নেশ্যনেল ডেস্ক, 24 জুলাই:মঙলবাৰে দাখিল কৰা কেন্দ্ৰীয় বাজেটক লৈ শাসকীয় ভাৰতীয় জনতা পাৰ্টিক তীব্ৰ সমালোচনা কৰে বিৰোধী ঐক্যই ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বাজেট ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মৰ্যাদাৰ ওপৰত আক্ৰমণ বুলি উল্লেখ কৰে । ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত এক পোষ্টযোগে কয়, "এই বাজেট ভাৰতৰ ফেডাৰেল গাঁথনিৰ মৰ্যাদাৰ ওপৰত আক্ৰমণ ৷ ক্ষমতা ৰক্ষাৰ লোভত দেশৰ আন ৰাজ্যৰ প্ৰতি উপেক্ষা কৰা হৈছে ৷ আন ৰাজ্যৰ বিৰুদ্ধে বৈষম্য কৰা হৈছে ।"
শুকুৰবাৰে সদন চৌহদত বাজেটৰ বিৰুদ্ধে INDIA ব্লকৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে । কংগ্ৰেছ সাংসদগৰাকীয়ে এক পোষ্টযোগে কয়, "আজি সংসদ ভৱনৰ চৌহদত NDA ৰ ‘কুৰ্ছি বাচাও বাজেট’ৰ বিৰুদ্ধে ভাৰতৰ ব্লকৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে । "
কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে X যোগে কয়, "কেন্দ্ৰীয় বাজেট কৃষক, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বিৰুদ্ধে আৰু দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বিৰোধী । "কংগ্ৰেছ নেতাগৰাকীয়ে বিৰোধী ব্লকে সদায়ে জনগণৰ হৈ মাত মাতি যাব বুলি আশ্বাস প্ৰদান কৰে ।
আজি সংসদ চৌহদত বাজেটখন "বৈষম্যমূলক" বুলি দাবী কৰি হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে INDIA গোটৰ সাংসদসকলে ৷ সাংসদসকলে "বিৰোধী কুৰ্চি বাচাও বাজেট মুৰ্দাবাদ" শ্লোগান দি কেন্দ্ৰীয় বাজেটৰ তীব্ৰ প্ৰতিবাদ কৰে ।