ্নীৰ লগত আৰু প্ৰেয়সীৰ লগত সময় কটোৱাৰ উত্তম সময় ৷ ভাল পোৱা ব্যক্তিৰ লগত ভ্ৰমণ শুভ হ’ব ৷ ভাতৃ ভগ্নীৰ বিশ্বাস লাভ কৰিব ৷ কৰ্মত সফলতা ৷ বিবাহৰ বাবে উপযুক্ত সময় ৷ কলাৰ লগত জড়িতসকলৰ বাবে উত্তম সময় ৷ আপুনি আপোনাৰ সুপ্ত প্ৰতিভাক জাগ্ৰত কৰিব পাৰে ৷
কন্যা ৰাশি:পলমকৈ হ’লেও আপুনি কৰা কামৰ বাবে সফলতা লাভ কৰিব, তাৰ লগে লগে শাৰীৰিক আৰু ভৌতিক দিশত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব ৷ আপুনি সফলতাৰ দিশত আগবাঢ়িব আৰু প্ৰিয় সংগীৰ লগত ভ্ৰমণৰ আনন্দ লাভ কৰিব পাৰিব ৷ হাতলৈ প্ৰচুৰ ধনৰ আগমন হ’ব ৷ সকলোৰে মাজত আপুনি জিলিকি উঠিব আৰু আজি আপুনি মিঠা মাতে সকলোকে মোহিত কৰিব পাৰিব ৷ আগুৱাই যাওক , আমদানি ৰপ্তানি ব্যৱসায়ৰ লগত জড়িতসকলে প্ৰচুৰ সফলতা অৰ্জন কৰিব পাৰিব ৷