অসম

assam

ETV Bharat / bharat

জল সংকট: অপ্ৰয়োজনীয় কামত পানী ব্যৱহাৰ কৰাৰ বাবে ২২টা পৰিয়ালক ৫ হাজাৰকৈ জৰিমনা - Bengaluru Water Crisis - BENGALURU WATER CRISIS

Bengaluru Water Crisis: চলি থকা পানীৰ সংকটৰ মাজতে কাবেৰীৰ পানী অপ্ৰয়োজনীয় কামত ব্যৱহাৰ কৰাৰ বাবে বেংগালুৰুৰ ২২টা পৰিয়ালক ৫ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে। বাংগালুৰু পানী যোগান আৰু জল ব’ৰ্ডে সামূহিকভাৱে জৰিমনা হিচাপে ১.১ লাখ টকা সংগ্ৰহ কৰে ।

BENGALURU WATER CRISIS
২২টা পৰিয়ালক ৫ হাজাৰকৈ জৰিমনা

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 7:25 PM IST

নিউজ ডেস্ক, 25 মাৰ্চ : বেংগালুৰুৰ 22 টা পৰিয়ালক অপ্ৰয়োজনীয় কামত কাবেৰীৰ পানী ব্যৱহাৰ কৰাৰ বাবে 5 হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে ৷ এই ঘটনাত ভাৰতৰ 'ছিলিকন চিটি'ত ভয়ংকৰ জল সংকটৰ দিশটো প্ৰতিফলিত হৈছে ৷

সূত্ৰ অনুসৰি বেংগালুৰুৰ পানী যোগান আৰু পয়প্ৰণালী পৰিষদে (BWSSB) এই পৰিয়ালসমূহৰ পৰা মুঠ 1.1 লাখ টকাৰ জৰিমনা সংগ্ৰহ কৰিছে ৷ সামাজিক মাধ্যমত উত্থাপন হোৱা অভিযোগৰ পিচতে বোৰ্ডে এই পদক্ষেপ গ্ৰহণ কৰে ৷ সামাজিক মাধ্যমত এই লোকসকলৰ বিৰুদ্ধে বাগিচা আৰু বাহন ধোৱাৰ বাবে পানী ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছিল ৷

পানীৰ অভাৱৰ প্ৰতি সঁহাৰি জনাই শেহতীয়াকৈ বি ডব্লিউ এছ এছ বিয়ে 25 মাৰ্চত মহানগৰখনত হোলী উদযাপনৰ বাবে কেতবোৰ নিয়ম জাৰি কৰিছে ৷ ব’ৰ্ডে বাণিজ্যিক আৰু বিনোদন কেন্দ্ৰসমূহক পুল পাৰ্টি বা ৰেইন ডান্সৰ বাবে কাবেৰী বা ব’ৰৱেলৰ পানী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৷

আদেশত কোৱা হৈছে যে, "ব্যৱসায়িক উদ্দেশ্যত ৰেইন ডান্স আৰু পুল পাৰ্টিৰ দৰে মনোৰঞ্জনৰ আয়োজন কৰাটো এই সময়ত উপযুক্ত নহয় ৷ জনস্বাৰ্থত কাবেৰীৰ পানী আৰু ব'ৰৱেলৰ পানী ব্যৱহাৰ কৰাটো নিষিদ্ধ ৷" বি ডব্লিউ এছ এছ বিৰ নিৰ্দেশ অনুসৰি বেংগালুৰুৰ বহু হোটেলে হোলী উৎসৱৰ বাবে কৰা প্ৰচাৰৰ বিষয়বস্তুৰ পৰা ‘ৰেইন ডান্স’ আঁতৰাই পেলাইছে ৷

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই আলোকপাত কৰে যে বেংগালুৰুৱে 2,600 এম এল ডিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে প্ৰতিদিনে প্ৰায় 50 কোটি লিটাৰ পানীৰ নাটনিৰ সন্মুখীন হৈছে ৷ তেওঁ জোৰ দি কয় যে 1,470 এম এল ডি পানী কাবেৰী নদীৰ পৰা আহে, আনহাতে 650 এম এল ডি ব’ৰৱেলৰ পৰা আহৰণ কৰা হয় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- "বেংগালুৰুত 14,000 টা ব'ৰৱেল আছে, ইয়াৰে 6,900 টা শুকাই গৈছে ৷ জলাশয়বোৰ বেদখল কৰা হৈছে বা মৃত্যু হৈছে ৷ বেংগালুৰুত 2,600 এম এল ডি পানীৰ প্ৰয়োজন ৷ ইয়াৰে 1,470 এম এল ডি কাবেৰী নদীৰ পৰা আৰু 650 এম এল ডি ব'ৰৱেলৰ পৰা আহে ৷ আমাৰ প্ৰায় 500 এম এল ডিৰ নাটনি হৈছে ৷"

লগতে পঢ়ক :তামিলনাডুৰ দম্পতীয়ে ৬২ হাজাৰ টকাত ক্ৰয় কৰিলে এটা নাৰিকল - Panguni Uthiram Festival

ABOUT THE AUTHOR

...view details